প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰুনেইত উপস্থিত প্ৰধানমন্ত্ৰী

Posted On: 03 SEP 2024 3:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামান্য চুলতান হাজী হাছানাল বোলকিয়াৰ আমন্ত্ৰণত চৰকাৰী ভ্ৰমণসূচীৰে বন্দৰ ছেৰি বেগাৱানত উপস্থিত হয়।
এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ব্ৰুনেইলৈ এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ এই ঐতিহাসিক ভ্ৰমণ।

বন্দৰ ছেৰি বেগাৱানত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে সম্ভাষণ জনোৱা হয় আৰু ব্ৰুনেইৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মহামান্য যুৱৰাজ হাজী আল মুহতাদী বিল্লাহ, ৰাজকুমাৰ আৰু জ্যেষ্ঠ মন্ত্ৰীবৰ্গই উষ্ম আদৰণি জনায়।

ব্ৰুনেই হৈছে ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত আৰু ব্ৰুনেয়ে এনে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অটুট ৰাখিছে, যিটো দ্বিপাক্ষিক আৰু বহুপাক্ষিক বিষয়ত পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ দ্বাৰা চিহ্নিত। দুয়োখন দেশ সহস্ৰাব্দ জুৰি ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰা সম্পৰ্কিত হৈ আছে।

***

MJPS/ST/KD



(Release ID: 2051370) Visitor Counter : 13