ৰেচম মন্ত্ৰালয়

৭ আগষ্ট, ২০২৪ তাৰিখে ‘দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ৰ উদযাপন

নতুন দিল্লীত উপ ৰাষ্ট্ৰপতিয়ে ‘সন্ত কবিৰ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা’ প্ৰদান কৰিব

সমগ্ৰ দেশতে উদযাপনৰ দিহা

Posted On: 06 AUG 2024 2:05PM by PIB Guwahati

নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ৭ আগষ্ট, ২০২৪ তাৰিখ, বুধবাৰে ‘দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি মুখ্য অতিথি হ'ব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং আৰু বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাংসদ, বিশিষ্ট ব্যক্তি, আৰ্হি প্ৰণেতা, উদ্যোগখণ্ডৰ প্ৰতিনিধি আৰু ৰপ্তানিকৰ্তা, জ্যেষ্ঠ চৰকাৰী বিষয়াৰ লগতে সমগ্ৰ দেশৰ পৰা ১০০০ তকৈয়ো অধিক শিপিনী অনুষ্ঠানত উপস্থিত থাকিব।

অনুষ্ঠানটোত হস্ততাঁত শিপিনীসকলক হস্ততাঁত খণ্ডত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে ‘সন্ত কবীৰ বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা’ প্ৰদান কৰা হ'ব। পুৰস্কাৰ তালিকা আৰু "পৰম্পৰা- ছাষ্টেইনেবিলিটী ইন হেণ্ডলুম ট্ৰেডিশ্যনছ অব ইণ্ডিয়া" শীৰ্ষক ‘ক’ফি টেবল বুক’খন ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতিয়ে উন্মোচন কৰিব।

মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সাৰোগত কৰি চৰকাৰে ২০১৫ চনৰ ৭ আগষ্টত অনুষ্ঠিত হোৱা এনে ধৰণৰ প্ৰথম উদযাপনৰ সৈতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল। ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ‘স্বদেশী আন্দোলন’ক স্মৰণ কৰিবলৈকে এই তাৰিখটো বিশেষভাৱে বাছনি কৰা হৈছিল আৰু থলুৱা উদ্যোগসমূহক, বিশেষকৈ হস্ততাঁত শিপিনীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত হস্ততাঁত শিপিনীসকলক সন্মান জনোৱাৰ প্ৰয়াস কৰা হৈছে আৰু দেশৰ সাংস্কৃতিক, পৰম্পৰাগত আৰু অৰ্থনৈতিক দৃশ্যপটত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰি হস্ততাঁত উদ্যোগক অনুপ্ৰেৰণা আৰু গৌৰৱৰ অনুভূতি প্ৰদান কৰা হৈছে। হস্ততাঁত খণ্ডৰ গুৰুত্ব আৰু দেশৰ আৰ্থ-সামাজিক বিকাশত ইয়াৰ অৱদানৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই উদযাপনৰ লক্ষ্য।

দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ অংশ হিচাপে দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিভিন্ন কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰ, উন্নয়ন আয়ুক্ত (হস্ততাঁত), হস্ততাঁত খণ্ডৰ শীৰ্ষ সংস্থা, ‘ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান’ আৰু ‘ভাৰতীয় হস্ততাঁত প্ৰযুক্তি প্ৰতিষ্ঠান’, ‘ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগম’, ‘ৰাষ্ট্ৰীয় কাৰুশিল্প সংগ্ৰহালয়’কে ধৰি শিক্ষা প্ৰতিষ্ঠানসমূহে বিভিন্ন কাৰ্যক্ৰমৰ আয়োজন কৰিছে। উল্লেখযোগ্য কাৰ্যসূচীসমূহৰ ভিতৰত আছে:

  • ‘মাই গভ পৰ্টেল’-ৰ জৰিয়তে সামাজিক মাধ্যম-ৰ প্ৰচাৰ: সংকল্প, ছেল্ফি, স্মাৰকৰ আৰ্হি, কুইজ প্ৰতিযোগিতা।
  • ‘বিৰাসত’, নতুন দিল্লীৰ ‘হস্ততাঁত হাট’ (৩ ৰ পৰা ১৬ আগষ্টলৈ)ত ‘মেটিক ডিচপ্লে’ আৰু লাইভ’ প্ৰদৰ্শনৰ সৈতে হস্ততাঁত সামগ্ৰীৰ এক বিশেষ প্ৰদৰ্শনী
  • ‘বিৰাসত’- ‘দিল্লী হাট আইএনএ’-ত বিশেষ প্ৰদৰ্শনী (১ ৰ পৰা ১৫ আগষ্টলৈ),
  • ‘হস্ততাঁত ৰপ্তানি প্ৰোত্সাহন পৰিষদ’ৰ দ্বাৰা আয়োজিত বাৰাণসীত বিশেষ উৎস প্ৰদৰ্শনী (বি২বি)।
  • ‘ক্ৰাফ্টছ মিউজিয়াম’ (১ৰ পৰা ১৪ আগষ্টলৈ)ত ‘ন’ য়’ৰ উইভ’ অনুষ্ঠান - এই পদক্ষেপৰ জৰিয়তে ভাৰতৰ হস্ততাঁতৰ বিষয়ে শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰিব বিচাৰা হৈছে। সমগ্ৰ দিল্লীৰ বিদ্যালয়সমূহৰ প্ৰায় ১০,০০০ শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
  • হস্ততাঁত মেলা, সমগ্ৰ দেশৰ বিভিন্ন স্থানত ‘শিপিনী সেৱা কেন্দ্ৰ’ৰ দ্বাৰা আয়োজিত মহাবিদ্যালয়সমূহত সজাগতামূলক কাৰ্যক্ৰম।
  • বিষয়ভিত্তিক প্ৰদৰ্শন/বয়ন প্ৰদৰ্শন, পেনেল আলোচনা, হস্ততাঁত সন্দৰ্ভত কুইজ, ‘এনআইএফটি’ আৰু ‘আইআইএইচটি’-ৰ দ্বাৰা ‘ফেশ্বন প্ৰেজেণ্টেশ্যন’ সহ সজাগতা সম্পৰ্কীয় কাৰ্যক্ৰম।

***

AD/NS/KB



(Release ID: 2042121) Visitor Counter : 25