তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আই আই এম চি আইজলত ভাৰতৰ ৫০০ সংখ্যক কমিউনিটি ৰেডিঅ’ ষ্টেচন- অপনা ৰেডিঅ’ ৯০.০ এফ এম উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে
শ্ৰী বৈষ্ণৱে দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ' বঁটাৰ বিজয়ীৰ নামো ঘোষণা কৰে
আই আই এম চিৰ অপনা ৰেডিঅ’ ষ্টেচন ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি : শ্ৰী বৈষ্ণৱ
प्रविष्टि तिथि:
25 JUL 2024 1:03PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে আজি দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ' বঁটাৰ বিজয়ীৰ নাম ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় তথ্য আৰুসম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান তথা মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালদুহোমাৰ উপস্থিতিত ভাৰতৰ ৫০০সংখ্যক কমিউনিটি ৰেডিঅ' ষ্টেচনটোও উদ্বোধন কৰে। 'আপনা ৰেডিঅ' ৯০.০ এফএম ষ্টেচনটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বন, আইজলৰ দ্বাৰা পৰিচালিত এটা ৰেডিঅ’ ষ্টেচন।
ভাৰতৰ কমিউনিটি ৰেডিঅ’ৰ বিজয়যাত্ৰাক এক মাইলৰ খুঁটি বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী বৈষ্ণৱে কয় যে এই পদক্ষেপে অপনা ৰেডিঅ’ ষ্টেচনে সামৰি লোৱা এলেকাৰ লোকসকলৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। তেওঁ লগতে কয় যে অপনা ৰেডিঅ’ ষ্টেচন ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে বিবেচিত হৈছে।
মন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক এই কথাও অৱগত কৰে যে কেন্দ্ৰীয় বাজেটে উত্তৰ-পূব অঞ্চলৰ বাবে ৰে’ল বাজেটৰ অধীনত অভিলেখ পৰিমাণৰ ধন আৱণ্টন দিছে। ইয়াৰ দ্বাৰা মিজোৰামে এক উন্নত ৰে’ল সংযোগ লাভৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱ কৰিব পাৰিব।
মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমাই সভাত ভাষণ দি কয় যে আই আই এম চি আইজলৰ অপনা ৰেডিঅ’ ষ্টেচনে ৰাজ্যখনৰ বাবে যোগাযোগৰ ক্ষেত্ৰ খনত এক নতুন অধ্যায়ৰ সূচনা কৰিব। কৃষিৰ উল্লেখযোগ্য সম্ভাৱনা থকাৰ বাবেই মিজোৰাম মূলতঃ কৃষিভিত্তিক ৰাজ্য হিচাবে পৰিগণিত হৈছে। কৃষক সম্প্ৰদায়ৰ বাবে এটা সামূহিক ৰেডিঅ’ ষ্টেচন স্থাপন কৰাটো অতি লাভজনক হ’ব, যাতে তেওঁলোকক দৈনিক বতৰৰ তথ্য, চৰকাৰী আঁচনি আৰু কৃষি সম্পৰ্কীয় তথ্য প্ৰদান কৰিব পৰা যায়। এই প্ৰকল্পটোক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা আন সকলো অংশীদাৰৰ অটল সমৰ্থন আৰু নিষ্ঠাক প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে এনে ষ্টেচন সামাজিকভাৱে প্ৰয়োজনীয় সেই বিষয়ে উল্লেখ কৰি কয় যে বাণিজ্যিক প্ৰকৃতিৰ ব্যক্তিগত ৰেডিঅ’ চেনেলৰ বিপৰীতেসমাজৰ একেবাৰে অন্তিম স্থৰলৈ তথ্য সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ ভূমিকা অপৰিসীম। তেনে উদ্দেশ্য পূৰণৰ বাবেই এনে ৰেডিঅ’ ষ্টেছনম স্থাপন কৰা হয়। তেওঁ লগতে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ষ্টেচনসমূহৰ ভূমিকা যথেষ্ট বৃদ্ধি পায়।
অনুষ্ঠানত উপস্থিত থকা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱেও কয় যে কৃষি সম্পৰ্কীয় তথ্য , কৃষকৰ কল্যাণৰ বাবে চৰকাৰী আঁচনি, বতৰৰ তথ্য আদি প্ৰচাৰত কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ৰেডিঅ’ ষ্টেছনৰ দ্বাৰা সম্প্ৰচাৰিত বিষয়বস্তু স্থানীয় উপভাষা আৰু আঞ্চলিক ভাষাত প্ৰদান কৰা হয়। এই কমিউনিটি ৰেডিঅ’সমূহ সমাজৰ দৰিদ্ৰ তথা প্ৰান্তীয় শ্ৰেণীৰ লোকৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, যিসকলৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ সুবিধা গ্ৰহণ কৰাৰ বিশেষ কোনো সুবিধা নাই।
তেওঁ আৰু কয় যে মন্ত্ৰালয়ে সমগ্ৰ দেশতে কমিউনিটি ৰেডিঅ’ ষ্টেচনক অধিক উন্নত ৰূপত গঢ় দিয়াৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে।
আই আই এম চিৰ উপাচাৰ্য ড০ অনুপমা ভাটনাগৰে কয় যে ‘অপনা ৰেডিঅ’ ৯০.০ এফ এম’ মুকলি কৰাটো মিজোৰামৰ ইতিহাসৰ এক নতুন অধ্যায় হিচাবে বিবেচিত হৈছে, যিয়ে বাৰ্তালাপৰ জৰিয়তে জনগোষ্ঠীসমূহক একত্ৰিত কৰিব, স্থানীয় সংস্কৃতি প্ৰদৰ্শনৰ সুবিধা দিব, প্ৰকৃত তথ্যৰ প্ৰচাৰেৰে নাগৰিকসকলক সবল কৰি তুলিব।
দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ' বঁটাৰ বিজয়ীসকল
শ্ৰেণী: বিষয়ভিত্তিক বঁটা
প্ৰথম পুৰস্কাৰ: ৰেডিঅ' ময়ুৰ, জিলা ছাৰণ, বিহাৰ, অনুষ্ঠান: টেক সখী
দ্বিতীয় পুৰস্কাৰঃ ৰেডিঅ’ কোচি, কেৰেলা, অনুষ্ঠানঃ নিৰংগল
তৃতীয় পুৰস্কাৰঃ হেল্ল’ ডুন, ডেৰাডুন, উত্তৰাখণ্ড, কাৰ্যসূচী: মেৰী বাত
শ্ৰেণী: সৰ্বাধিক উদ্ভাৱনীমূলক সম্প্ৰদায়ৰ সংযোগ বঁটা
প্ৰথম পুৰস্কাৰ: য়েৰলাৱনী সংগলী, মহাৰাষ্ট্ৰ, কাৰ্যসূচী: কাহানী সুনন্দাচী
দ্বিতীয় পুৰস্কাৰ: ভাইলাগা ভানোলি, মাদুৰাই, তামিলনাডু , কাৰ্যসূচী : লেটছ বিল্ড এ নিউ নৰ্ম
তৃতীয় পুৰস্কাৰ: ছালাম নমস্তে নয়দা, উত্তৰ প্ৰদেশ, কাৰ্যসূচীৰ বাবে: মেইড দিদি
শ্ৰেণী: স্থানীয় সংস্কৃতিৰ প্ৰসাৰ বঁটা
প্ৰথম পুৰস্কাৰ: ৰেডিঅ' ব্ৰহ্মপুত্ৰ, ডিব্ৰুগড়, অসম , অনুষ্ঠান: ইগাৰেকুন
দ্বিতীয় পুৰস্কাৰ: ৰেডিঅ’ কোটাগিৰি, নীলগিৰি, তামিলনাডু , অনুষ্ঠান: এন মক্কালুদন অৰু পায়ানাম
তৃতীয় পুৰস্কাৰ: ৰেডিঅ' এক্টিভ, ভাগলপুৰ, বিহাৰ, অনুষ্ঠান: অং প্ৰদেশ কি আদবুত ধৰোহৰ
শ্ৰেণী: বহনক্ষমতাৰ আৰ্হি বঁটা
প্ৰথম পুৰস্কাৰ: কেৰালাৰ কোল্লামৰ বিচপ বেনজিগাৰ হাস্পতাল ছ’চাইটিৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ বেনজিগাৰ
দ্বিতীয় পুৰস্কাৰঃ ইয়ং ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ নমস্কাৰ, ক’নাৰ্ক, ওড়িশা
তৃতীয় পুৰস্কাৰঃ চৰণবছবেশ্বৰ বিদ্যাবৰ্দ্ধক সংঘৰ দ্বাৰা পৰিচালিত ৰেডিঅ’ অন্তৰৱানী, গুলবাৰ্গা, কৰ্ণাটক
কমিউনিটি ৰেডিঅ’ ষ্টেচন (চি আৰ এছ)ৰ মাজত উদ্ভাৱন আৰু সুস্থ প্ৰতিযোগিতাক উৎসাহিত কৰাৰ বাবে মন্ত্ৰালয়ে ২০১১-১২ চনত ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটা প্ৰদান কৰা আৰম্ভ কৰিছিল।
সাধাৰণতে প্ৰতি বছৰে ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটা প্ৰদান কৰা হয়। এই প্ৰক্ৰিয়া অব্যাহত ৰাখি আজি মন্ত্ৰালয়ে তলত উল্লেখ কৰা ৪টা শিতানত দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে।
- বিষয়ভিত্তিক বঁটা
- সৰ্বাধিক উদ্ভাৱনীমূলক সম্প্ৰদায়ৰ সংযোগ বঁটা
- স্থানীয় সংস্কৃতিৰ প্ৰচাৰ বঁটা
- বহনক্ষমতাৰ আৰ্হি বঁটা
প্ৰতিটো শিতানত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ১ লাখ টকা, ৭৫,০০০ আৰু ৫০,০০০ টকা আগবঢ়োৱা হয়।


***
Saurabh Singh
(रिलीज़ आईडी: 2037105)
आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada