বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু সহনশীল জাতৰ শস্যৰ বিকাশৰ বাবে কৃষি গৱেষণা ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব

১০৯টা নতুন উচ্চ উৎপাদনক্ষম জাতৰ শস্য আৰু ৩২টা নতুন জলবায়ু অনুকূল জাত মুকলি কৰাৰ কথা ঘোষণা

অহা দুবছৰত এক কোটি কৃষকক প্ৰাকৃতিক কৃষি আৰম্ভ কৰিবলৈ প্ৰদান কৰা হ’ব সাহায্য

নীতিৰ উদ্দেশ্য হ’ল: গ্ৰাম্য অৰ্থনীতিৰ দ্ৰুত বৃদ্ধি আৰু বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি

Posted On: 23 JUL 2024 12:58PM by PIB Guwahati

কৃষিক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি আৰু বহনক্ষমতা অনাৰ ব্যৱস্থাৰ অংশ হিচাপে কৃষি গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া, প্ৰাকৃতিক কৃষিৰ প্ৰসাৰ আৰু ৰাষ্ট্ৰীয় সমবায় নীতিৰ দৰে বিভিন্ন ব্যৱস্থা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছে।

 

কৃষি গৱেষণাৰ পৰিৱৰ্তন

 

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰে উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু সহনশীল জাতৰ শস্যৰ বিকাশৰ বাবে কৃষি গৱেষণা ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা কৰিব। আজি সংসদত ‘২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট’ দাখিল কৰি তেওঁ কয় যে ব্যক্তিগত খণ্ডকে ধৰি সকলো খণ্ডৰ বিত্তীয় সাহায্য প্ৰত্যাহ্বানমূলকভাৱে কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰী আৰু অন্যান্য খণ্ডৰ বিশেষজ্ঞসকলে এই গৱেষণাসমূহৰ পৰিচালনাৰ তদাৰক কৰিব। বাজেটত কৃষকৰ খেতিৰ বাবে ১০৯টা নতুন উচ্চ উৎপাদনক্ষম জাতৰ শস্য আৰু ৩২টা নতুন জলবায়ু অনুকূল জাতৰ খেতিৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে।

 

প্ৰাকৃতিক কৃষি

 

বিত্তমন্ত্ৰী সীতাৰমণে লগতে ঘোষণা কৰে যে অহা দুবছৰত সমগ্ৰ দেশৰ এক কোটি কৃষকক প্ৰাকৃতিক কৃষিৰ বাবে সহায় আগবঢ়োৱা হ’ব, য’ত প্ৰমাণপত্ৰ আৰু ব্ৰেণ্ডিঙৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ কয় যে ইয়াৰ ৰূপায়ণ বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু আগ্ৰহী গ্ৰাম পঞ্চায়তৰ জৰিয়তে কৰা হ’ব। ইয়াৰ বাবে ১০ হাজাৰ প্ৰয়োজন ভিত্তিক জৈৱ-ইনপুট সম্পদ কেন্দ্ৰ স্থাপন কৰা হ’ব।

 

ৰাষ্ট্ৰীয় সমবায় নীতি

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায় খণ্ডৰ ব্যৱস্থাগত, পদ্ধতিগত আৰু সৰ্বাংগীন উন্নয়নৰ বাবে আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় সমবায় নীতি প্ৰণয়ন কৰিব। তেওঁ কয় যে এই নীতিৰ লক্ষ্য হৈছে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত কৰা আৰু বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা।

******

NB/SK/AD/AG/DB


(Release ID: 2037122) Visitor Counter : 54