গৃহ মন্ত্ৰালয়
চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ত এইবাৰ ২৯ অক্টোবৰত আয়োজন কৰা হ’ব ‘একতাৰ বাবে দৌৰ’
আকাশবাণীত সম্প্ৰচাৰিত ‘মন কী বাত’ত এই কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দীপাৱলীৰ বাবে এইবাৰ ‘একতাৰ বাবে দৌৰ’ ২৯ অক্টোবৰ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব
প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক ব্যাপক হাৰত অংশগ্ৰহণ কৰাৰ লগতে দেশৰ ঐক্যৰ মন্ত্ৰৰ লগতে সকলোতে ফিটনেছৰ মন্ত্ৰ বিয়পোৱাৰ আহ্বান
‘ৰাষ্ট্ৰীয় একতা দিৱস’ত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৩১ অক্টোবৰত আয়োজন কৰা হ’ব ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰতিজ্ঞা গ্ৰহণৰ কাৰ্যসূচী
Posted On:
27 OCT 2024 9:04PM by PIB Guwahati
চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ত অনুষ্ঠিত হ’বলগীয়া ‘একতাৰ বাবে দৌৰ’ এইবাৰ ২৯ অক্টোবৰত আয়োজন কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণী সম্প্ৰচাৰিত তেওঁৰ ‘মন কী বাত’ কাৰ্যসূচীত এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী দীপাৱলী উৎসৱৰ সৈতে একেলগে পৰিছে। তেওঁ কয় যে প্ৰতি বছৰে ৩১ অক্টোবৰত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে আমি ‘একতাৰ বাবে দৌৰ’ৰ আয়োজন কৰোঁ। দীপাৱালীৰ বাবে এইবাৰ ‘একতাৰ বাবে দৌৰ’ ২৯ অক্টোবৰ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ব্যাপক হাৰত ইয়াত অংশগ্ৰহণ কৰাৰ লগতে দেশৰ ঐক্যৰ মন্ত্ৰৰ লগতে সকলোতে ফিটনেছৰ মন্ত্ৰ বিয়পাই দিয়াৰ আহ্বান জনায়ষ।
‘ৰাষ্ট্ৰীয় একতা দিৱস’ত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰতিজ্ঞা গ্ৰহণৰ কাৰ্যসূচী অহা ৩১ অক্টোবৰত আয়োজন কৰা হ’ব।
*****
RK/VV/ASH/PS/DB
(Release ID: 2069102)
Visitor Counter : 15