তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰসাৰ ভাৰতীৰ অ'টিটি প্লেটফৰ্ম ৱেভছে পৰিয়ালত অমল মনোৰঞ্জন প্ৰদান কৰিব: প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী নৱনীত কুমাৰ চেহগল
ৱেভছে সকলোৰে বাবে সমল আগবঢ়ায়; ভাৰতীয় আৰু যিসকলে তেওঁলোকৰ ভাৰতীয় শিপাৰ সৈতে সংযুক্ত হৈ থাকিব বিচাৰে তেওঁলোকৰ বাবে: প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী
সমগ্ৰ বিশ্বত উপলব্ধ ৰামায়ণৰ বিভিন্ন সংস্কৰণ সন্দৰ্ভত হোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি 'কাকভূষণদি ৰামায়ণ' আগবঢ়াব তৰংগ আৰু দূৰদৰ্শনে
"ৰাষ্ট্ৰীয় সম্প্ৰচাৰক হিচাপে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰিয়ালক অমল মনোৰঞ্জন উপলব্ধ কৰোৱাটো আমাৰ কৰ্তব্য," আজি গোৱাত আইএফএফআইৰ ৫৫ সংখ্যক সংস্কৰণত ৱেভছ অ'টিটি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী নৱনীত কুমাৰ চেহগলে এনেদৰে কয়। প্ৰসাৰ ভাৰতীৰ এটা অ'টিটি প্লেটফৰ্মৰ বাবে প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল । তাৰ ফলশ্ৰুতিতে তৰংগৰ শুভাৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয়, "বাতৰি, খেলৰ বাতৰিৰ উপৰি সাম্প্ৰতিক পৰিক্ৰমা সম্পৰ্কীয় কাৰ্যসূচীসমূহ নাগৰিকৰ ওচৰলৈ লৈ যোৱাত ই সেৱা আগবঢ়াব লাগিব"। শ্ৰী চেহগলে লগতে কয় যে এই মঞ্চখনে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু ইতিহাস প্ৰদৰ্শন কৰিব। ৱেভছ অ'টিটি ডাউনলোড কৰি কেইটামান প্ৰিমিয়াৰ সমলৰ বাহিৰে ইয়াত বিভিন্ন বা-বাতৰি আদি চাবলৈ কোনো মাচুল দিব নালাগে, তেওঁ লগতে কয়।
প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ দ্বিবেদীয়ে কয়, "ৰাজহুৱা সম্প্ৰচাৰকসকলো মঞ্চত উপস্থিত থকাৰ প্ৰয়োজন আছে । তেওঁ কয়- কিয়নো আমি আমাৰ সমগ্ৰ দেশৰ দৰ্শকৰ বাবে তথ্য আৰু সমল উপলব্ধ কৰিব লাগিব।" সকলো ভাৰতীয়ৰ বাবে এই মাধ্যমটো শিপাৰ পৰা আঁতৰি যাবলগীয়া হোৱা, কিন্তু নিজৰ সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থাকিব বিচৰা লোকসকলৰ বাবে যথেষ্ট উপযোগী হ'ব ।
'ফৌজি ২.০ ' ৱেভছ অ'টিটিত উপলব্ধ হ'ব
'ফৌজি ২.০', ১৯৮০ ৰ দশকৰ শ্বাহৰুখ খানৰ প্ৰসিদ্ধ অনুষ্ঠান ফৌজীৰ এক আধুনিক অভিযোজন। অনুষ্ঠানটোৰ প্ৰযোজক সন্দীপ সিং, মুখ্য অভিনেতা গৌহৰ খান, বিকি জৈন আৰু কলাকুশলীসকলেও আজি সংবাদমেলত অংশগ্ৰহণ কৰে । এই নতুন প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি অভিনেতা গৌহৰ খানে কয়, "ফৌজী ২-এ ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু সুৰক্ষা দিয়া লোকসকলৰ জীৱনৰ কথা প্ৰতিফলিত কৰিব "। দূৰদৰ্শনৰ বিষয়ে ক'বলৈ গৈ , অভিনেতা বিকি জৈনে কয় যে ডিডিৰ সকলো অনুষ্ঠান নিজৰ বাবে এক ব্ৰেণ্ড। তেওঁ লগতে কয়, "মহামাৰীৰ সময়ত আমাৰ বহুতে ৰামায়ণ আৰু মহাভাৰতক পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিছে"। তেওঁ কয়, ডিডিয়ে সেই দৰ্শকসকলক সামৰি লয় যাৰ কেবল টিভিৰ সুবিধা নাই। মেৰী কম, আলিগড় আৰু সৰবজিতৰ দৰে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সুপৰিচিত সন্দীপ সিঙে মত প্ৰকাশ কৰে যে ডিডিৰ প্লেটফৰ্মত কাৰ্যসূচী প্ৰদৰ্শন কৰিব পৰাটো এক সন্মানৰ বিষয়।
ডিডি নেচনেলত আৰম্ভ হোৱা নতুন মূল অনুষ্ঠান 'কাকভূষণদি ৰামায়ণো' ৱেভছ অ'টিটিত উপলব্ধ হ'ব
প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক ৰামানন্দ সাগৰৰ নাতি শ্ৰী শিৱ সাগৰেও এই সংবাদমেলত উপস্থিত থাকে আৰু মহাকাব্যৰ শৃংখলাটোৱে কেনেদৰে যুৱ দৰ্শকসকলক আকৰ্ষিত কৰিব সেই বিষয়ে তেওঁৰ অন্তৰ্দৃষ্টিৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে কেনেকৈ সমগ্ৰ বিশ্বত ৰামায়ণৰ ৩৫০ তকৈও অধিক সংস্কৰণ 'কাকভূষণদী ৰামায়ণ' নিৰ্মাণৰ বাবে গৱেষণা কৰা হৈছিল। তেওঁ লগতে কয়, "শ্ৰেষ্ঠ কাহিনীবোৰ নতুন ধৰণে লোৱা হৈছে আৰু চিত্ৰিত কৰা হৈছে।" ৱেভছ অ'টিটিৰ বিষয়ে ক'বলৈ গৈ শ্ৰী শিৱ সাগৰে কয়, ভাৰতৰ সমৃদ্ধ ইতিহাসে ইয়াত এক উপযুক্ত মঞ্চ বিচাৰি পাব।
ৱেভছ অ'টিটি প্লেটফৰ্ম
গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) উদ্বোধনী অনুষ্ঠানত কালি গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীৰ 'ৱেভছ' অভাৰ-দ্য-টপ (অ'টিটি) প্লেটফৰ্ম মুকলি কৰে। মঞ্চখন মুকলি কৰাৰ লগে লগে ভাৰতৰ প্ৰতিষ্ঠিত ৰাজহুৱা সম্প্ৰচাৰক দূৰদৰ্শনে ডিজিটেল ষ্ট্ৰীমিং সেৱাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নতুন প্লেটফৰ্মত প্ৰৱেশ কৰিলে । এই প্লেটফৰ্মৰ লক্ষ্য হৈছে আধুনিক ডিজিটেল ট্ৰেণ্ডবোৰ গ্ৰহণ কৰাৰ সময়ত ঐতিহাসিক সমল আৰু সমসাময়িক বিষয়ৰ এক সমৃদ্ধ সংমিশ্ৰণ আগবঢ়াই মানুহৰ মনত নষ্টালজিয়া পুনৰুজ্জীৱিত কৰা।
'ৱেভছ'-এ এক বৃহৎ অ'টিটি হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত ভাৰতীয় সংস্কৃতিক আন্তৰ্জাতিক দৃষ্টিভংগীৰে উপস্থাপন কৰা হৈছে , ১২+ ভাষাত - হিন্দী, ইংৰাজী, বঙালী, মাৰাঠী, কানাড়া, মালায়ালম, তেলেগু, তামিল, গুজৰাটী, পাঞ্জাৱী, অসমীয়া ভাষাত । ইয়াক ১০ + শৈলীৰ ইনফোটেইনমেণ্টৰ সমাহাৰ ঘটিছে। ই চাহিদা অনুসৰি ভিডিঅ', ফ্ৰী-টু-প্লে গেমিং, ৰেডিঅ' ষ্ট্ৰীমিং, লাইভ টিভি ষ্ট্ৰীমিং, ৬৫ টা লাইভ চেনেল, ভিডিঅ' আৰু গেমিং সমলৰ বাবে এপ একত্ৰীকৰণৰ কেইবাটাও এপ আৰু অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ (অ'এনডিচি) সমৰ্থিত ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে অনলাইন শ্বপিঙৰ সুবিধা প্ৰদান কৰিব।
ৱেভছৰ বিষয়ে অধিক তথ্য জানিবলৈ , অনুগ্ৰহ কৰি পঢ়ক: https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2075273
(Release ID: 2075966)
Visitor Counter : 8