গৃহ মন্ত্ৰালয়

স্বাধীনতা দিৱস-২০২৪ উপলক্ষে ১০৩৭ জন আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনীমূলক সেৱাৰ কৰ্মীলৈ সাহসিকতা/সেৱা পদক আগবঢ়োৱা হৈছে

Posted On: 14 AUG 2024 9:25AM by PIB Guwahati

স্বাধীনতা দিৱস, ২০২৪ উপলক্ষে মুঠ ১০৩৭ জন আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা (এইচজি এণ্ড চিডি) আৰু সংশোধনীমূলক সেৱাৰ কৰ্মীক সাহসিকতা আৰু সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰ বিতং বিৱৰণ তলত দিয়া ধৰণৰ :-

১। সাহসিকতা পদক

পদকৰ নাম

প্ৰদান কৰা পদকৰ সংখ্যা

সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএমজি)

০১

সাহসিকতা পদক (জিএম)

২১৩

 

* আৰক্ষী সেৱা-২০৮, অগ্নিনিৰ্বাপক সেৱা-০৪, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা-০১

জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত, বা অপৰাধ প্ৰতিৰোধ কৰাত বা অপৰাধীক গ্ৰেপ্তাৰ কৰাত সংশ্লিষ্ট বিষয়াৰ দায়বদ্ধতা আৰু কৰ্তব্যৰ প্ৰতি যথাযথ ভূমিকাৰ ক্ষেত্ৰত হোৱা বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমান্বয়ে বিৰল স্পষ্ট সাহসিকতা আৰু লক্ষণীয় বীৰত্বৰ ভিত্তিত সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএমজি) আৰু সাহসিকতা পদক (জিএম) প্ৰদান কৰা হয়।

সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএমজি)

সাহসিকতাৰ পদক লাভ কৰা কৰ্মীসকলৰ ভিতৰত ২৫.০৭.২০২২ তাৰিখে সংঘটিত হোৱা ডকাইতিৰ গোচৰত বিৰল সাহসিকতা প্ৰদৰ্শন কৰা তেলেংগানা আৰক্ষীৰ হেড কনিষ্টবল শ্ৰী চাডুভু যাদাইয়াক পি এম জি প্ৰদান কৰা হৈছে। ডিঙিৰ হাৰ টনা আৰু অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত আছিল দুজন কুখ্যাত লোক ঈশান নিৰঞ্জন নীলামনাল্লী আৰু ৰাহুল। ২৬.০৭.২০২২ তাৰিখে চাইবাৰাবাদ আৰক্ষীয়ে এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰে। অৱশ্যে তেওঁলোকে মুখ্য কনিষ্টবল শ্ৰী চাদুভু যাদাইয়াক চুৰিৰে শৰীৰৰ বিভিন্ন অংশ অৰ্থাৎ বুকু, পিঠি, বাওঁ হাত আৰু পেটত আঘাত কৰাত ৰক্তক্ষৰণ হৈ তেওঁ গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত হোৱা সত্তেও তেওঁ তেওঁলোকক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ ১৭ দিনৰ বাবে চিকিৎসাধীন হৈ আছিল।

২১৩ টা সাহসিকতা পদকৰ (জি এম)ৰ ভিতৰত ২০৮ জন আৰক্ষীৰ অৰ্থাৎ জম্মু-কাশ্মীৰ আৰক্ষীৰ ৩১ জন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ১৭ জনকৈ, ছত্তীশগড়ৰ ১৫ জন, মধ্যপ্ৰদেশৰ ১২ জন, ঝাৰখণ্ড, পঞ্জাব আৰু তেলেংগানাৰ ০৭ জনকৈ, চি আৰ পি এফৰ ৫২ জন, এছ এছ বিৰ ১৪ জন, চি আই এছ এফৰ ১০ জন, বি এছ এফৰ ০৬ জন আৰু বাকীসকল আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চি এ পি এফৰ। তদুপৰি দিল্লী আৰু ঝাৰখণ্ড অগ্নিনিৰ্বাপক বাহিনীৰ ক্ৰমে ০৩ জন আৰু এজনৰ লগতে উত্তৰ প্ৰদেশৰ গৃহৰক্ষী আৰু সংশোধনীমূলক সেৱাৰ এজন কৰ্মীলৈ সাহসিকতাৰ পদক আগবঢ়োৱা হৈছে।

সেৱা পদক

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএছএম) সেৱাত বিশেষ বিশিষ্ট অভিলেখৰ বাবে প্ৰদান কৰা হয় আৰু উত্তম সেৱা পদক (এমএছএম) সম্পদ আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ দ্বাৰা সূচিত মূল্যৱান সেৱাৰ বাবে প্ৰদান কৰা হয়।

৯৪টা বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)ৰ ভিতৰত ৭৫টা আৰক্ষী সেৱা, ০৮টা অগ্নিনিৰ্বাপক সেৱা, ০৮টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা আৰু ০৩টা সংশোধনীমূলক সেৱালৈ আগবঢ়োৱা হৈছে। ৭২৯ টা উত্তম সেৱা পদকৰ ভিতৰত ৬২৪ টা আৰক্ষী সেৱা, ৪৭ টা অগ্নিনিৰ্বাপক সেৱা, ৪৭ টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা আৰু ১১ টা সংশোধনীমূলক সেৱালৈ আগবঢ়োৱা হৈছে।

পদক প্ৰাপকসকলৰ বিতং বিৱৰণ তলত সংলগ্ন কৰা হৈছে :

ক্ৰমিক নং

বিষয়

পদক প্ৰাপকৰ সংখ্যা

পৰিশিষ্ট

সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএমজি)

০১

তালিকা-I

সাহসিকতাৰ পদক (জিএম)

২১৩

তালিকা-II

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)

৯৪

তালিকা-III

উত্তম সেৱাৰ বাবে পদক (এমএছএম)

৭২৯

তালিকা-IV

ৰাজ্য/বাহিনী অনুসৰি পদকপ্ৰাপকসকলৰ তালিকা

তালিকা অনুসৰি

তালিকা-V

 

 

তালিকা-I চাবলৈ ইয়াত ক্লিক কৰক

তালিকা-II চাবলৈ ইয়াত ক্লিক কৰক

তালিকা-III চাবলৈ ইয়াত ক্লিক কৰক

তালিকা-IV চাবলৈ ইয়াত ক্লিক কৰক

তালিকা-V চাবলৈ ইয়াত ক্লিক কৰক

 

বিতং বিৱৰণ www.mha.gov.in আৰু https://awards.gov.inত উপলব্ধ।

 

RK/VV/ASH/RR/PR/PS/KD
 



(Release ID: 2045143) Visitor Counter : 53