তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ই-চিনেপ্ৰমাণত “অভিগম্যতা মান” মডিউল সফলতাৰে সংযোজন


শ্ৰৱণক্ষমতাহীন আৰু দৃষ্টিশক্তিহীনসকলৰ বাবে বৈশিষ্ট্যপূৰ্ণ ফিচাৰ ফিল্মসমূহত কমেও এটাকৈ অভিগম্যতা বৈশিষ্ট্য অন্তৰ্ভুক্ত হ’ব লাগিব

Posted On: 16 SEP 2024 1:28PM by PIB Guwahati

ই-চিনেপ্ৰমাণত “অভিগম্যতা মান”(Accessibility Standards)  মডিউলটো নিৰ্ধাৰিত সময়সীমা অনুসৰিয়েই  অৰ্থাৎ ১৫ ছেপ্টেম্বৰ ২০২৪ৰ পূৰ্ব নিৰ্ধাৰিত সময়   অনুসৰি সফলতাৰে  সংযোজন কৰা হৈছে। ছবিৰ বাবে আবেদনকাৰীসকলে এতিয়া নিৰ্ধাৰিত নীতি-নিৰ্দেশনাত  উল্লেখ কৰা ধৰণে  শ্ৰৱণ ক্ষমতাহীন আৰু দৃষ্টিহীন লোকৰ বাবে প্ৰয়োজনীয় অভিগম্যতা বৈশিষ্ট্যসমূহৰ সৈতে তেওঁলোকৰ ছবিৰ বাবে  আবেদন দাখিল কৰিব পাৰিব।  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৪ চনৰ ১৫ ছেপ্টেম্বৰৰ দিনটো এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ বাবে চূডান্ত দিন  হিচাপে নিৰ্ধাৰণ কৰিছে।

নতুন নিৰ্দেশনা আৰু বৰ্ধিত অভিগম্যতাৰ মান

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চিনেমা উপভোগ কৰাটো অধিক সুখকৰ আৰু সহজ  কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৪ চনৰ ১৫ মাৰ্চত এক বিবৃতিৰ  জৰিয়তে মন্ত্ৰালয়ে শ্ৰৱণশক্তিহীন  আৰু দৃষ্টিশক্তিহীন ব্যক্তিসকলৰ বাবে ছবিঘৰত  বৈশিষ্ট্যপূৰ্ণ ছবিৰ  প্ৰদৰ্শনৰ ক্ষেত্ৰত ছবি উপভোগল কৰাটো সকলোৰে বাবে সহজ কৰি তুলিবলৈ প্ৰযুক্তিৰ

মান বৃদ্ধিৰ লক্ষ্যৰে নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনাসমূহ ব্যৱসায়িক উদ্দেশ্যত ছবিঘৰত প্ৰদৰ্শন কৰা তথা কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডে (চিবিএফচি) প্ৰমাণিত কৰা বৈশিষ্ট্যপূৰ্ণ ছবিসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এটাতকৈ অধিক ভাষাত প্ৰমাণিত হ'বলগীয়া সকলো বৈশিষ্ট্যপূৰ্ণ ছবিয়ে* শ্ৰৱণক্ষমতাহীন আৰু দৃষ্টিশক্তিহীনসকলৰ বাবে অন্ততঃ এটাকৈ অভিগম্যতা বৈশিষ্ট্য প্ৰদান কৰিব লাগিব, অৰ্থাৎ প্ৰদৰ্শিত ছবিৰ দৃশ্যত  লিখিতৰূপত শিৰোনাম (কেপচন) দিব লাগিব আৰু অডিঅ' বিৱৰণ আদি থাকিব লাগিব । যাতে সেই শিৰোনাম চাই বা অডিঅ' বিৱৰণ শুনিয়েই শ্ৰৱণক্ষমতাহীন আৰু দৃষ্টিশক্তিহীনসকল দৰ্শকসকলে ছবি খনৰ বিষয়ে সম্যক ধাৰণা লাভ কৰিব পাৰে।

Kshitij Singha/DM



(Release ID: 2055449) Visitor Counter : 26