গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহ ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে পুনৰ নিৰ্বাচিত হয়

হিন্দীভাষাক সকলো আঞ্চলিক ভাষাৰ বন্ধু কৰি তোলাৰ লক্ষ্যৰে আমি আগবাঢ়িব লাগিব

কোনো ভাৰতীয় ভাষাৰ সৈতে প্ৰতিযোগিতা নকৰাকৈ আমি হিন্দীৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব লাগিব

মোদী চৰকাৰে বিভিন্ন ভাষাৰ শব্দ হিন্দীত অন্তৰ্ভুক্ত কৰিছে, ইয়াক সমৃদ্ধ আৰু অধিক নমনীয় কৰি তুলিছে

আমি এই লক্ষ্যৰে আগবাঢ়িছো যে ২০৪৭ চনৰ ভিতৰত দেশৰ সকলো চৰকাৰী ব্যৱস্থাই ভাৰতীয় ভাষাত কাম কৰিব

শিশুৰ প্ৰাথমিক শিক্ষা যেতিয়া তেওঁলোকৰ মাতৃভাষাত দিয়াৰ দিহা কৰা হয় তেওঁলোকে সহজেই আন ভাৰতীয় ভাষাও শিকিব পাৰে

সহস্ৰ বছৰ পুৰণি ভাষা এটাক নতুন জীৱন প্ৰদান কৰি আৰু ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি আমি স্বাধীনতা আন্দোলনৰ দূৰদৰ্শী পুৰোধাসকলৰ সপোন পূৰণ কৰিব লাগিব

Posted On: 09 SEP 2024 8:19PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহক সৰ্বসন্মতিক্ৰমে ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত কৰা হয়। নতুন চৰকাৰ গঠনৰ পিছত আজি নতুন দিল্লীত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’খন পুনৰ গঠনৰ বাবে সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰী অমিত শ্বাহ সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। শ্ৰী অমিত শ্বাহে ২০১৯ৰ পৰা ২০২৪ চনলৈ সমিতিখনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে তেওঁক সৰ্বসন্মতিক্ৰমে অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত কৰাৰ বাবে ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰে।

 


এই উপলক্ষে প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে যোৱা ৭৫ বছৰ ধৰি আমি চৰকাৰী ভাষাৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছো, কিন্তু যোৱা ১০টা বছৰত ইয়াৰ পদ্ধতিত সামান্য পৰিৱৰ্তন আহিছে। তেওঁ কয় যে কে এম মুন্সী আৰু এন জি আয়েংগাৰে বহু লোকৰ সৈতে পৰামৰ্শ কৰাৰ পিছত সিদ্ধান্ত লৈছিল যে হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিবলৈ আৰু চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰাৰ বাবে উত্সাহিত কৰিবলৈ হিন্দীয়ে কোনো স্থানীয় ভাষাৰ সৈতে প্ৰতিযোগিতা কৰিব নালাগে।

শ্ৰী অমিত শ্বাহে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যোৱা ১০টা বছৰত সমিতিখনে নিৰন্তৰ চেষ্টা কৰি আহিছে যে হিন্দী সকলো স্থানীয় ভাষাৰ বন্ধু হৈ উঠক আৰু ই কাৰো সৈতে প্ৰতিযোগিতা নকৰে। তেওঁ কয় যে যিকোনো স্থানীয় ভাষা কওতাসকলৰ যাতে কোনো হীনমন্যতা নাথাকে আৰু হিন্দীক সহমত আৰু সন্মতিৰ আধাৰত কামৰ সাধাৰণতে গ্ৰহণীয় ভাষা হিচাপে গ্ৰহণ কৰাৰ পৰিৱেশ সৃষ্টিৰ বাবে আমি প্ৰয়াস কৰা উচিত।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত দেশখন দেশৰ ভাষাত পৰিচালিত হোৱাটো নিতান্তই গুৰুত্বপূৰ্ণ কথা আৰু আমি এই ক্ষেত্ৰত বহুতো প্ৰচেষ্টা চলাই আছো। তেওঁ লগতে কয় যে আমি এখন শব্দকোষ যুগুতাই উলিয়াইছো আৰু শিক্ষা বিভাগৰ সহযোগত স্থানীয় ভাষাৰ পৰা হাজাৰ হাজাৰ শব্দ হিন্দী ভাষাত যোগ দিছো। এনে বহুতো শব্দ আছিল যাৰ সমাৰ্থক শব্দ হিন্দীত উপলব্ধ নাছিল, কিন্তু আন ভাষাৰ পৰা বহুতো শব্দ গ্ৰহণ কৰি আমি কেৱল হিন্দীক সমৃদ্ধ কৰাই নহয়, ইয়াক নমনীয় কৰাৰ লগতে সেই নিৰ্দিষ্ট ভাষা আৰু হিন্দীৰ মাজৰ সম্পৰ্ককো শক্তিশালী কৰিছোঁ।

শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰী ভাষা বিভাগে এনে এটা ‘ছফ্টৱে’ৰ’ বিকশিত কৰি আছে যিয়ে স্বয়ংক্ৰিয়ভাৱে ‘অষ্টম অনুসূচী’ৰ সকলো ভাষা কাৰিকৰী ভিত্তিত অনুবাদ কৰিব। এই কামটো সম্পূৰ্ণ হোৱাৰ পিছত হিন্দীয়ে গ্ৰহণযোগ্যতা লাভ কৰিব আৰু অতি দ্ৰুত গতিত আমাৰ কামত বিকশিত হ'ব। তেওঁ কয় যে যোৱা ৫ বছৰত আমি যথেষ্ট পৰিশ্ৰম কৰিছো আৰু সমিতিৰ প্ৰতিবেদনৰ তিনিটা বৃহৎ খণ্ড ৰাষ্ট্ৰপতিক প্ৰদান কৰিছো, যিটো আগতে কেতিয়াও হোৱা নাছিল। গৃহ মন্ত্ৰীয়ে কয় যে আমি এই গতি অব্যাহত ৰখা উচিত।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে সহযোগিতা আৰু গ্ৰহণযোগ্যতা আমাৰ কামৰ দুটা মৌলিক ভেটি হ'ব লাগে। তেওঁ কয় যে আমি এনে লক্ষ্যৰে আগবাঢ়িব লাগিব যে ২০৪৭ চনৰ স্বাধীনতা দিৱসত আমাৰ দেশৰ সমগ্ৰ কাম ভাৰতীয় ভাষাত গৌৰৱেৰে কৰা হ'ব। তেওঁ কয় যে আমি ১০০০ বছৰ পুৰণি হিন্দী ভাষাক এটা নতুন জীৱন দিব লাগিব, ইয়াক গ্ৰহণ কৰিব লাগিব আৰু স্বাধীনতা সংগ্ৰামীসকলে আমাৰ সন্মুখত দি যোৱা কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব।


গৃহমন্ত্ৰীয়ে কয় যে সহস্ৰ বছৰ পুৰণি ভাষা এটাক নতুন জীৱন প্ৰদান কৰি আৰু ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি আমি স্বাধীনতা আন্দোলনৰ দূৰদৰ্শী পুৰোধাসকলৰ সপোন পূৰণ কৰিব লাগিব। তেওঁ লগতে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসু, লোকমান্য তিলক, মহাত্মা গান্ধী, লালা লাজপত ৰায়, চি ৰাজগোপালাচাৰী, কে এম মুন্সী আৰু চৰ্দাৰ পেটেল আদিৰ দৰে স্বাধীনতা সংগ্ৰামীসকল অ-হিন্দী ভাষী ৰাজ্যসমূহৰ পৰা আহিছিল, কিন্তু তেওঁলোক সকলোৱে উপলব্ধি কৰিছিল যে আমাৰ দেশত এটা ভাষা থাকিব লাগে যি ৰাজ্যসমূহৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব। সেয়েহে, প্ৰধানমন্ত্ৰী মোদীয়ে অনা নতুন শিক্ষা নীতিত আমি গুৰুত্ব আৰোপ কৰিছো যে শিশুটোৰ প্ৰাথমিক শিক্ষা তেওঁৰ মাতৃভাষাত হ'ব লাগে। যেতিয়া শিশুটোৱে মাতৃভাষা শিকে, তেওঁ দেশৰ বহুতো ভাষাৰ সৈতে সংযুক্ত হয়।

শ্ৰী অমিত শ্বাহে কয় যে ‘মুন্সী-আয়েংগাৰ সমিতি’ৰ অধীনত এটা সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতি ৫ বছৰত এখনকৈ ‘ভাষা আয়োগ’ গঠন কৰা হ'ব যিয়ে ভাষিক বৈচিত্ৰ্যৰ বিষয়ে বিবেচনা কৰিব, কিন্তু সেই কথা পাহৰি যোৱা হৈছিল। তেওঁ কয় যে কোনো ভাৰতীয় ভাষাৰ সৈতে প্ৰতিযোগিতা নকৰাকৈ আমি হিন্দীৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব লাগিব। গৃহমন্ত্ৰীয়ে কয় যে হিন্দী এতিয়া নিযুক্তি, প্ৰযুক্তিৰ সৈতে এক প্ৰকাৰে জড়িত হৈ আছে আৰু ভাৰত চৰকাৰেও হিন্দী ভাষাৰ সৈতে সকলো নতুন যুগৰ প্ৰযুক্তিক একত্ৰিত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাই আছে। নতুন শিক্ষা নীতিত সকলো মাতৃভাষাক গুৰুত্ব দিয়াৰ বাবে এক প্ৰস্তাৱ লোৱা হৈছে, এই সমিতিয়ে ইয়াক অধিক আগুৱাই নিব। শ্ৰী অমিত শ্বাহে কয় যে হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ পিছত এইটো হৈছে ৭৫ সংখ্যক বছৰ আৰু এই উপলক্ষে দিল্লীৰ ‘ভাৰত মণ্ডপম’ত এখন অতি ডাঙৰ সন্মিলনৰ আয়োজন কৰা হৈছে। ‘চৰকাৰী ভাষা আইন, ১৯৬৩’ৰ ‘ধাৰা ৪’ৰ অধীনত ১৯৭৬ চনত ‘চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতি’ গঠন কৰা হৈছিল। সমিতিখনত সংসদৰ ৩০ গৰাকী সদস্য আছে, যাৰ ভিতৰত ২০ গৰাকী লোকসভাৰ আৰু ১০ গৰাকী ৰাজ্যসভাৰ।

 

আজিৰ বৈঠকত ৰাজ্যসভা আৰু লোকসভাৰ নৱনিযুক্ত সাংসদসকলো উপস্থিত আছিল। সচিব শ্ৰীমতী অংশুলী আৰ্যৰ নেতৃত্বত ‘চৰকাৰী ভাষা বিভাগ’ৰ বিষয়াসকলো সংসদীয় সমিতিৰ বিষয়াসকলৰ সৈতে বৈঠকত উপস্থিত থাকে।

*****

RK/VV/ASH/PR/KB



(Release ID: 2053332) Visitor Counter : 5