প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিৰ ক্ৰাউন প্ৰিন্সক আদৰণি জনায়
দুয়োগৰাকী নেতাই ভাৰত-ইউএইৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ফলপ্ৰসূ আলোচনাত মিলিত হয়
प्रविष्टि तिथि:
09 SEP 2024 8:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়। দুয়োজন নেতা বহু বিষয়ত অৰ্থপূৰ্ণ আলোচনাত মিলিত হয়।
শ্ৰী মোদীয়ে ভাৰত-ইউএইৰ বন্ধুত্ব বৃদ্ধিৰ বাবে শ্বেখ খালিদৰ অনুভূতিৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
“আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাই আনন্দিত হৈছোঁ। বহু বিষয়ত আমাৰ মাজত অৰ্থপূৰ্ণ আলোচনা হৈছে। ভাৰত-ইউএইৰ বন্ধুত্ব মজবুত কৰাৰ বাবে তেওঁৰ অনুভূতি স্পষ্টকৈ দেখা গৈছে।”
**********
MJPS/ST
(रिलीज़ आईडी: 2053333)
आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam