বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বাজেট, ২০২৪-২০২৫ৰ সাৰাংশ

ভাৰতৰ মুদ্ৰাস্ফীতি নিম্ন, সুস্থিৰ আৰু ৪ শতাংশ লক্ষ্যৰ দিশে আগবাঢ়িছে

৫ বছৰত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু আন-আন সুযোগৰ বাবে ২ লাখ কোটি টকা ব্যয় সাপেক্ষে ৫ আঁচনি আৰু পদক্ষেপৰ পিএম পেকেজ

‘বিকশিত ভাৰত’ৰ অন্বেষণেৰে বাজেটত সকলোৰে বাবে যথেষ্ট সুযোগ সৃষ্টিৰ বাবে ৯ অগ্ৰাধিকাৰত স্থায়ী প্ৰচেষ্টা গ্ৰহণৰ কথা চিন্তা কৰা হৈছে

২০২৪-২৫ৰ বাজেটত নিয়োগ, দক্ষতা, এমএছএমই আৰু মধ্যবিত্ত শ্ৰেণীত গুৰুত্ব আৰোপ কৰা হৈছে

কৃষিৰ বাবে মুকলি কৰা হ’ব নতুন ১০৯ অধিক-উৎপাদনশীল আৰু জলবায়ু-অনুকূল ৩২ পথাৰ আৰু উদ্যান শস্য

অহা দুবছৰত দেশজুৰি ১ কোটি কৃষকক প্ৰাকৃতিক কৃষিৰ বাবে উদ্দীপনা যোগোৱা হ’ব

এই বৰ্ষৰ বাবে কৃষি আৰু সংযোগী খণ্ডলৈ ১.৫২ লাখ কোটি টকাৰ ব্যৱস্থা

১,০০০ টা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উন্নীতকৰণ

বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশক সামৰি পূব অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে পূৰ্বোদয়া শীৰ্ষক পৰিকল্পনা গ্ৰহণ কৰিব

মহিলা আৰু কন্যাসকলক উপকৃতকাৰী আঁচনিৰ বাবে বাজেটত ৩ লাখ কোটিৰো অধিক টকা আবন্টন জনোৱা হৈছে

এই বৰ্ষত গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিকে প্ৰমুখ্য ক

Posted On: 23 JUL 2024 1:21PM by PIB Guwahati

 

প্ৰথম খণ্ড

বিশ্ব অৰ্থনীতি নীতিগত অনিশ্চয়তাৰ মাজত থকাৰ পিছতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰধাৰা অব্যাহত আছে আৰু আগন্তুক বছৰসমূহতো এই ধাৰা অব্যাহত থাকিব। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৪-২৫ৰ কেন্দ্ৰীয় বাজেট দাখিলেৰে কয় যে ভাৰতৰ মুদ্ৰাস্ফীতি কম, সুস্থিৰ আৰু ৪ শতাংশ লক্ষ্যৰ দিশে আগবাঢ়িছে। বৰ্তমান মূল মুদ্ৰাস্ফীতি (অখাদ্য, অ-ইন্ধন) ৩.১ শতাংশ আৰু নষ্ট হ’ব পৰা সামগ্ৰীৰ যোগান পৰ্য্যাপ্তভাৱে বজাৰত উপনীত হোৱাটো নিশ্চিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অন্তৱৰ্তীকালীন বাজেট

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্তৱৰ্তীকালীন বাজেটত উল্লেখ কৰা অনুসৰি, ৪টা প্ৰধান স্তম্ভত গুৰুত্ব আৰোপ কৰা হৈছে, যথাঃ ‘গৰীৱ’ (দৰিদ্ৰ), ‘মহিলা’ (নাৰী), ‘যুৱ’ (যুৱ সমাজ) আৰু ‘অন্নদাতা’ (কৃষক)।

বাজেটৰ বিষয়বস্তু

বাজেটৰ বিষয়বস্তু সন্দৰ্ভত গুৰুত্ব আৰোপেৰে শ্ৰীমতী সীতাৰমনে কয় যে এই বাজেটত আমি বিশেষকৈ নিয়োগ, দক্ষতা, এমএছএমইআৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। ৫ বছৰত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু আন-আন সুযোগৰ সুবিধাৰ বাবে ২ লাখ কোটি টকা ব্যয় সাপেক্ষে ৫ আঁচনি আৰু পদক্ষেপৰ পিএমৰ পেকেজৰ ব্যৱস্থা কৰা হৈছে। এইবাৰ শিক্ষা, কৰ্মসংস্থাপন আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকা আবন্টন জনোৱা হৈছে।

                                                                 

বাজেটৰ অগ্ৰাধিকাৰ

বিত্তমন্ত্ৰীয়ে কয়, এখনি ‘বিকশিত ভাৰত’ৰ অন্বেষণেৰে বাজেটত সকলোৰে বাবে যথেষ্ট সুযোগ সৃষ্টিৰ বাবে ৯ অগ্ৰাধিকাৰত স্থায়ী প্ৰচেষ্টা গ্ৰহণৰ কথা চিন্তা কৰা হৈছেঃ

১/ কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা

২/ নিয়োগ আৰু দক্ষতা

৩/ সৰ্বাংগীন মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়

৪/ উৎপাদন আৰু সেৱা

৫/ নগৰ উন্নয়ন

৬/ শক্তি সুৰক্ষা

৭/ আন্তঃগাঁথনি

৮/ উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন আৰু

৯/ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন

                                                               

অগ্ৰাধিকাৰ ১: কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে উৎপাদনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপেৰে চৰকাৰে কৃষি গৱেষণা ব্যৱস্থাৰ বিস্তৃত পৰ্য্যালোচনাৰ কাম হাতত ল’ব। কৃষিৰ বাবে নতুন ১০৯ অধিক-উৎপাদনশীল আৰু জলবায়ু-অনুকূল ৩২ পথাৰ আৰু উদ্যান শস্যমুকলি কৰা হ’ব।

অহা দুবছৰত সমগ্ৰ দেশৰ ১ কোটি কৃষকক প্ৰমাণপত্ৰ আৰু ব্ৰেণ্ডিঙৰদ্বাৰা সমৰ্থিত প্ৰাকৃতিক কৃষিৰ বাবে উদ্দীপনা যোগোৱা হ’ব।

১০ হাজাৰ প্ৰয়োজনভিত্তিক জৈৱ-ইনপুট সম্পদ কেন্দ্ৰ স্থাপন কৰা হ’ব।

দাইল আৰু তৈলবীজৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰতাৰ বাবে চৰকাৰে ইয়াৰ উৎপাদন, সংৰক্ষণ আৰু বিপণন প্ৰক্ৰিয়া ব্যাপক কৰিব।

চৰকাৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে ৩ বছৰৰ ভিতৰত কৃষক আৰু তেওঁলোকৰ মাটিক সামৰি ল’বলৈ কৃষিক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI) ৰূপায়ণৰ সুবিধা প্ৰদান কৰিব।

শ্ৰীমতী সীতাৰমনে এই বছৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ বাবে ১.৫২ লাখ কোটি টকাৰ ব্যৱস্থা ঘোষণা কৰে।

                                                                

অগ্ৰাধিকাৰ ২: নিয়োগ আৰু দক্ষতা

বিত্তমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে চৰকাৰে ‘নিয়োগ সংযুক্ত প্ৰৰোচনা’ৰ বাবে ৩খন আঁচনি ৰূপায়ণ কৰিব। এইসমূহ ইপিএফঅ’ত নামভৰ্তিৰ ওপৰত ভিত্তি কৰি হ’বআৰু পোন-প্ৰথমবাৰৰ বাবে কৰ্মচাৰীক স্বীকৃতি প্ৰদানতথা কৰ্মচাৰী আৰু নিয়োগকৰ্তাক সহায়ত গুৰুত্ব আৰোপ কৰা হ’ব।

উদ্যোগৰ সহযোগত শ্ৰমিক মহিলাৰ হোষ্টেল স্থাপনআৰু ক্ৰেচ স্থাপনৰ জৰিয়তেও চৰকাৰে কৰ্মশক্তিত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব।

দক্ষতা কাৰ্যসূচীৰ কথা উল্লেখেৰে বিত্তমন্ত্ৰীয়ে ৰাজ্য চৰকাৰ আৰু উদ্যোগৰ সহযোগত দক্ষতাৰ বাবে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত চতুৰ্থ আঁচনি হিচাপে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত এখনি নতুন আঁচনিৰ কথা ঘোষণা কৰে। ৫ বছৰৰ ভিতৰত ২০ লাখ যুৱক-যুৱতী দক্ষ হৈ উঠিব আৰু ১০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উন্নীত কৰা হ’ব।

লগতে ঘোষণা কৰে যে মডেল স্কিল লোন আঁচনিখন সংশোধনেৰে চৰকাৰী প্ৰম’টেড ফাণ্ডৰ নিশ্চয়তাৰে৭.৫ লাখ টকা পৰ্য্যন্ত বৃদ্ধি কৰা হ’ব, যিয়ে প্ৰতি বছৰে ২৫,০০০ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে।

চৰকাৰী আঁচনি আৰু নীতিৰ অধীনত কোনো সুবিধাৰ বাবে যোগ্য নোহোৱা যুৱক-যুৱতীসকলক সহায়ৰ বাবে ঘৰুৱা প্ৰতিষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ১০ লাখ টকাপৰ্য্যন্ত ঋণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ অৰ্থে ঋণৰ পৰিমাণৰ ৩ শতাংশ বাৰ্ষিক সুত সাহায্যৰ বাবে প্ৰতি বছৰে ১ লাখ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ ই—ভাউচাৰ প্ৰদান কৰা হ’ব।

                                                                   

অগ্ৰাধিকাৰ ৩: সৰ্বাংগীন মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়

চেচুৰেচনৰ কথা উল্লেখেৰে বিত্তমন্ত্ৰীয়ে কয় যে শিল্পী, শিপিনী, আত্মসহায়ক গোট, অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা উদ্যোগীআৰু পথৰ বিক্ৰেতাসকলৰ বাবে আঁচনি ৰূপায়ণ কৰা হ’ব তথা পিএম বিশ্বকৰ্মা, পিএম স্বনিধি, ৰাষ্ট্ৰীয় জীৱিকা অভিযানআৰু ষ্টেণ্ড-আপ ইণ্ডিয়াক তীব্ৰতৰ কৰা হ’ব।

পূৰ্বোদয়

বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশক সামৰি দেশৰ পূব অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে পূৰ্বোদয় শীৰ্ষক পৰিকল্পনা প্ৰস্তুত কৰিব। ইয়াৰদ্বাৰা মানৱ সম্পদৰ উন্নয়ন, আন্তঃগাঁথনিআৰু অঞ্চলটোক বিকশিত ভাৰতৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অৰ্থনৈতিক সুযোগৰ সৃষ্টি আদিক প্ৰচেষ্টাক সামৰি লোৱা হ’ব।

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে জনজাতীয় সমাজৰ আৰ্থ-সামাজিক অৱস্থাৰঅগ্ৰগতি সাধনৰ বাবে চৰকাৰে জনজাতি অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজৰঅভিযোজনাৰে ৫ কোটি জনজাতীয় লোকক উপকৃতকাৰী প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান আৰম্ভ কৰিব।

বেংকিং সেৱা সম্প্ৰসাৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংকৰ ১০০ৰো অধিক শাখা স্থাপন কৰা হ’ব।

তেখেতে কয় যে এই বছৰ গ্ৰামীণ আন্তঃগাঁথনিকে প্ৰমুখ্য কৰি গ্ৰামোন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

                                                                     

অগ্ৰাধিকাৰ ৪: উৎপাদন আৰু সেৱা

এমএছএমইৰ প্ৰোৎসাহনৰ বাবে সমৰ্থন

শ্ৰীমতী সীতাৰমনে কয় যেএই বাজেটত এমএছএমই আৰু উৎপাদন, বিশেষকৈ শ্ৰম নিবিড় উৎপাদনত বিশেষ মনোযোগ প্ৰদান কৰা হৈছে। পৃথকভাৱে গঠিত স্ব-বিত্তীয় নিশ্চয়তা পুঁজিয়ে প্ৰতিজন আবেদনকাৰীক ১০০ কোটি টকাপৰ্য্যন্ত নিশ্চয়তা ক’ভাৰ প্ৰদান কৰিব। একেদৰে, ৰাজহুৱা খণ্ডৰ বেংকসমূহে বাহ্যিক মূল্যায়নৰ ওপৰত নিৰ্ভৰ নকৰি, ঋণৰ বাবে এমএছএমইসমূহ মূল্যায়নৰ বাবে নিজৰ অভ্যন্তৰীণ সামৰ্থ্য গঢ়ি তুলিব। এমএছএমইসমূহৰ চাপৰ সময়ছোৱাত বেংক ক্ৰেডিট অব্যাহত ৰখাৰ সুবিধাৰ বাবেও এক নতুন ব্যৱস্থা ঘোষণা কৰে।

মুদ্ৰা ঋণ

যিসকল উদ্যোগীয়ে ‘তৰুণ’ শিতানৰ অধীনত পূৰ্বৰ ঋণৰ সুবিধা লৈ সফলতাৰে পৰিশোধ কৰিছে, তেওঁলোকৰ বাবে মুদ্ৰা ঋণৰ সীমা বৰ্তমানৰ ১০ লাখ টকাৰপৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব।

খাদ্যৰগুণগত মান আৰু সুৰক্ষা পৰীক্ষণৰ বাবে এমএছএমই ইউনিট

এমএছএমই খণ্ডত ৫০ বহুজাতীয় খাদ্য ইউনিট স্থাপনৰ বাবে আৰ্থিক সহায় আগবঢ়োৱা হ’ব। এনএবিএলৰ স্বীকৃতিৰে ১০০টা খাদ্যৰ গুণাগুণ আৰু সুৰক্ষা পৰীক্ষণ লেব স্থাপন কৰা হ’ব। এমএছএমই আৰু পৰম্পৰাগত কাৰিকৰসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম কৰিবলৈ ই-কমাৰ্চ ৰপ্তানি হাবসমূহ ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰিত্ব (PPP) ধৰণত স্থাপন কৰা হ'ব।

শীৰ্ষ কোম্পানীত ইন্টাৰ্নশ্বিপ

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত ৫ম আঁচনি হিচাপে চৰকাৰে ৫ বছৰত ১ কোটি যুৱক-যুৱতীক ৫০০ শীৰ্ষ কোম্পানীত ইন্টাৰ্নশ্বিপৰ সুযোগ প্ৰদানেৰে এক বিস্তৃত আঁচনি আৰম্ভ কৰিব।

অগ্ৰাধিকাৰ ৫: নগৰ উন্নয়ন

নগৰীয়া গৃহ নিৰ্মাণ

পিএমআৱাস যোজনানগৰীয়া২.০ৰ অধীনত ১ কোটি নগৰীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা ১০ লাখ কোটি টকা বিনিয়োগেৰে পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত অহা ৫ বছৰত ২.২ লাখ কোটি টকাৰকেন্দ্ৰীয় সাহায্যও থাকিব।

পানী যোগান আৰু অনাময় ব্যৱস্থা

ৰাজ্য চৰকাৰ আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ সৈতে অংশীদাৰিত্বৰে চৰকাৰে বেংকযোগ্য প্ৰকল্পৰ জৰিয়তে ১০০খন বৃহৎ চহৰৰ বাবে পানী যোগান, নলা পৰিশোধন আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প তথা সেৱাসমূহ প্ৰসাৰিত কৰিব।

পিএম স্বনিধি

তেখেতে লগতে কয় যে পথৰ বিক্ৰেতাসকলৰ জীৱন-যাত্ৰা ৰূপান্তৰিতকৰণৰ ক্ষেত্ৰত পিএম স্বনিধি আঁচনিৰ সফলতাৰেঅগ্ৰসৰ হৈ চৰকাৰে প্ৰতি বছৰে, অহা পাঁচ বছৰত নিৰ্বাচিত চহৰসমূহত ১০০ সাপ্তাহিক ‘হাট’ বা ষ্ট্ৰীট ফুড হাবৰ উন্নয়নত সহায়ক হোৱাকৈ এক আঁচনিৰ পৰিকল্পনা কৰিছে।

অগ্ৰাধিকাৰ ৬: শক্তি সুৰক্ষা

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্তৱৰ্তীকালীন বাজেটত কৰা ঘোষণাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফ্ট বিজুলী যোজনা আৰম্ভ কৰা হৈছে যাতে প্ৰতিমাহে ১ কোটি পৰিয়ালে ৩০০ ইউনিট পৰ্য্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পাৰে, তাৰ বাবে ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ১.২৮ কোটিৰো অধিক পঞ্জীয়ন আৰু ১৪ লাখ আবেদনেৰে এই আঁচনিখনে উল্লেখযোগ্য সঁহাৰি লাভ কৰিছে।

পাৰমাণৱিক শক্তিয়ে বিকশিত ভাৰতৰ বাবে শক্তিৰ মিশ্ৰণৰ এক অতিশয় উল্লেখযোগ্য অংশ অধিকাৰ কৰিব বুলি আশা কৰা হৈছে।

অগ্ৰাধিকাৰ ৭: আন্তঃগাঁথনি

 

বিত্তমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে কেন্দ্ৰীয় চৰকাৰে বছৰ বছৰ ধৰি আন্তঃগাঁথনি নিৰ্মাণ আৰু উন্নতিৰ ক্ষেত্ৰত কৰা উল্লেখযোগ্য বিনিয়োগে অৰ্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। চৰকাৰে অন্যান্য অগ্ৰাধিকাৰৰ আৱশ্যকতা আৰু বিত্তীয় একত্ৰীকৰণৰ সৈতে সংগতি ৰাখি অহা ৫ বছৰত আন্তঃগাঁথনিৰ বাবে শক্তিশালী বিত্তীয় সমৰ্থন বজাই ৰখাৰ চেষ্টা কৰিব। এই বছৰ মূলধনী ব্যয়ৰ বাবে ১১,১১,১১১ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো আমাৰ জিডিপিৰ ৩.৪ শতাংশ।

 

Pradhan Mantri Gram SadakYojana (PMGSY)

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোগ্য ২৫ হাজাৰ গাঁৱক সকলো বতৰৰ উপযোগী হোৱাকৈ পিএমজিএছৱাইৰ চতুৰ্থ পৰ্যায় কাম আৰম্ভ কৰা হ’ব।

বিহাৰত জলসিঞ্চন আৰু বান প্ৰশমন কাৰ্য ত্বৰান্বিত কৰিবলৈ জলসিঞ্চন সুবিধা কাৰ্যসূচী আৰু অন্যান্য উৎসৰ জৰিয়তে চৰকাৰে আনুমানিক ১১,৫০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব৷ যাৰ অধীনত কোচি-মেচি আন্তঃৰাজ্যিক সংযোগ আৰু আন ২০টা চলিত নতুন প্ৰকল্প বান্ধ নিৰ্মাণ, নদী প্ৰদূষণ হ্ৰাস আৰু জলসিঞ্চন প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি বান ব্যৱস্থাপনা, ভূমিস্খলন আৰু আনুষংগিক প্ৰকল্পৰ বাবে অসম, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমক কেন্দ্ৰীয় চৰকাৰে সাহায্য প্ৰদান কৰিব।

 

অগ্ৰাধিকাৰ ৮:উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন

চৰকাৰে মৌলিক গৱেষণা আৰু প্ৰ’ট’টাইপ বিকাশৰ বাবে গৱেষণা ৰাষ্ট্ৰীয় গৱেষণা পুঁজি কাৰ্যকৰী কৰিব আৰু অন্তৱৰ্তীকালীন বাজেটত ১ লাখ কোটি টকাৰ পুঁজিৰে ব্যৱসায়িক পৰ্যায়ত ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ব্যৱস্থা স্থাপন কৰিব।

মহাকাশ অৰ্থনীতি

অহা ১০ বছৰত মহাকাশ অৰ্থনীতি পাঁচগুণ সম্প্ৰসাৰণৰ ওপৰত আমাৰ অবিৰত গুৰুত্বৰ সৈতে সংগতি ৰাখি ১০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল পুঁজি স্থাপন কৰা হ’ব।

 

অগ্ৰাধিকাৰ ৯: পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ

 

অৰ্থনৈতিক নীতিৰ পৰিকাঠামো

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অৰ্থনৈতিক উন্নয়নৰ সামগ্ৰিক দৃষ্টিভংগী চিত্ৰিত কৰিবলৈ অৰ্থনৈতিক নীতিৰ পৰিকাঠামো প্ৰণয়ন কৰিব আৰু নিয়োগৰ সুযোগ সহজ কৰি তোলা আৰু উচ্চ বিকাশ বজাই ৰখাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ পৰিসৰ নিৰ্ধাৰণ কৰিব।

শ্ৰম সম্পৰ্কীয় সংস্কাৰ

চৰকাৰে শ্ৰমিকক নিয়োগ আৰু দক্ষতাৰ বাবে সেৱাকে ধৰি বহুতো সেৱাৰ সুবিধা প্ৰদান কৰিব। ই-শ্ৰম পৰ্টেলৰ অন্যান্য পৰ্টেলৰ সৈতে ব্যাপক সংহতি ৰক্ষা কৰাৰ ফলত এনে দিশসমূহ থিতাতে সমাধানৰ সুবিধা হ’ব। উদ্যোগ আৰু বাণিজ্যৰ বাবে সহজলভ্যতা বৃদ্ধিৰ বাবে শ্ৰম সুবিধা আৰু সমাধান পৰ্টেলসমূহ নতুনকৈ সজাই তোলা হ’ব।

 

 

জলবায়ু অভিযোজন আৰু প্ৰশমনৰ বাবে মূলধনৰ উপলব্ধতা বৃদ্ধিৰ বাবে চৰকাৰে জলবায়ু বিত্তৰ বাবে এক শ্ৰেণীবিভাজন প্ৰস্তুত কৰিব।

প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু বহিঃৰাজ্য বিনিয়োগ

প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু বহিঃৰাষ্ট্ৰত বিনিয়োগৰ নিয়ম-নীতিসমূহ সৰল কৰা হ’ব যাতে (১) প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সুবিধা হয়, (২) অগ্ৰাধিকাৰক উদ্গনি যোগোৱা হয় আৰু (৩) বহিঃৰাষ্ট্ৰৰ বিনিয়োগৰ বাবে ভাৰতীয় টকাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ প্ৰসাৰ কৰা হয়।

এন পি এছ বাৎসল্য

নাবালকৰ বাবে এন পি এছ-বাৎসল্য শীৰ্ষক পিতৃ-মাতৃ আৰু অভিভাৱকৰ অৱদানৰ আঁচনি আৰম্ভ কৰা হ’ব। প্ৰাপ্তবয়স্ক অৱস্থাত উপনীত হোৱাৰ লগে লগে আঁচনিখনক স্বাভাৱিক এন পি এছ একাউণ্টলৈ ৰূপান্তৰিত কৰিব পাৰিব।

নতুন পেঞ্চন আঁচনি (এনপিএছ)

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এন পি এছৰ পৰ্যালোচনা কৰা সমিতিখনে নিজৰ কামত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবে বিত্তীয় বিচক্ষণতা বজাই ৰাখি প্ৰাসংগিক সমস্যাসমূহ সমাধান কৰিব পৰাকৈ সমাধান প্ৰস্তুত কৰা হ’ব।

.

 

 

বাজেট প্ৰাককলন ২০২৪-২৫

বিত্তমন্ত্ৰীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ মুঠ লাভ আৰু ঋণৰ বাহিৰে আন মুঠ ব্যয় ক্ৰমে ৩২.০৭ লাখ কোটি আৰু ৪৮.২১ লাখ কোটি টকা বুলি ধাৰণা কৰা হৈছে। শুদ্ধ কৰ লাভৰ পৰিমাণ ২৫.৮৩ লাখ কোটি আৰু বিত্তীয় ঘাটি জিডিপিৰ ৪.৯ শতাংশ বুলি ধাৰণা কৰা হৈছে।

তেওঁ কয় যে ২০২৪-২৫ চনৰ ভিতৰত ডেটেড ছিকিউৰিটিজৰ জৰিয়তে মুঠ আৰু শুদ্ধ বজাৰ ঋণ ক্ৰমে ১৪.০১ লাখ কোটি আৰু ১১.৬৩ লাখ কোটি টকা বুলি ধাৰণা কৰা হৈছে।

শ্ৰীমতী সীতাৰমনে দৃঢ়তাৰে কয় যে ২০২১ চনত তেওঁ ঘোষণা কৰা বিত্তীয় একত্ৰীকৰণ পথে অৰ্থনীতিক অতি ভালদৰে সেৱা আগবঢ়াইছে আৰু অহা বছৰ চৰকাৰে ঘাটি ৪.৫ শতাংশৰ তললৈ নমাই অনাৰ লক্ষ্য লৈছে।

দ্বিতীয় খণ্ড

 

দেশৰ চাৰি কোটি দৰমহাপ্ৰাপ্ত ব্যক্তি আৰু পেঞ্চনাৰক প্ৰত্যক্ষ কৰত সকাহ দিয়াৰ উপৰিও কেন্দ্ৰীয় বাজেট ২০২৪-২৫য়ে অহা ছমাহত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰসমূহ ব্যাপকভাৱে পৰ্যালোচনা কৰি ইয়াক সৰলীৰকৰণৰ লগতে কৰ প্ৰাদুৰ্ভাৱ আৰু অনুসৰণৰ বোজা হ্ৰাস কৰি আৰু কৰৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বাজেটত কৰ ভিত্তি উন্নত আৰু ঘৰুৱা উৎপাদনক সহায় কৰিবলৈ আৱকাৰী শুল্কৰ হাৰৰ গাঁথনিৰ পৰ্যালোচনাৰ লগতে জিএছটি কৰ গাঁথনিৰ ব্যাপক যুক্তিসংগতকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। আয়কৰ আইনখনৰ এক বিস্তৃত পৰ্যালোচনাৰ লক্ষ্য হৈছে বিবাদ আৰু মোকৰ্দমা হ্ৰাস কৰা আৰু আইনখনক স্পষ্ট, সংক্ষিপ্ত আৰু পঢ়িবলৈ সহজ কৰি তোলা। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে কৰ্পৰেট আৰু ব্যক্তিগত আয়কৰৰ বাবে ৰেহাই আৰু কৰ্তন অবিহনে কৰ ব্যৱস্থাৰ সৰলীকৰণ কৰদাতাসকলে প্ৰশংসা কৰিছে, কিয়নো ২০২২-২৩ চনত কৰ্পৰেট কৰ ৫৮ শতাংশতকৈ অধিক সৰলীকৃত কৰ ব্যৱস্থাৰ অধীনত আছে আৰু দুই তৃতীয়াংশতকৈ অধিক কৰদাতাই নতুন ব্যক্তিগত আয়কৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

.

 

২০২৪-২৫ চনৰ বাজেটত নতুন কৰ ব্যৱস্থা বাছি লোৱাসকলৰ বাবে দৰমহাপ্ৰাপ্ত কৰ্মচাৰীৰ মানক কৰ্তন ৫০,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে পেঞ্চনাৰ পৰিয়ালৰ পেঞ্চনৰ কৰ্তন ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। এতিয়া মূল্যায়ন বছৰৰ শেষৰ পৰা ৫ বছৰলৈকে তিনি বছৰৰ পিছত পুনৰ মুকলি কৰিব পাৰি, যদিহে পলায়ন কৰা আয় ৫০ লাখত টকাতকৈ অধিক হয়। নতুন কৰ ব্যৱস্থাৰ হাৰৰ গাঁথনিও সংশোধন কৰি এজন দৰমহাপ্ৰাপ্ত কৰ্মচাৰীক আয়কৰ হিচাপে ১৭,৫০০ টকালৈকে সুবিধা প্ৰদান কৰা হৈছে।

 

আয়ৰ সীমা (Income Slabs)

কৰৰ হাৰ

০ – ৩ লাখ টকা

নাই

৩ – ৭ লাখ টকা

৫ শতাংশ

৭ – ১০ লাখ টকা

১০ শতাংশ

১০ – ১২ লাখ টকা

১৫ শতাংশ

১২ – ১৫ লাখ টকা

২০ শতাংশ

১৫ লাখ টকাৰ ওপৰত

৩০ শতাংশ

১ নং তালিকাঃ নতুন কৰ ব্যৱস্থা কৰ গাঁথনি

https://static.pib.gov.in/WriteReadData/userfiles/image/image020JQFW.jpg

বিনিয়োগ আৰু নিয়োগ বৃদ্ধিৰ বাবে বাজেটখনে সকলো শ্ৰেণীৰ বিনিয়োগকাৰীৰ বাবে এঞ্জেল টেক্স আঁতৰাই উদ্যোগীকৰণৰ মনোভাৱ আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰক উন্নীত কৰিছে। তদুপৰি দেশত ঘৰুৱা ক্ৰুজ চলোৱা বিদেশী জাহাজ কোম্পানীসমূহৰ বাবে সৰলীকৃত কৰ ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হৈছে। দেশত কেঁচা হীৰা বিক্ৰী কৰা বিদেশী খনন কোম্পানীসমূহে এতিয়া নিৰাপদ হাৰত লাভৱান হ’ব পাৰিব, যাৰ ফলত হীৰা উদ্যোগটো উপকৃত হ’ব। তদুপৰি বিদেশী কোম্পানীসমূহৰ ওপৰত কৰ্পৰেট কৰৰ হাৰ ৪০ শতাংশৰ পৰা ৩৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

বাজেটত দাতব্য প্ৰতিষ্ঠানৰ বাবে প্ৰত্যক্ষ কৰ ব্যৱস্থা, টিডিএছৰ হাৰ আৰু মূলধনী লাভৰ কৰ সৰল কৰা হৈছে। দাতব্য কামৰ বাবে কৰ ৰেহাইৰ দুটা ব্যৱস্থা একেলগে একত্ৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বহু লেনদেনৰ ৫ শতাংশ টিডিএছৰ হাৰ ২ শতাংশলৈ হ্ৰাস কৰা হৈছে আৰু ইউনিট পুনৰ ক্ৰয়ৰ বাবে মিউচুৱেল ফাণ্ড বা ইউটিআইৰ দ্বাৰা ধনাদায়ৰ ২০ শতাংশ টিডিএছ হাৰ বাতিল কৰা হৈছে। ই-কমাৰ্চ অপাৰেটৰৰ টিডিএছৰ হাৰ ১ শতাংশৰ পৰা ০.১ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে টিচিএছৰ পৰিমাণক দৰমহাৰ ওপৰত কৰ্তন কৰিবলগীয়া টিডিএছ গণনাত সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। তদুপৰি টিডিএছৰ বাবে ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখলৈকে টিডিএছৰ ধন পৰিশোধ কৰাত পলম কৰাটো অপৰাধমুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। টিডিএছ বাবদ ধনৰ বাবে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) উলিয়াবলৈ আৰু এনে বাবদ ধনৰ বাবে কম্পাউণ্ডিং গাইডলাইন সৰল আৰু যুক্তিসংগত কৰাৰ পৰিকল্পনা কৰা হৈছে।

এতিয়াৰে পৰা কিছুমান বিত্তীয় সম্পত্তিৰ ওপৰত হ্ৰস্বম্যাদী লাভৰ ওপৰত ২০ শতাংশ হাৰত কৰ আৰোপ কৰা হ’ব। সকলো বিত্তীয় আৰু অবিত্তীয় সম্পত্তিৰ ওপৰত দীৰ্ঘম্যাদী লাভে ১২.৫ শতাংশ কৰ হাৰ আকৰ্ষণ কৰিব। বাজেটত নিম্ন আৰু মধ্যম আয়ৰ গোটৰ সুবিধাৰ্থে মূলধনী লাভৰ ৰেহাইৰ সীমা বছৰি ১.২৫ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

এবছৰতকৈ অধিক সময় ধৰি ৰখা তালিকাভুক্ত বিত্তীয় সম্পত্তিক দীৰ্ঘম্যাদী হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব আনহাতে তালিকাভুক্ত নোহোৱা বিত্তীয় সম্পত্তি আৰু সকলো অবিত্তীয় সম্পত্তি দীৰ্ঘম্যাদী হিচাপে শ্ৰেণীভুক্ত হ’বলৈ কমেও দুবছৰ ধৰি ৰাখিব লাগিব।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে হোল্ডিং পিৰিয়ড নিৰ্বিশেষে তালিকাভুক্ত নোহোৱা বণ্ড আৰু ডিবেঞ্চাৰ, ঋণ মিউচুৱেল ফাণ্ড আৰু বজাৰ সংযুক্ত ডিবেঞ্চাৰৰ ওপৰত প্ৰযোজ্য কৰ হাৰত মূলধনী লাভৰ কৰ প্ৰদান কৰা হ’ব।

জিএছটিয়ে সাধাৰণ মানুহৰ ওপৰত কৰ বোজা কমাইছে বুলি স্বীকাৰ কৰি ইয়াক অপৰিসীম সফলতা বুলি অভিহিত কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে জিএছটিয়ে বাণিজ্য আৰু উদ্যোগৰ অনুপালনৰ বোজা আৰু লজিষ্টিক খৰচ হ্ৰাস কৰিছে। বাজেটত শুল্ক আৰু আয়কৰৰ বাকী থকা সেৱাসমূহ অধিক ডিজিটেলাইজ আৰু কাগজবিহীন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত সংস্কাৰ আৰু অহা দুবছৰত আপীল আদেশ কাৰ্যকৰী কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে।

বাণিজ্যক যুক্তিসংগত আৰু সহজ কৰি তুলিবলৈ আৰু বিবাদ হ্ৰাস কৰিবলৈ সীমা শুল্ক সংশোধন কৰা হৈছে। কৰ্কট ৰোগীক সকাহ দি আৰু তিনিটা কেন্সাৰ চিকিৎসাৰ ঔষধ ক্ৰমে ট্ৰাষ্টুজুমেব ডেৰুক্সিটেকেন, অচিমেৰটাইনিব আৰু ডাৰভালুমেবৰ সীমা শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে। চিকিৎসা এক্স-ৰে মেচিন নিৰ্মাণত ব্যৱহৃত এক্স-ৰে টিউব আৰু ফ্লেট পেনেল ডিটেক্টৰত বেচিক সীমা শুল্ক ​​(বিচিডি) হ্ৰাস কৰা হ’ব। মোবাইল ফোন, প্ৰিণ্টেড চাৰ্কিট বৰ্ড এছেম্বলি (পিচিবিএ) আৰু মোবাইল চাৰ্জাৰৰ বিচিডি ১৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। জটিল খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণ আৰু পৰিশোধনক প্ৰসাৰিত কৰিবলৈ বাজেটত লিথিয়ামৰ দৰে ২৫টা আপুৰুগীয়া খনিজ পদাৰ্থক সীমা শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে আৰু ইয়াৰে ২টাত বিচিডি হ্ৰাস কৰা হৈছে। বাজেটত সৌৰ পেনেল নিৰ্মাণৰ বাবে মূলধনী সামগ্ৰীৰ ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। ভাৰতৰ সাগৰীয় খাদ্যৰ ৰপ্তানি বৃদ্ধিৰ বাবে ব্ৰুডষ্টক, পলিচ কৃমি, চিংৰা আৰু মাছৰ খাদ্যৰ বিচিডি পাঁচ শতাংশলৈ হ্ৰাস কৰা হৈছে। এই বাজেটৰ জৰিয়তে ভাৰতীয় চামৰা আৰু বস্ত্ৰজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাব। স্পেণ্ডেক্স সূতা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা মিথাইলিন ডাইফেনাইল ডাইআইছ’চাইনেট (এমডিআই)ৰ ওপৰত বিচিডি ৭.৫ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস কৰা হৈছে। সোণ আৰু ৰূপৰ ওপৰত সীমা শুল্ক ৬ শতাংশ আৰু প্লেটিনামৰ ওপৰত ৬.৪ শতাংশ হ্ৰাস কৰা হৈছে। পাইপলাইনত থকা আৰু নতুন ক্ষমতাক সমৰ্থন কৰিবলৈ ফেৰ’ নিকেল আৰু ব্লিষ্টাৰ কপাৰৰ বিচিডি আঁতৰোৱাৰ বিপৰীতে এমোনিয়াম নাইট্ৰেটৰ ওপৰত বিচিডি ৭.৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। একেদৰে পিভিচি ফ্লেক্স বেনাৰত থকা বিচিডি পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি বিবেচনা কৰি ১০ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ঘৰুৱা উৎপাদনক উৎসাহিত কৰিবলৈ বিশেষ দূৰসংযোগ সঁজুলিৰ পিচিবিএৰ ওপৰত বিচিডি ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

.

 

 

বিবাদ নিষ্পত্তি আৰু বেকলগ মুক্ত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আপীলত বাকী থকা কিছুমান আয়কৰ বিবাদৰ সমাধানৰ বাবে বিভাদ ছে বিশ্বাস আঁচনি, ২০২৪ৰ প্ৰস্তাৱ আগবঢ়ায়। উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু ন্যায়াধিকৰণত প্ৰত্যক্ষ কৰ, আবকাৰী কৰ আৰু সেৱা কৰ সম্পৰ্কীয় আপীল দাখিলৰ আৰ্থিক সীমা ক্ৰমে ৬০ লাখ, ২ কোটি আৰু ৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি নিৰাপদ বন্দৰৰ নিয়মৰ পৰিসৰ বৃদ্ধি কৰা হ’ব আৰু স্থানান্তৰ মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়াক যুক্তিসংগত কৰি মোকদৰ্মা হ্ৰাস কৰা হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় কৰত নিশ্চয়তা প্ৰদান কৰা হ’ব।

*****

NB/SNC/VV/VC/DB



(Release ID: 2036011) Visitor Counter : 39