প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এমপক্সক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি ধাৰাবাহিক নিৰীক্ষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি.কে. মিশ্ৰৰ অধ্যক্ষতাত এমম্পক্স মোকাবিলাৰ পৰ্যালোচনাৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক

তৎকালীনভাৱে ধৰা পেলোৱাৰ বাবে পৰীক্ষা-নিৰীক্ষা বৃদ্ধি কৰাৰ পৰামৰ্শ

পৰীক্ষাগাৰসমূহ সদা সষ্টম হৈ থাকিবলৈ নিৰ্দেশ

এই ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত আৰম্ভ হ’ব সজাগতা অভিযান

Posted On: 18 AUG 2024 7:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এমপক্সৰ পৰিস্থিতি ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আহিছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত দেশত এমপ’ক্সৰ মোকাবিলা আৰু আনুষংগিক জনস্বাস্থ্যজনিত ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

 

মন কৰিবলগীয়া যে আফ্ৰিকাৰ বহু ঠাইত এমপ’ক্সৰ প্ৰাদুৰ্ভাৱ অধিক হাৰত বিয়পি পৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই (হু) পুনৰ ২০২৪ চনৰ ১৪ আগষ্টত ইয়াক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা (পিএইচইআচি) ঘোষণা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পূৰ্বৰ এক বিবৃতিত প্ৰকাশ পোৱা মতে  ২০২২ চনৰ পৰা বিশ্বজুৰি ১১৬খন দেশৰ ৯৯,১৭৬জন লোক এমপক্সত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২০৮জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। বিবৃতিত উল্লেখ কৰা মতে কংগোত এমপ’ক্সত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চলিত বৰ্ষত যোৱা বছৰত অধিক লোক আক্ৰান্ত হৈছে। ইতিমধ্যে দেশখনত ১৫,৬০০ৰো অধিক ৰোগী আক্ৰান্ত হৈছে আৰু ৫৩৭জন লোকৰ মৃত্যু হৈছে। ২০২২ চনত বিশ্ব স্বাস্থ্য সংস্থাই আন্তৰ্জাতিক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন ঘোষণা কৰাৰ পিছৰে পৰা ভাৰতত ৩০জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ২০২৪ চনৰ মাৰ্চ মাহত এমপ’ক্সত আক্ৰান্ত অন্তিমজন ৰোগী ধৰা পৰিছিল।

 

উচ্চ পৰ্যায়ৰ বৈঠকত অৱগত কৰা হয় যে বৰ্তমান দেশত এমপ’ক্সত আক্ৰান্ত কোনো ৰোগীৰ তথ্য পোৱা নাই। শেহতীয়া মূল্যায়ন অনুসৰি স্থায়ী সংক্ৰমণৰ লগতে এই ৰোগ প্ৰাদুৰ্ভাৱৰ আশংকা ভাৰতত কম।

 

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবক জনোৱা হয় যে এমপ’ক্সৰ সংক্ৰমণ ২ৰ পৰা ৪ সপ্তাহলৈকে থাকে। প্ৰয়োজনীয় চিকিৎসাৰ দ্বাৰা ৰোগীয়ে আৰোগ্য লাভ কৰে। সংক্ৰমিত ৰোগীৰ দীৰ্ঘদিনীয়া আৰু ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে এই ৰোগ সংক্ৰমিত হয়। ই মূলতঃ যৌন সম্পৰ্ক, ৰোগীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক/ৰোগীৰ তৰল পদাৰ্থৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে বা আক্ৰান্ত ব্যক্তিৰ প্ৰদূষিত কাপোৰ/লিনেনৰ জৰিয়তে সংক্ৰমিত হয়।

 

স্বাস্থ্য সচিবগৰাকীয়ে জনাইছে যে যোৱা এসপ্তাহত ইতিমধ্যে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।

  • ভাৰতৰ বাবে ক্ষতিশংকা মূল্যায়নৰ বাবে নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি)ৰ দ্বাৰা ১২ আগষ্ট, ২০২৪ত বিশেষজ্ঞসকলৰ এখন বৈঠক আহ্বান কৰা হয়।

 

  • নতুন গতিবিধি ধৰি ৰাখিবলৈ এনচিডিচিয়ে পূৰ্বে জাৰি কৰা এমপ’ক্সৰ ওপৰত সংক্ৰামক ৰোগ (চিডি) সতৰ্কবাণী আপডেট কৰা হৈছে।

 

  • আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (প্ৰৱেশ বন্দৰ)ত স্বাস্থ্য বিভাগৰ দলৰ দ্বাৰা ছেনিটাইজেচন কৰা হৈছে।

ইফালে, আজি পুৱা স্বাস্থ্য সেৱা সঞ্চালক প্ৰধানে এখন ভিডিঅ’ কনফাৰেন্স আহ্বান কৰে, য’ত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যসমূহৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আইডিএছপি) ইউনিটকে ধৰি ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য কৰ্তৃপক্ষ আৰু বিমান বন্দৰসমূহত এই সন্দৰ্ভত সজাগ গৈ থাকিবলৈ কোৱা হৈছে।

 

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডাঃ পি কে মিশ্ৰই পৰীক্ষা-নিৰীক্ষা বৃদ্ধি কৰি ৰোগীক শীঘ্ৰে ধৰা পেলোৱাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিছে। তেওঁ লগতে পৰীক্ষাগাৰসমূহত পৰীক্ষাৰ বাবে আগতীয়াকৈ সাজু কৰি তোৱাৰ নিৰ্দেশ দিয়ে। বৰ্তমান দেশত ৩২টা লেবত এই ৰোগৰ পৰীক্ষাৰ সুবিধা আছে।

 

ডাঃ পি. কে. মিশ্ৰই ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ প্ৰট’কলসমূহ বৃহৎ পৰিসৰত প্ৰচাৰ কৰাৰ  নিৰ্দেশ দিয়ে। তেওঁ লগতে স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ মাজত ৰোগৰ লক্ষণ আৰু সেইবোৰৰ সন্দৰ্ভত সজাগতা অভিযান আৰু নিৰীক্ষণ ব্যৱস্থাক সময়মতে অৱগত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

এই উপলক্ষে বৈঠকত নিটী আয়োগৰ সদস্য ড ভি. কে. পাল, সচিব (স্বাস্থ্য আৰু পৰিয়াল কল্যান) শ্ৰী অপূৰ্ব চন্দ্ৰা, সচিব (স্বাস্থ্য গৱেষণা) ড০ ৰাজীৱ বাহল, সদস্য সচিব (ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ) শ্ৰী কৃষ্ণ এছ বস, সচিব (তথ্য আৰু সম্প্ৰচাৰ) শ্ৰী সঞ্জয় জাজু আৰু গৃহ বিভাগৰ দায়িত্ববাহী সচিব শ্ৰী গোৱিন্দ মোহনৰ লগতে অন্যান্য একাংশ বিষয়া উপস্থিত থাকে।

***

MJPS/DB


(Release ID: 2047580) Visitor Counter : 55