প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰীমতী পেটংটাৰ্ণ চিনাৱাট্ৰাক থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে

পোষ্ট কৰা হৈছে: 18 AUG 2024 11:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমতী পেটংটাৰ্ণ চিনাৱাট্ৰাক থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে সভ্যতা, সাংস্কৃতিক আৰু জনসাধাৰণৰ পৰস্পৰৰ মাজত সংযোগ স্থাপনৰ শক্তিশালী ভেটিত আধাৰিত ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আশা ব্যক্ত কৰে।

শ্ৰী মোদীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত লিখিছে:

"থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি নিৰ্বাচিত হোৱা বাবে @ingshin অভিনন্দন । এটা অতি সফল কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰিছো। সভ্যতা, সাংস্কৃতিক আৰু জনসাধাৰণৰ পৰস্পৰৰ মাজত সংযোগ স্থাপনৰ শক্তিশালী ভেটিত আধাৰিত ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আপোনাৰ সৈতে কাম কৰাৰ বাবে আশাবাদী হৈ আছো।"

 

 

***

MJPS/SR/KB


(ৰিলিজ আই ডি : 2047611) অতিথি কক্ষ : 70