তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱৰ দ্বাৰা “ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১”ৰ অধীনত ৱেভ্ছৰ বাবে ২৫টা প্ৰত্যাহ্বানৰ শুভাৰম্ভ

ক্ৰিয়েটৰ্ছ ইকনমী আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু জীৱনশৈলী প্ৰদৰ্শনৰ এক আচৰিত আহিলা : শ্ৰী অশ্বিনী বৈষ্ণৱ

চৰকাৰে এখন বিশ্বমানৰ বিশ্ববিদ্যালয় আৰু এনে সুবিধা স্থাপনৰ কাম কৰি আছে যিয়ে সৃষ্টিকৰ্তাসকলৰ সামৰ্থ্য বৃদ্ধি কৰিব

চলচ্চিত্ৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু সঁজুলি ব্যৱহাৰৰ অপৰিসীম সম্ভাৱনা; ইয়াৰ ফলত ২-৩ লাখ নতুন সংস্থাপন সম্ভৱ : কেন্দ্ৰীয় মন্ত্ৰী

Posted On: 22 AUG 2024 8:11PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (WAVES)ৰ বাবে ‘Create in India Challenge – Season 1’ৰ অধীনত ২৫টা প্ৰত্যাহ্বানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি শ্ৰী বৈষ্ণৱে কয় যে আজিৰ আৰম্ভণি আমাৰ ক্ৰমবৰ্ধমান আৰু উন্নয়নশীল অৰ্থনীতিৰ প্ৰতিফলন। এটা সম্পূৰ্ণ নতুন ক্ৰিয়েটৰ্ছ ইকনমী (সৃষ্টিকৰ্তাৰ অৰ্থনীতি)ৰ সৃষ্টি কৰা হৈছে আৰু ইয়াক ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও স্বীকৃতি প্ৰদান কৰিছে, যিটো ২০২৪ চনৰ মাৰ্চ মাহত তেওঁ প্ৰদান কৰা প্ৰথমটো ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাত প্ৰতিফলিত হৈছে।

ক্ৰমবৰ্ধমান ক্ৰিয়েটৰ্ছ ইকনমী : সুযোগ, আন্তঃগাঁথনি আৰু সংস্থাপন সৃষ্টি

এই অৰ্থনীতিৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সৃষ্টিকৰ্তা অৰ্থনীতি আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য, জীৱনশৈলী, যোগাসন, পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু আমাৰ খাদ্যৰ বৈচিত্ৰ্য প্ৰদৰ্শনৰ এক আচৰিত মাধ্যমত পৰিণত হৈছে। ভাৰত চৰকাৰে এই অৰ্থনীতিক উৎসাহিত কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। সেয়ে আমি এই খণ্ডত প্ৰতিভা আৰু দক্ষতা বিকাশৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উপলব্ধতা নিশ্চিত কৰিব লাগিব।

এই ক্ৰিয়েটৰ্ছ ইকনমীক অধিক বিকশিত কৰিবৰ বাবে চৰকাৰে বিশ্বমানৰ প্ৰতিভা বিকাশৰ কাৰ্যসূচী আৰু আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে বিশ্বমানৰ বিশ্ববিদ্যালয় আৰু সুবিধা স্থাপনৰ পৰিকল্পনা আছে যি সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ক্ৰিয়েটৰ্ছৰ সামৰ্থ্য বৃদ্ধি কৰিব।

চলচ্চিত্ৰ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ : সংস্থাপন সৃষ্টি

শ্ৰী অশ্বিনী বৈষ্ণৱে জোৰ দি কয় যে চলচ্চিত্ৰ নিৰ্মাণ আমাৰ অন্যতম শক্তি আৰু আজিৰ যুগত এই খণ্ডত নতুন প্ৰযুক্তি আৰু সঁজুলি ব্যৱহাৰৰ যথেষ্ট পৰিসৰ আছে, যাৰ ফলত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে ভাল পৰিসৰ নিশ্চিত হয়। অনুমান কৰা হৈছে যে যদিহে এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়, তেন্তে এই খণ্ডত ২-৩ লাখ চাকৰিৰ সৃষ্টি হ’ব পাৰে।

সামাজিক দায়বদ্ধতা

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথাও সোঁৱৰাই দিয়ে যে আমি সুনিশ্চিত কৰিব লাগিব যে এই যাত্ৰাত যাতে আমাৰ সমাজৰ কোনো ক্ষতি নহয়, আৰু ইয়াৰ দায়িত্ব কেৱল চৰকাৰৰেই নহয়, বৰং সমাজ, উদ্যোগ জগত আৰু আমাৰ সকলোৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।

তেওঁ কয় যে এই ক্ষেত্ৰত থকা অপৰিসীম সম্ভাৱনাৰ সুবিধা ল’বলৈ ৱেভছৰ আয়োজন কৰা হৈছে আৰু ভৱিষ্যতে ই এক ডাঙৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী নীৰজা শেখৰ, ফিক্কিৰ সঞ্চালক প্ৰধান শ্ৰীমতী জ্যোতি বিজ, সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ চিআইআই ৰাষ্ট্ৰীয় সমিতিৰ উপাধ্যক্ষ শ্ৰীযুত বীৰেন ঘোষো অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলৰ ভিতৰত আছিল।

‘ভাৰতত ডিজাইন, বিশ্বৰ বাবে ডিজাইন’

এই উপলক্ষে ভাষণ দি শ্ৰী সঞ্জয় জাজুৱে কয় যে এই পদক্ষেপ ভাৰতৰ সৃষ্টিশীল পৰিৱেশ তন্ত্ৰক লালন-পালন কৰা আৰু সেয়া উন্নীত কৰাৰ আমাৰ চলি থকা অভিযানৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তেওঁ কয়, “এইটো আমাৰ প্ৰধানমন্ত্ৰীৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰতত ডিজাইন, বিশ্বৰ বাবে ডিজাইন’ৰ দূৰদৰ্শী আহ্বানৰ সৈতে সহজে মিলে। দেশৰ ভিতৰত থকা অপৰিসীম সম্ভাৱনা আৰু প্ৰতিভাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ৱেভ্ছ এই সম্ভাৱনাৰ এক প্ৰমাণ আৰু ই এক বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰিব, য’ত বিশ্বৰ আটাইতকৈ প্ৰতিভাশালী মন, আটাইতকৈ প্ৰতিভাৱান ক্ৰিয়েটৰ আৰু দূৰদৰ্শী বিশেষ জ্ঞান ভাগ-বতৰা কৰা, ধাৰণা আদান-প্ৰদান কৰা, আৰু ক্ৰিয়েটিভিটীৰ সীমা আগবঢ়াবলৈ একত্ৰিত হ’ব।

‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – ছিজন ১’

অগ্ৰণী উদ্যোগ সংস্থা আৰু সংগঠনসমূহৰ দ্বাৰা আয়োজিত এই প্ৰত্যাহ্বানসমূহে এনিমেচন, চলচ্চিত্ৰ নিৰ্মাণ, গেমিং, সংগীত আৰু দৃশ্য কলাকে ধৰি একাধিক শাখা সামৰি লয়। এই প্ৰত্যাহ্বানসমূহ মূল অনুষ্ঠানৰ পূৰ্বে আয়োজন কৰা হৈছে।

'ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ - ছিজন ১’

১। মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ'চিয়েচন অফ ইণ্ডিয়াৰ দ্বাৰা এনিমে চেলেঞ্জ

২। ডান্সিং এটমছৰ দ্বাৰা এনিমেচন চলচ্চিত্ৰ নিৰ্মাতা প্ৰতিযোগিতা

৩। ইণ্ডিয়া গেম ডেভেলপাৰ কনফাৰেন্সৰ দ্বাৰা গেম জেম

৪। ইস্প’ৰ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ দ্বাৰা ইস্প’ৰ্টছ টুৰ্ণামেণ্ট

৫। ই-গেমিং ফেডাৰেচনৰ দ্বাৰা চিটি কুৱেষ্ট: শ্বেডছ অৱ ভাৰত

৬। ইণ্ডিয়ান ডিজিটেল গেমিং ছ’চাইটিৰ দ্বাৰা হেণ্ডহেল্ড এডুকেচনেল ভিডিঅ’ গেম ডেভেলপমেণ্ট

৭। ইণ্ডিয়ান কমিক্স এছ’চিয়েশ্যনৰ দ্বাৰা কমিক্স ক্ৰিয়েটৰ চেম্পিয়নশ্বিপ

৮। ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী আৰু হুইছলিং উডছ ইণ্টাৰনেশ্যনেলৰ দ্বাৰা যুৱ চলচ্চিত্ৰ নিৰ্মাতা প্ৰত্যাহ্বান

৯। ৱেভলেপছ আৰু এক্সডিজিৰ দ্বাৰা এক্সআৰ ক্ৰিয়েটৰ হেকাথন

১০। ইনভিডিঅ'ৰ দ্বাৰা এআই ফিল্ম নিৰ্মাণ প্ৰতিযোগিতা

১১। ৱেভ্ছ প্ৰমো ভিডিঅ’ চেলেঞ্জ ভাৰতীয় সম্প্ৰচাৰ আৰু ডিজিটেল ফাউণ্ডেশ্যন

১২। ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিক্স এছ’চিয়েশ্যনৰ দ্বাৰা ট্ৰুথটেল হেকাথন

১৩। কমিউনিটি ৰেডিঅ’ এছ’চিয়েশ্যনৰ দ্বাৰা কমিউনিটি ৰেডিঅ’ কন্টেন্ট চেলেঞ্জ

১৪। ভাৰতীয় সংগীত উদ্যোগৰ দ্বাৰা থিম সংগীত প্ৰতিযোগিতা

১৫। এডভাৰটাইজিং এজেন্সী এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ৱেভ্ছ হেকাথন: এডস্পেণ্ড অপ্টিমাইজাৰ

১৬। ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ দ্বাৰা ৱেভ্ছ এআই আৰ্ট ইনষ্টলেচন চেলেঞ্জ

১৭। ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ৱেভ্ছ এক্সপ্ল’ৰাৰ

১৮। ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা ৰিল মেকিং চেলেঞ্জ

১৯। ফিল্ম পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা নেশ্যনেল ফিল্ম আৰ্কাইভ- নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন

২০। এভিটিআৰ মেটা লেবছৰ দ্বাৰা ভাৰ্চুৱেল ইনফ্লুৱেঞ্চাৰ ক্ৰিয়েশ্যন কনটেষ্ট

২১। প্ৰসাৰ ভাৰতীৰ দ্বাৰা বেটেল অফ দ্য বেণ্ডছ

২২। প্ৰসাৰ ভাৰতীৰ দ্বাৰা চিম্ফনী অৱ ইণ্ডিয়া

২৩। ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টছ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা ইণ্ডিয়া : এ বাৰ্ডছ আই ভিউ

২৪। ভাৰতীয় উদ্যোগ সংঘৰ দ্বাৰা এণ্টি-পাইৰেচি চেলেঞ্জ

২৫। ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ দ্বাৰা ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতা

এই প্ৰত্যাহ্বানসমূহৰ বাবে পঞ্জীয়ন অতি সোনকালে আৰম্ভ হ’ব। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি ৱেবছাইট wavesindia.org চাওক।

**********

 

PPG/KS



(Release ID: 2047875) Visitor Counter : 25