প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 22 NOV 2024 3:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী এইচ ই মিয়া আমোৰ মোটলীক সাক্ষাৎ কৰে। শীৰ্ষ পৰ্যায়ৰ এই সম্পৰ্কই দুয়োগৰাকী নেতাক ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিশ্চিত কৰা আৰু শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।

নেতা দুগৰাকীয়ে স্বাস্থ্য, ফাৰ্মা, জলবায়ু পৰিৱৰ্তন কাৰ্যপ্ৰণালী, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰী মোটলীয়ে গ্লোবেল ছাউথত ভাৰতৰ নেতৃত্বৰ প্ৰশংসা কৰে। দুয়োগৰাকী নেতাই গোলকীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ সন্দৰ্ভতো মত বিনিময় কৰে।

 

***

MJPS/SR/NB/BB


(रिलीज़ आईडी: 2076001) आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam