গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ত ১৯৪৭ত দেশ বিভাজনৰ দুৰ্ভোগৰ সন্মুখীন হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
নিজৰ ইতিহাস স্মৰণ কৰি, তাৰ পৰা শিক্ষা লৈহে এখন ৰাষ্ট্ৰই নিজৰ শক্তিশালী ভৱিষ্যৎ গঢ়ি তুলিব পাৰে আৰু এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত এই দিৱস উদযাপন কৰাৰ পৰম্পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত গ্ৰহণ কৰা এক শক্তিশালী পদক্ষেপ
प्रविष्टि तिथि:
14 AUG 2024 12:40PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ত ১৯৪৭ত দেশৰ বিভাজনৰ সংকটৰ সন্মুখীন হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স প্লেটফৰ্মত কৰা এটা পোষ্টত শ্ৰী অমিত শ্বাহে লিখিছে, “আজি ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ত সেই লাখ লাখ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিসকলে ইতিহাসৰ আটাইতকৈ নিষ্ঠুৰ পৰিঘটনাৰ সময়ত অমানৱীয় দুখ-কষ্টৰ সন্মুখীন হৈছিল, প্ৰাণ হেৰুৱালে আৰু গৃহহীন হৈছিল। নিজৰ ইতিহাস স্মৰণ কৰি, তাৰ পৰা শিক্ষা লৈহে এখন ৰাষ্ট্ৰই নিজৰ শক্তিশালী ভৱিষ্যৎ গঢ়ি তুলিব পাৰে আৰু এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ প্ৰচেষ্টাত এই দিৱস উদযাপন কৰাৰ পৰম্পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত গ্ৰহণ কৰা এক শক্তিশালী পদক্ষেপ।”
**********
RK/VV/ASH/PS
(रिलीज़ आईडी: 2045701)
आगंतुक पटल : 82
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Tamil
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Punjabi
,
Gujarati
,
Malayalam