কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটৰ মুঠ ৫০,৬৫৫ কোটি টকা মূলধনী ব্যয় সাপেক্ষে ৯৩৬ কিমি দৈৰ্ঘ্যৰ ৮ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় হাই-স্পীড পথ কৰিডৰ প্ৰকল্পত অনুমোদন

এই প্ৰকল্পৰাজিয়ে সমগ্ৰ দেশতে লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধন, যানজঁট হ্ৰাস আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব

আগ্ৰা আৰু গোৱালিয়ৰৰ মাজত যাত্ৰাৰ সময় ৫০% হ্ৰাস পাব

খড়গপুৰ - মৰেগ্ৰাম কৰিডৰে পশ্চিম বংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ ৰূপান্তৰ সাধন কৰিব

কানপুৰৰ আশে-পাশে ঘাইপথৰ নেটৱৰ্কে কানপুৰ ৰিং ৰোডৰ জৰিয়তে যানজঁট হ্ৰাস কৰিব

ৰায়পুৰ-ৰাঁচী কৰিডৰ সম্পূৰ্ণ হোৱাৰ লগে-লগে ঝাড়খণ্ড আৰু ছত্তীশগড়ৰ বিকাশ ত্বৰান্বিত হ’ব

থাৰাদ আৰু আহমেদাবাদৰ মাজত নতুন কৰিডৰৰ জৰিয়তে গুজৰাটৰ হাই স্পীড ৰোড নেটৱৰ্ক সম্পূৰ্ণ হ’ব যিয়ে নিৰৱচ্ছিন্ন বন্দৰ সংযোগ প্ৰশস্ত আৰু লজিষ্টিক ব্যয় হ্ৰাস কৰিব

গুৱাহাটী ৰিং ৰোডে উত্তৰ-পূৰ্বাঞ্চললৈ নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰিব

অযোধ্যালৈ যাত্ৰা এতিয়া অধিক ত্বৰান্বিত হ’ব

পুনে আৰু নাচিকৰ মাজত ৮-লেনৰ ইলাভেটেড ফ্লাই অ’ভাৰ কৰিডৰ অংশই লজিষ্টিকছ খণ্ডক উদ্দীপনা যোগাব

Posted On: 02 AUG 2024 8:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে সমগ্ৰ দেশতে ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮ টা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় হাই স্পীড কৰিডৰ প্ৰকল্পত অনুমোদন জনাইছে। ৫০,৬৫৫ কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পৰাজি ৰূপায়ণ কৰা হ’ব। এই ৮ টা প্ৰকল্প ৰূপায়ণৰ ফলত আনুমানিক ৪.৪২ কোটি “মেন ডে’”ৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি হ’ব।

চমুকৈ প্ৰকল্পৰাজিঃ

১। ৬-লেনৰ আগ্ৰা-গোৱালিয়ৰ ৰাষ্ট্ৰীয় হাই-স্পীড কৰিডৰঃ

৮৮-কিলোমিটাৰ দৈৰ্ঘ্যৰ এই হাই-স্পীড কৰিডৰটো বিল্ড-কিউপেৰেট-ট্ৰেন্সফাৰ (BOT) ম’ডত সম্পূৰ্ণ প্ৰৱেশ-নিয়ন্ত্ৰিত ৬-লেনযুক্ত কৰিডৰ হিচাপে নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ মুঠ মূলধনী ব্যয় ৪,৬১৩ কোটি টকা। এই প্ৰকল্পই উত্তৰ দক্ষিণ কৰিডৰ (শ্ৰীনগৰ - কন্যাকুমাৰী)ৰ আগ্ৰা - গোৱালিয়ৰ অংশত যাতায়াতৰ ক্ষমতা দুগুণৰো অধিক বৃদ্ধিৰ বাবে বৰ্তমানৰ ৪-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিপূৰক হিচাপে কাম কৰিব।

২। ৪-লেনৰ খড়গপুৰ-মৰেগ্ৰাম ৰাষ্ট্ৰীয় হাই-স্পীড কৰিডৰঃ

খড়গপুৰ আৰু মৰেগ্ৰামৰ মাজত ২৩১-কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪-লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত হাইস্পীড কৰিডৰটো হাইব্ৰিড এনুইটি ম’ড (HAM)ত মুঠ ১০,২৪৭ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। খড়গপুৰ আৰু মৰেগ্ৰামৰ মাজত যাতায়াতৰ ক্ষমতা প্ৰায় ৫ গুণ বৃদ্ধিৰ বাবে বৰ্তমানৰ ২-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিপূৰক হিচাপে নতুন কৰিডৰটো নিৰ্মাণ কৰা হ’ব।

৩। ৬-লেনৰ থাৰাদ-দীছা-মেহছানা-আহমেদাবাদ ৰাষ্ট্ৰীয় হাই-স্পীড কৰিডৰঃ

২১৪-কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬-লেনযুক্ত হাই-স্পীড কৰিডৰটো বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (BOT) ম’ডত মুঠ ১০,৫৩৪ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। থাৰাদ - আহমেদাবাদ কৰিডৰে গুজৰাটৰ দুই মূল ৰাষ্ট্ৰীয় কৰিডৰ অৰ্থাৎ অমৃতসৰ - জামনগৰ কৰিডৰ আৰু দিল্লী - মুম্বাই এক্সপ্ৰেছৱেৰ মাজত সংযোগ প্ৰশস্ত কৰিব। ইয়াৰ ফলশ্ৰুতিত পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ ঔদ্যোগিক অঞ্চলপৰা মহাৰাষ্ট্ৰৰ প্ৰধান বন্দৰসমূহলৈ (জেএনপিটি, মুম্বাই আৰু নতুনকৈ-অনুমোদিত বাধৱন বন্দৰ) মালবাহী বাহনসমূহৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থাৰ সুবিধা হ’ব।

৪। ৪-লেনৰ অযোধ্যা ৰিং ৰোডঃ

৬৮-কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪-লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত অযোধ্যা ৰিং ৰোড হাইব্ৰিড এনুইটি ম’ড (HAM)ত মুঠ ৩,৯৩৫ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। এই ৰিং ৰোডে চহৰখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইষ্ট-ৱেষ্ট কৰিডৰ), ২২৭ এ, ২২৭বি ৰাষ্ট্ৰীয় ঘাইপথত যানজঁট হ্ৰাস কৰিব।

৫। ৰায়পুৰ-ৰাঁচী ৰাষ্ট্ৰীয় হাইস্পীড কৰিডৰৰ পাঠালগাঁও আৰু গুমলাৰ মাজত ৪-লেনৰ অংশঃ

ৰায়পুৰ - ৰাঁচী কৰিডৰৰ ১৩৭-কিমিৰ ৪-লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত পাঠালগাঁও - গুমলা অংশ হাইব্ৰিড এনুইটি ম’ড (HAM)ত মুঠ ৪,৪৭৩ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। ইয়াৰ জৰিয়তে সমগ্ৰ কৰিডৰটো সম্পূৰ্ণ হৈ উঠিব। গুমলা, লোহৰদাগা, ৰায়গড়, কোৰবা আৰু ধনবাদৰ খনন এলেকা তথা ৰায়পুৰ, দুৰ্গ, কোৰবা, বিলাসপুৰ, বোকাৰো আৰু ধনবাদত অৱস্থিত ঔদ্যোগিক আৰু উৎপাদন মণ্ডলৰ মাজত যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব।

৬। ৬-লেনৰ কানপুৰ ৰিং ৰোডঃ

কানপুৰ ৰিং ৰোডৰ ৪৭-কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬-লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত অংশটো অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ ম’ড (EPC)ত মুঠ ৩,২৯৮ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। এই খণ্ডই কানপুৰৰ আশে-পাশে ৬-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৰিং সম্পূৰ্ণ কৰিব।

৭। ৪-লেনৰ উত্তৰ গুৱাহাটী বাইপাছ আৰু বৰ্তমানৰ গুৱাহাটী বাইপাছৰ বহলকৰণ/উন্নীতকৰণঃ

১২১-কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড বিল্ড অপাৰেট টোল (BOT) ম’ডত মুঠ ৫,৭২৯ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। তিনিটা খণ্ডত অৰ্থাৎ ৪-লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত উত্তৰ গুৱাহাটী বাইপাছ (৫৬ কিলোমিটাৰ), ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ ৪-লেনযুক্ত বাইপাছ বহল কৰি ৬-লেনযুক্তকৰণ (৮ কিলোমিটাৰ), ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নীতকৰণ ( ৫৮ কিলোমিটাৰ) ইয়াৰ নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন বৃহৎ দলঙো নিৰ্মাণ কৰা হ’ব। গুৱাহাটী ৰিং ৰোডৰ জৰিয়তে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইষ্ট-ৱেষ্ট কৰিডৰ)ত দীৰ্ঘ দূৰত্বৰ যাতায়াতৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। এই ৰিং ৰোডে গুৱাহাটীৰ আশে-পাশে থকা অঞ্চলটোৰ প্ৰধান চহৰ/নগৰ - শিলিগুড়ি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাক সংযোগ কৰা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথসমূহত যানজঁট হ্ৰাস কৰিব তথা ঘাইপথসমূহক সংযোগ কৰিব।

৮। পুনেৰ ওচৰৰ ৮-লেনৰ ইলাভেটেড নাচিক ফাটা-খেড় কৰিডৰঃ

পুনেৰ ওচৰৰ নাচিক ফাটাৰপৰা খেড়লৈ ৩০-কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮-লেনযুক্ত ইলাভেটেড ৰাষ্ট্ৰীয় হাই-স্পীড কৰিডৰটো বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (BOT) ম’ডত মুঠ ৭,৮২৭ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। ইলাভেটেড কৰিডৰটোৱে পুনে আৰু নাচিকৰ মাজৰ ৬০ নং ৰাষ্ট্ৰীয় ঘাইপথত চকন, ভোছাৰী আদিৰ উদ্যোগ কেন্দ্ৰসমূহৰপৰা নিৰৱচ্ছিন্ন দ্ৰুতবেগী সংযোগ প্ৰশস্ত কৰিব।

***

DS/BM/SKS/SB



(Release ID: 2041062) Visitor Counter : 41