পোষ্ট কৰা হৈছে:
20 SEP 2024 12:30PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ নিজা বাসগৃহত ছত্তীশগড়ৰ মাওবাদীৰ হিংসাৰ বলি হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। সেইসকলৰ ভিতৰত শান্তি সমিতিৰ তত্বাৱধানত ছত্তীশগড়ৰ মাওবাদী প্ৰভাৱিত অঞ্চলৰ মাওবাদীৰ দ্বাৰা সংঘটিত হিংসাত ক্ষতিগ্ৰস্ত ৫৫জনীয়া দল আছিল।
বাষ্টাৰ শান্তি সমিতিয়ে ছত্তীশগড়ত মাওবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰি এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰে। একাংশ ভুক্তভোগীয়ে গৃহমন্ত্ৰীক নিজৰ দুখ-কষ্টৰ কথা অৱগত কৰে।

মাওবাদীৰ হিংসাৰ বলি হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে মোদী চৰকাৰৰ নীতিৰ বাবে মাওবাদী এতিয়া ছত্তীশগড়ৰ কেইখনমান জিলাতে সীমাবদ্ধ হৈ আছে। শ্ৰী শ্বাহে কয় যে মাওবাদীসকল মানৱতা আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা দুয়োটাৰে বাবে ভাবুকি।
শ্ৰী অমিত শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছত্তীশগড় চৰকাৰৰ নেতৃত্বত ভাৰত চৰকাৰে অহা তিনিমাহত মাওবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে ছত্তীশগড়কে ধৰি সমগ্ৰ দেশৰ মাও উগ্ৰবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলে স্বাস্থ্য, কৰ্মসংস্থাপনৰ সুবিধা আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মাওবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ উন্নয়নমূলক আঁচনিৰ জৰিয়তে মোদী চৰকাৰে মাওবাদীক এটা বাৰ্তা দিছে যে যিজনে কাৰোবাৰ জীৱন ৰক্ষা কৰে তেওঁ হত্যা কৰাজনতকৈ ডাঙৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মাওবাদীৰ মানৱ অধিকাৰৰ পোষকতা কৰাসকলে মাওবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা জনসাধাৰণৰ মানৱ অধিকাৰৰ কথাও চিন্তা কৰিব লাগে।

গৃহমন্ত্ৰীয়ে মাওবাদীসকলক হিংসাৰ পথ এৰি সমাজৰ মূলসুঁতিত যোগদান কৰিবলৈ আহ্বান জনায়। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লগে লগে বাষ্টাৰ পুনৰ সুন্দৰ, শান্তিপূৰ্ণ আৰু বিকশিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
*****
RK/VV/PR/PS/DB