বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেটে অৰ্থনৈতিক বিকাশত মহিলাৰ বৰ্ধিত ভূমিকাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে
মহিলা আৰু কন্যা সন্তানক লাভান্বিত কৰা আঁচনিৰ বাবে ৩ লাখ কোটি টকাৰো অধিক ধন আৱণ্টন কৰা হৈছে
উদ্যোগৰ সহযোগত কৰ্মৰত মহিলাৰ বাবে হোষ্টেল স্থাপন কৰা হ'ব
प्रविष्टि तिथि:
23 JUL 2024 12:50PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উপস্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২৪-২৫ বৰ্ষত অৰ্থনৈতিক বিকাশত মহিলাৰ বৰ্ধিত ভূমিকাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ এক শক্তিশালী ইংগিত প্ৰদান কৰে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে মহিলা আৰু কন্যা সন্তানক লাভান্বিত কৰা আঁচনিৰ বাবে ৩ লাখ কোটি টকাৰো অধিক ধন আৱণ্টনৰ ঘোষণা কৰে । তেওঁ কয় যে মহিলাকেন্দ্ৰিক বিকাশৰ বাবে ইয়াক এক ব্যৱস্থা হিচাপে পৰিকল্পনা কৰা হৈছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে অন্তৱৰ্তীকালীন বাজেটত চাৰিটা মুখ্য জাতি অৰ্থাৎ দৰিদ্ৰ, মহিলা, যুৱ আৰু অন্নদাতা (কৃষক)ৰ অংশ হোৱা 'মহিলা'ৰ ওপৰত দিয়া গুৰুত্বৰ কথা স্মৰণ কৰে আৰু পুনৰ এবাৰ কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত সন্দৰ্ভত কয়, " জাতি, ধৰ্ম লিংগ আৰু বয়স নিৰ্বিশেষে, তেওঁলোকৰ জীৱনৰ লক্ষ্য আৰু আকাংক্ষা পূৰণৰ বাবে আমি সংকল্প লৈছো।''
মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চৰকাৰে উদ্যোগৰ সহযোগত কৰ্মৰত মহিলাৰ বাবে আৱাস আৰু ক্ৰেছ স্থাপন কৰি কৰ্মত নিয়োজিত মহিলাসকলক অধিক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও, এই অংশীদাৰীত্বৰ বাবে মহিলা-নিৰ্দিষ্ট দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা আৰু আত্মসহায়ক গোটৰ উদ্যোগীসকলৰ বাবে বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হ'ব।
***
NB/MV/RJ/AR
(रिलीज़ आईडी: 2035907)
आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam