গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক অনুসৰণ কৰি গৃহ মন্ত্ৰালয়ে দেশত এক সুৰক্ষিত চাইবাৰ স্থান গঢ়াৰ বাবে সংকল্পবদ্ধ হৈছে

ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ(১৪চি)ই চাইবাৰ সুৰক্ষিত দেশ হিচাপে গঢ়ি তুলিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে

চাইবাৰ-সুৰক্ষিত ভাৰত নিৰ্মাণৰ অভিযান ত্বৰান্বিত কৰাৰ বাবে সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে প্ৰখ্যাত অভিনেতা শ্ৰী অমিতাভ বচ্চনক ধন্যবাদ জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

শ্ৰী অমিতাভ বচ্চনে এক ভিডিঅ’ বাৰ্তাত কয় যে ১৪চিয়ে দেশত চাইবাৰ অপৰাধ ৰোধৰ বাবে অদম্যভাৱে কাম কৰি আছে
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অনুৰোধত এই অভিযানত যোগদান কৰা বুলি কয় শ্ৰী অমিতাভ বচ্চনে

Posted On: 11 SEP 2024 3:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক অনুসৰণ কৰি গৃহ মন্ত্ৰালয়ে দেশত এক সুৰক্ষিত চাইবাৰ স্থান গঢ়িবলৈ সংকল্পবদ্ধ হৈছে।

 ‘এক্স প্লেটফৰ্মৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ(১৪চি)ই এই দিশত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ অভিযান ত্বৰান্বিত কৰাৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে প্ৰখ্যাত অভিনেতা শ্ৰী অমিতাভ বচ্চনক ধন্যবাদ জ্ঞাপন কৰে।

মেগাষ্টাৰ শ্ৰী অমিতাভ বচ্চনে তেওঁৰ ভিডিঅ’ বাৰ্তাত কয় যে দেশ আৰু বিশ্বত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ উদ্বেগজনক বিষয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই চাইবাৰ অপৰাধ ৰোধৰ বাবে অহৰহ কাম কৰি আছে। শ্ৰী বচ্চনে লগতে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুৰোধত তেওঁ এই অভিযানত যোগদান কৰিছে। তেওঁ কয় যে আমি সকলোৱে মিলি এই সমস্যাৰ পৰা দেশক মুক্ত কৰিব লাগিব। আমাৰ সামান্য সতৰ্কতা আৰু সাৱধানতাই আমাক চাইবাৰ অপৰাধীৰ পৰা ৰক্ষা কৰিব পাৰে।

******

RK/VV/PR/PS/DB



(Release ID: 2053717) Visitor Counter : 26