প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘সম্বৎসৰী’ৰ পৱিত্ৰ উপলক্ষত আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 07 SEP 2024 10:25PM by PIB Guwahati

‘সম্বৎসাৰী’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জীৱনত সম্প্ৰীতি আৰু ক্ষমাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি ‘এক্স’-ত এক আন্তৰস্পৰ্শী বাৰ্তা প্ৰেৰণ কৰে। তেওঁ নাগৰিকসকলক সহানুভূতি আৰু ভাতৃত্ববোধেৰে উদ্বুদ্ধ হবলৈ আৰু আমাৰ সামূহিক যাত্ৰাক পথ প্ৰদৰ্শন কৰিব পৰা দয়া আৰু ঐক্যৰ ভাৱনা সাৰোগত কৰিবলৈ আহ্বান জনায়।

তেওঁৰ টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "সম্বৎসৰীয়ে সম্প্ৰীতিৰ শক্তি আৰু আনক ক্ষমা কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ সহানুভূতি আৰু সংহতিক আমাৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই মনোবৃত্তিৰে আমি একতাৰ বন্ধন নৱীকৰণৰ লগতে প্ৰগাঢ় কৰোঁ আহক। দয়া আৰু একতাই আমাৰ অগ্ৰগামী যাত্ৰাক গতি প্ৰদান কৰক। মিচ্চামি ডুক্কাদম।"

 

 

***

MJPS/SR/KB



(Release ID: 2053206) Visitor Counter : 3