প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 11 OCT 2024 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ অক্টোবৰ, ২০২৪-ত ভিয়েন্টিয়ানত অনুষ্ঠিত পূব এছিয়া সন্মিলনৰ আঁৰত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী পেটংটাৰ্ন শ্বিনাৱাট্ৰাৰ সৈতে মিলিত হয়। এয়া আছিল দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত প্ৰথমখনি বৈঠক।

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক কাৰ্য্যভাৰ গ্ৰহণৰ বাবে অভিনন্দন জনায়। তেৱোঁ প্ৰধানমন্ত্ৰী মোদীক ঐতিহাসিক তৃতীয়টো কাৰ্য্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই একাধিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কে আলোচনা কৰে। উপ-আঞ্চলিক, আঞ্চলিক আৰু বহুপক্ষীয় মঞ্চত ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ উপায় সন্দৰ্ভতো মত-বিনিময় কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে বিমষ্টেকৰ জৰিয়তে আঞ্চলিক সহযোগিতা সুদৃঢ়কৰণৰ বিষয়ে আলোচনা কৰে।


থাইলেণ্ডৰ সৈতে ভাৰতৰ সম্পৰ্ক হৈছে এই বছৰ এটা দশক উদযাপন কৰা ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ।

***

MJPS/SR/SB


(रिलीज़ आईडी: 2067807) आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam