প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিয়েভত গান্ধীৰ প্ৰতিমূৰ্তিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Posted On: 23 AUG 2024 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিয়েভত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এখনি সমন্বয়ৰ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ শান্তিৰ বাৰ্তাৰ কালজয়ী প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰে। তেখেতে কয় যে গান্ধীজীয়ে দেখুওৱা থৈ যোৱা পথটোৱে সাম্প্ৰতিক বৈশ্বিক প্ৰত্যাহ্বানৰাজিৰ সমাধান আগবঢ়াইছে।

কিয়েভৰ ‘অ’এছিছ অৱ পিছ’ উদ্যানস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো মানৱতাৰ বাবে আশা আৰু শান্তিৰ এগছি বন্তিস্বৰূপ।

*****

MJPS/ST/BM/SB
 



(Release ID: 2048198) Visitor Counter : 18