জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

জল শক্তি মন্ত্ৰালয়ৰ ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা, ২০২৪ৰ শুভাৰম্ভ

আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২৪

৯টা শাখাত বঁটা প্ৰদান কৰা হ’ব

Posted On: 24 OCT 2024 12:27PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ৰ জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিকৰণ বিভাগে ৰাষ্ট্ৰীয়পুৰস্কাৰ পৰ্টেলত ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা (এন ডব্লিউ এ), ২০২৪ৰ শুভাৰম্ভ কৰিছে। সকলো আৱেদন কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল (www.awards.gov.in)ৰ জৰিয়তেহে লাভ কৰিব। সাধাৰণ জনতাই অধিক বিৱৰণৰ বাবে এই পৰ্টেল বা এই বিভাগৰ ৱেবছাইট (www.jalshakti-dowr.gov.in) চাব পাৰে। আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২৪।

বঁটাৰ বাবে যোগ্যতাঃ

যিকোনো ৰাজ্য, জিলা, গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় সংস্থা, বিদ্যালয়/মহাবিদ্যালয়, প্ৰতিষ্ঠান (বিদ্যালয়/মহাবিদ্যালয়ৰ বাহিৰে), উদ্যোগ, নাগৰিক সমাজ বা জল ব্যৱহাৰকাৰী সংস্থা, যিয়ে জল সংৰক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত আদৰ্শগত কাম কৰিছে, তেওঁলোকে এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব।

ট্ৰফী আৰু প্ৰশস্তি পত্ৰঃ

শাখা-‘শ্ৰেষ্ঠ ৰাজ্য’ আৰু ‘শ্ৰেষ্ঠ জিলা’ৰ বাবে বিজয়ীসকলক ট্ৰফী আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হ’ব। বাকী শিতানত-'শ্ৰেষ্ঠ গাঁও পঞ্চায়ত', 'শ্ৰেষ্ঠ নগৰীয়া স্থানীয় সংস্থা', 'শ্ৰেষ্ঠ বিদ্যালয়/মহাবিদ্যালয়', 'শ্ৰেষ্ঠ প্ৰতিষ্ঠান (বিদ্যালয়/মহাবিদ্যালয়ৰ বাহিৰে)', 'শ্ৰেষ্ঠ উদ্যোগ', 'শ্ৰেষ্ঠ নাগৰিক সমাজ', 'শ্ৰেষ্ঠ নাগৰিক সমাজ, শ্ৰেষ্ঠ পানী ব্যৱহাৰকাৰী সংস্থা’, আৰু ‘শ্ৰেষ্ঠ উদ্যোগ’ৰ বিজয়ীসকলক ট্ৰফী আৰু প্ৰশস্তি পত্ৰৰ লগতে নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় ৰেংকৰ বিজয়ীসকলৰ নগদ পুৰস্কাৰ ক্ৰমে ২ লাখ, ১.৫ লাখ  আৰু ১ লাখ টকা।

নিৰ্বাচন প্ৰক্ৰিয়াঃ

ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে লাভ কৰা সকলো আবেদন জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিকৰণ বিভাগ (DoWR, RD & GR)ৰ এখন স্ক্ৰীনিং কমিটীয়ে তদন্ত কৰে। সংক্ষিপ্ত তালিকাভুক্ত আবেদনসমূহ অৱসৰপ্ৰাপ্ত সচিব পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত জুৰী কমিটীৰ সন্মুখত ৰখা হয়। ইয়াৰ পিছত সংক্ষিপ্ত তালিকাভুক্ত আবেদনসমূহৰ চৰজমিন প্ৰতিবেদনৰ ভিত্তিত জল সম্পদ বিভাগ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ অৰ্থাৎ কেন্দ্ৰীয় জল আয়োগ (চি ডব্লিউ চি) আৰু কেন্দ্ৰীয় ভূগৰ্ভস্থ পানী ব’ৰ্ড (চি জি ডব্লিউ বি)ৰ সংস্থাসমূহে কৰে। জুৰী কমিটীয়ে চৰজমিন প্ৰতিবেদনৰ ভিত্তিত আবেদনসমূহৰ মূল্যায়ন কৰে আৰু বিজয়ীসকলক পৰামৰ্শ দিয়ে। সমিতিৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীক অনুমোদনৰ বাবে দাখিল কৰা হয়। উপযুক্ত তাৰিখত বিজয়ীসকলৰ নাম ঘোষণা কৰা হয় আৰু বঁটা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় য’ত বিজয়ীসকলক ভাৰতৰ ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান কৰে।

 

বঁটাৰ সবিশেষঃ

ক্ৰ.নং

বঁটাৰ শাখা

যোগ্য প্ৰতিষ্ঠান

বঁটা

বঁটা/প্ৰাইজমানী সংখ্যা

১.

শ্ৰেষ্ঠ ৰাজ্য

ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল

ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

২.

শ্ৰেষ্ঠ জিলা

জিলা প্ৰশাসন/ডিএম/ডিচি

ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৫টা বঁটা

 

(প্ৰতি পাঁচটা মণ্ডলত এটাকৈ; অৰ্থাৎ উত্তৰ, দক্ষণি, পশ্চিম, পূব আৰু উত্তৰ-পূব

৩.

শ্ৰেষ্ঠ গাওঁ পঞ্চায়ত

গাঁও পঞ্চায়ত

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

৪.

শ্ৰেষ্ঠ নগৰীয়া নিকায়

নগৰীয়া নিকায় সংস্থা

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

৫..

শ্ৰেষ্ঠ বিদ্যালয় বা মহাবিদ্যালয়

বিদ্যালয়/ মহাবিদ্যালয়

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

৬.

শ্ৰেষ্ঠ প্ৰতিষ্ঠান

(বিদ্যালয়/মহাবিদ্যালয়ৰ বাহিৰে)

প্ৰতিষ্ঠান/আৰডব্লিউএ/ধৰ্মীয় প্ৰতিষ্ঠান

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

(i) ২টা বঁটা চৌহদৰ ব্যৱহাৰৰ বাবে(প্ৰথম পুৰষ্কাৰ ২ লাখ টকা; দ্বিতীয় পুৰষ্কাৰঃ ডেৰ লাখ টকা)

(ii) এটা পুৰষ্কাৰ চৌহদৰ বাহিৰে (পুৰষ্কাৰঃ ২লাখ)

৭.

শ্ৰেষ্ঠ উদ্যোগ

লঘু/মজলীয়া/ গুৰু উদ্যোগ

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

৮.

শ্ৰেষ্ঠ নাগৰিক সমাজ

পঞ্জীয়নভুক্ত এনজিঅ’/নাগৰিক সমাজ

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

৯.

শ্ৰেষ্ঠ পানী ব্যৱহাৰকাৰী সংস্থা

পানী ব্যৱহাৰকাৰী সংস্থা

নগদ পুৰষ্কাৰ আৰু ট্ৰফী আৰু প্ৰশস্তি পত্ৰ

৩টা বঁটা

 

প্ৰথম পুৰষ্কাৰঃ ২লাখ টকা

দ্বিতীয় পুৰষ্কাৰঃ ১.৫ লাখ টকা

তৃতীয় পুৰষ্কাৰঃ ১ লাখ টকা

 

চৰকাৰৰ দৃষ্টিভংগী ‘জল সমৃদ্ধ ভাৰত’ পূৰণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ৰাজ্য, জিলা, ব্যক্তি, সংগঠন আদিয়ে কৰা দৃষ্টান্তমূলক কাম-কাজ আৰু প্ৰচেষ্টাক স্বীকৃতি আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় জল বঁটা (এনডব্লিউএ) প্ৰৱৰ্তন কৰা হয়। ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণক পানীৰ গুৰুত্বৰ বিষয়ে সংবেদনশীল কৰি তোলা আৰু পানী ব্যৱহাৰৰ উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগোৱা। বিভিন্ন শাখাৰ বঁটা বিজয়ীসকলক প্ৰশস্তি, ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হ’ব। ৰাষ্ট্ৰীয় জল বঁটাৰ উদ্দেশ্য হৈছে দেশৰ জলসম্পদ ব্যৱস্থাপনাৰ দিশত অংশীদাৰসকলক এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা, কিয়নো জলচক্ৰত ভূপৃষ্ঠৰ পানী আৰু ভূগৰ্ভস্থ পানীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই লক্ষ্যসমূহ গ্ৰহণ কৰিবলৈ বিভাগটোৱে ২০১৮ চনত ৰাষ্ট্ৰীয় জল বঁটাৰ প্ৰথম সংস্কৰণ প্ৰৱৰ্তন কৰে। প্ৰথম ৰাষ্ট্ৰীয় জল বঁটা, ২০১৮ত ১৪টা শাখাত ৮২ গৰাকী বিজয়ীক বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছত ২০১৯চনত ১৬টা শাখাত ৯৮ গৰাকী বিজয়ীক দ্বিতীয় ৰাষ্ট্ৰীয় জল বঁটা, ২০২০ চনত ১১টা শাখাৰ অন্তৰ্গত ৫৭ গৰাকী বিজয়ীক তৃতীয় ৰাষ্ট্ৰীয় জল বঁটা, ২০২২ চনত ১১টা শাখাৰ অন্তৰ্গত ৪১ গৰাকী বিজয়ীক আৰু ২০২৩চনত ০৯টা শাখাত ৩৮ গৰাকী বিজয়ীক পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান কৰা হয়। কভিড মহামাৰীৰ বাবে ২০২১ চনৰ বাবে ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান কৰা হোৱা নাছিল।

*****

DSK/DB




(Release ID: 2068148) Visitor Counter : 6