প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
06 NOV 2024 1:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডনাল্ড ট্ৰাম্পক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰীত্বঅধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন সহযোগিতাৰ বাবে আশাবাদী।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছিল:
" এই ঐতিহাসিক বিজয়ৰ বাবে মোৰ বন্ধু @realDonaldTrump,আপোনাকআন্তৰিক অভিনন্দন। আপুনি আপোনাৰ পূৰ্বৰ কাৰ্যকালৰ সফলতাৰ ওপৰত ভিত্তি কৰিএই বিজয় সাব্যস্ত কৰিছে আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ বাবে আমাৰ সহযোগিতাৰ নৱীকৰণৰ বাবে মই আশাবাদী। আঁহক, আমি একেলগে আমাৰ জনসাধাৰণৰ উন্নতিৰ লগতে বিশ্বব্যাপী শান্তি, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধিৰ হকে কাম কৰোঁ ।"
Heartiest congratulations my friend @realDonaldTrump on your historic election victory. As you build on the successes of your previous term, I look forward to renewing our collaboration to further strengthen the India-US Comprehensive Global and Strategic Partnership. Together,… pic.twitter.com/u5hKPeJ3SY
— Narendra Modi (@narendramodi) November 6, 2024
*************
MJPS/SR/NB/ID
(रिलीज़ आईडी: 2071181)
आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Manipuri
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam