গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ত্ৰিপুৰাৰ বানপীড়িতক সাহায্য প্ৰদানৰ বাবে এছডিআৰএফৰপৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ৪০ কোটি টকা আগতীয়াকৈ মুকলিত অনুমোদন জনায়

ত্ৰিপুৰাৰ আমাৰ ভাই-ভনীসকলে এই কঠিন সময়ৰে যুঁজিবলৈ তেওঁলোকৰ কাষত মোদী চৰকাৰক পাব - শ্ৰী অমিত শ্বাহ

ইতিমধ্যে কেন্দ্ৰই মোতায়েন কৰা ১১ এনডিআৰএফ টীম, ৩ কলম সেনা আৰু বায়ুসেনাৰ ৪ হেলিকপ্টাৰে সাহায্য আৰু উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰক সহায় কৰি আছে

प्रविष्टि तिथि: 23 AUG 2024 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ত্ৰিপুৰাৰ বানপীড়িতসকলক সাহায্য প্ৰদানৰ বাবে এছডিআৰএফৰপৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ৪০ কোটি টকা আগতীয়াকৈ মুকলিত অনুমোদন জনাইছে।

 

এই সন্দৰ্ভত এক্সৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়; “মোদী জীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰভাৱিত লোকসকলক সকাহ প্ৰদান কৰিবলৈ এছডিআৰএফৰপৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে আগতীয়াকৈ ৪০ কোটি টকা মুকলিত অনুমোদন জনাইছে। ইতিমধ্যে কেন্দ্ৰই মোতায়েন কৰা ১১ এনডিআৰএফ টীম, ৩ কলম সেনা আৰু বায়ুসেনাৰ ৪ হেলিকপ্টাৰে সাহায্য আৰু উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰক সহায় কৰি আছে। ত্ৰিপুৰাৰ আমাৰ ভাই-ভনীসকলে এই কঠিন সময়ৰে যুঁজিবলৈ তেওঁলোকৰ কাষত মোদী চৰকাৰক পাব।”

*****

RK/VV/ASH/PS/SB


(रिलीज़ आईडी: 2048147) आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR , Manipuri , Bengali , Gujarati , Tamil , Telugu , Kannada