গৃহ মন্ত্ৰালয়
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীক "শ্ৰী বিজয়া পুৰম" বুলি পুনৰ নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ দেশবাসীক ঔপনিৱেশিক ছাপৰ পৰা মুক্ত কৰিবলৈ আজি আমি ‘পোৰ্ট ব্লেয়াৰ’ৰ নাম সলনি কৰি "শ্ৰী বিজয়া পুৰম" ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো
আগৰ নামটোত এটা ঔপনিৱেশিক উত্তৰাধিকাৰত্ব থকাৰ বিপৰীতে শ্ৰী বিজয়া পুৰম আমাৰ স্বাধীনতা সংগ্ৰামত অৰ্জন কৰা বিজয় আৰু এই সংগ্ৰামত ‘এ এণ্ড এন’ দ্বীপপুঞ্জই বহণ কৰা অনন্য ভূমিকাৰো প্ৰতীক
আমাৰ স্বাধীনতা সংগ্ৰাম আৰু ইতিহাসত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এক অতুলনীয় স্থান আছে
এসময়ত ‘চোল সাম্ৰাজ্য’ৰ নৌ সেনা ঘাটি হিচাপে কাম কৰা দ্বীপ অঞ্চলটো আজি আমাৰ কৌশলগত আৰু উন্নয়নৰ আকাংক্ষাৰ বাবে গুৰুত্বপূৰ্ণ আধাৰ হ'বলৈ সাজু হৈছে
Posted On:
13 SEP 2024 6:18PM by PIB Guwahati
চৰকাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীক "শ্ৰী বিজয়া পুৰম" বুলি পুনৰ নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে। 'এক্স'-ত এই সন্দৰ্ভত প্ৰেৰণ কৰা এক ‘পোষ্ট’ত গৃহমন্ত্ৰীয়ে কয় যে ঔপনিৱেশিক ছাপৰ পৰা দেশবাসীক মুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ আজি আমি ‘পোৰ্ট ব্লেয়াৰ’ৰ নাম সলনি কৰি "শ্ৰী বিজয়া পুৰম" ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ নামটোত এক ঔপনিৱেশিক উত্তৰাধিকাৰত্ব আছিল, পিচে, শ্ৰী বিজয়া পুৰম আমাৰ স্বাধীনতা সংগ্ৰামত অৰ্জন কৰা বিজয় আৰু এই সংগ্ৰমত ‘এ এণ্ড এন’ দ্বীপপুঞ্জই গ্ৰহণ কৰা অনন্য ভূমিকাৰো প্ৰতীক হব। তেওঁ লগতে কয় যে আমাৰ স্বাধীনতা সংগ্ৰাম আৰু ইতিহাসত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এক অতুলনীয় স্থান আছে। এসময়ত ‘চোল সাম্ৰাজ্য’ৰ নৌ সেনা ঘাটি হিচাপে ভূমিকা পালন কৰা দ্বীপ অঞ্চলটো আজি আমাৰ কৌশলগত আৰু উন্নয়নৰ আকাংক্ষাৰ বাবে গুৰুত্বপূৰ্ণ আধাৰ হ'বলৈ সাজু হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে এয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুজীয়ে আমাৰ ত্ৰিৰঙ্গ পতাকা প্ৰথমতে উৰুওৱা ঠাই আৰু ‘চেলুলাৰ কাৰাগাৰ’ৰ স্থান, য'ত বীৰ সাৱাৰকাৰ জী আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলে এখন স্বাধীন ৰাষ্ট্ৰৰ বাবে সংগ্ৰাম কৰিছিল।
*****
RK / VV / ASH / PS/KB
(Release ID: 2055011)
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam