প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৱাৰশ্বত ডোবৰী মহাৰাজা স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 AUG 2024 11:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰশ্বত ডোবৰী মহাৰাজা স্মৃতিসৌধত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

ৱাৰশ্বৰ গুড মহাৰাজা স্কোৱেৰত স্থাপিত এই স্মৃতিসৌধ নৱানগৰৰ জামচাহেব(বৰ্তমানৰ গুজৰাটৰ জামনগৰ) দিগ্বিজয়সিংজী ৰঞ্জিতসিংজীলৈ পোলেণ্ডৰ জনতা আৰু চৰকাৰৰ গভীৰ সন্মান আৰু কৃতজ্ঞতাৰ চিন৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জামচাহেবে পোলেণ্ডৰ হাজাৰ হাজাৰ ল’ৰা-ছোৱালীক আশ্ৰয় প্ৰদান কৰিছিল আৰু সেইবাবেই আজি পোলেণ্ডত তেওঁক ডোবৰী(ভাল) মহাৰাজা হিচাপে স্মৰণ কৰা হয়৷ তেওঁৰ উদাৰতাৰ গভীৰ প্ৰভাৱ পোলেণ্ডৰ মানুহৰ মাজত অক্ষুণ্ণ আছে। স্মৃতিসৌধত প্ৰধানমন্ত্ৰীয়ে জামচাহেবে আশ্ৰয় দিয়া পোলেণ্ডৰ লোকসকলৰ বংশধৰক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ এই স্মৃতিসৌধ ভ্ৰমণে ভাৰত আৰু পোলেণ্ডৰ মাজত এক বিশেষ ঐতিহাসিক সংযোগক উজ্জ্বল কৰি তুলিছে যিটো দুয়োখন দেশৰ জনসাধাৰণে লালন-পালন কৰি ৰাখিছে।

 

***

MJPS/ST/DB


(ৰিলিজ আই ডি : 2047603) অতিথি কক্ষ : 94