তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিশেষ অভিযান ৪.০ত অংশগ্ৰহণৰ প্ৰস্তুতি চলাইছে
                    
                    
                        স্বচ্ছতা বিষয়ক উন্নয়ন আৰু অমীমাংসিত বিষয়সমূহৰ নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপেৰে ২০২৪ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ চলিব এই অভিযান
                    
                
                
                    Posted On:
                19 SEP 2024 9:31AM by PIB Guwahati
                
                
                
                
                
                
                মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু চৰকাৰৰ অমীমাংসিত বিষয়বোৰ হ্ৰাস কৰাৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ ক্ষেত্ৰ কাৰ্যালয়বোৰৰ সৈতে ২০২৪ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৪.০ত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে, যাৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা, অমীমাংসিত গোচৰৰ নিষ্পত্তি, উন্নত স্থান ব্যৱস্থাপনা আৰু যোগাযোগৰ বিভিন্ন মাধ্যমৰ দ্বাৰা সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। 
মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে ২০২৪ চনৰ ৬ ছেপ্টেম্বৰত সকলো সংবাদ মাধ্যমৰ মুৰব্বীৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে, যত অমীমাংসিত গোচৰৰ নিষ্পত্তিৰ বাবে বিশেষ অভিযান ৪.০ ৰূপায়ণৰ প্ৰস্তুতি সম্পৰ্কীয় অগ্ৰগতি আৰু চৰকাৰৰ দৃষ্টিভংগীৰে সমগ্ৰ ভাৰতভিত্তিক বিভিন্ন অনুষ্ঠানৰ প্ৰচাৰৰ আলোচনা কৰা হৈছিল। 
বিশেষ অভিযান ৩.০
বিশেষ অভিযান ৩.০ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ব্যাপক সফলতা লাভ কৰিছিল। মুঠ ১০১৩টা আউটডৰ অভিযান চলোৱা হৈছিল আৰু ১৯৭২টা স্থান চিনাক্ত কৰি পৰিষ্কাৰ কৰা হৈছিল। ২৮,৫৭৪টা ফাইল বিলোপ কৰা হৈছিল। ২.০১ লাখ কিলোগ্ৰাম স্ক্ৰেপ নিষ্কাশন কৰাৰ লগতে ৩.৬২ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰা হৈছিল। মন্ত্ৰালয়ে অন্যান্য সাফল্যকে ধৰি চিপিজিআৰএমএছৰ অধীনত ৰাজহুৱা অভিযোগ, ৰাজহুৱা অভিযোগ সম্পৰ্কীয় আবেদন নিষ্পত্তি কৰাৰ ক্ষেত্ৰত ১০০% লক্ষ্যত উপনীত হৈছিল।
২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৪ চনৰ আগষ্টলৈকে সফল্যবোৰ
এই সময়ছোৱাত মন্ত্ৰালয়ে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়াৰ বাবে আৰু অমীমাংসিত বিষয়সমূহ নিষ্পত্তিৰ একেই গতি অটুট ৰাখিবলৈ নিৰন্তৰ প্ৰয়াস চলাইছে।
এই সময়ছোৱাৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ এনেধৰণৰ-
• স্ক্ৰেপ নিষ্কাশনৰ পৰা উপাৰ্জন কৰা ৰাজহ ১.৭৬ কোটি টকা
• ১.৪৭ লাখ কিলোগ্ৰাম স্ক্ৰেপ নিষ্কাশন
• ১৮,৫২০টা ভৌতিক ফাইল বিলোপ কৰা 
• ১১০খন বাহন আঁতৰাই পেলোৱা
• ২৪২২টা স্থান পৰিষ্কাৰ কৰা
•  ৩৩,৫৪৬ বৰ্গফুট ঠাই মুকলি কৰা 
• মুঠ ১৩৪৫টা আউটডৰ অভিযান চলোৱা হৈছিল
•  ৩০৪৪টা ৰাজহুৱা অভিযোগ আৰু ৭৩৭ টা আবেদন নিষ্পত্তি কৰা হৈছে
 
*****
Kshitij Singha/KD
 
                
                
                
                
                
                (Release ID: 2056700)
                Visitor Counter : 68
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali-TR 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Malayalam