বিত্ত মন্ত্ৰালয়

ক্ৰমবৰ্দ্ধমান প্ৰত্যাহ্বানৰ সন্মুখত ভাৰতৰ অগ্ৰগতি অটুত ৰখা আৰু ত্বৰান্বিত কৰাৰ বাবে চৰকাৰী যন্ত্ৰপাতিত সমৰ্পিত বিনিয়োগৰ প্ৰয়োজন, যাতে ইয়াক পুনৰ সক্ৰিয় আৰু সুসজ্জিত কৰিব পাৰি - অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪

সমীক্ষাটোত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ জ্যেষ্ঠ পদবীত পাৰ্শ্বীয় নিযুক্তিৰ আৰম্ভ আৰু ইয়াৰ সম্প্ৰসাৰণৰ বাবে পৰামৰ্শ দিয়া হৈছে

Posted On: 22 JUL 2024 3:24PM by PIB Guwahati

মধ্যম্যাদী দৃষ্টিভংগীত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ ৰণনীতিয়ে যাতে ফল লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্যৰ ক্ষমতা আৰু সামৰ্থ্য বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪ত এই কথা উল্লেখ কৰা হৈছে। সমীক্ষাত কোৱা হৈছে যে ক্ৰমবৰ্দ্ধমান প্ৰত্যাহ্বানৰ সন্মুখত ভাৰতৰ প্ৰগতি বজাই ৰখা আৰু ত্বৰান্বিত কৰাৰ বাবে চৰকাৰী যন্ত্ৰপাতিত সমৰ্পিত বিনিয়োগৰ প্ৰয়োজন। সমীক্ষাত কোৱা হৈছে যে ২০১৪ চনৰ পৰা ভাৰতে নাগৰিকসকলৰ কল্যাণ বৃদ্ধিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰদান আৰু প্ৰত্যক্ষ লাভালাভ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু অসামৰিক সেৱা এই পৰিৱৰ্তনশীল প্ৰচেষ্টাসমূহৰ কেন্দ্ৰবিন্দু হৈ আছে।

 

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে চৰকাৰে মিছন কৰ্মযোগী আৰম্ভ কৰি ক্ষমতা নিৰ্মাণৰ প্ৰত্যাহ্বানৰ উত্তৰ দিছে, যিয়ে সমস্যাটো অধিক সুগম উপঘটকলৈ বিভাজিত কৰে। সমীক্ষাত কোৱা হৈছে যে কাৰ্যসূচীটোৱে কৰ্মস্থানৰ ভূমিকা আৰু শ্ৰমিকৰ দক্ষতা সংযোগ কৰি ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ ব্যৱস্থাপনা প্ৰণালীৰ মাজত এক অতি প্ৰয়োজনীয় সেঁতু নিৰ্মাণ কৰে। 

 

সমীক্ষাটোত কোৱা হৈছে যে প্ৰাক-চাকৰি প্ৰশিক্ষণ আৰু চলিত পেছাদাৰী বিকাশ উভয়ৰ ক্ষেত্ৰত ক্ষমতা নিৰ্মাণ কাৰ্যসূচীবোৰ এনেভাৱে প্ৰস্তুত কৰিব পাৰি যিয়ে এজন চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ ভূমিকা ভালদৰে সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট দক্ষতা গঢ়ি তুলিব পাৰে। সমীক্ষাটোত আৰু কোৱা হৈছে যে আইজিঅ'টি কৰ্মযোগী মঞ্চ দ্ৰুতগতিত এক কেন্দ্ৰীয় নোডলৈ ৰূপান্তৰিত হৈছে যিয়ে প্ৰশাসনিক অধিকাৰীসকলক উপযুক্ত আৰু প্ৰয়োজনভিত্তিক দক্ষতা বৃদ্ধিৰ মডিউলত প্ৰৱেশ কৰিবলৈ, তেওঁলোকৰ দক্ষতাৰ প্ৰয়োজনীয়তা আৰু ব্যৱধানৰ ওপৰত নজৰ ৰখা তথা বিভিন্ন বিভাগত জ্ঞান আৰু শিক্ষণ ভাগ বতৰা কৰিবলৈ সক্ষম কৰে।

 

সমীক্ষাটোত লগতে কোৱা হৈছে যে শেহতীয়া বছৰবোৰত, চৰকাৰে এক স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ জ্যেষ্ঠ পদবীত পাৰ্শ্বীয় নিযুক্তিৰ আৰম্ভণি কৰিছে আৰু পৰামৰ্শ দিছে যে ইয়াক যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত কৰা প্ৰয়োজন। লগতে কোৱা হৈছে যে বিশেষত্ব থকা সকলো ক্ষেত্ৰতে প্ৰশাসনিক অধিকাৰীসকলৰ বাবে বুনিয়াদী আৰু মধ্য-কেৰিয়াৰ প্ৰশিক্ষণৰ কৌশল যোগ্যতা আৰু মনোভাৱক পুনঃ সক্ৰিয় আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে পুনৰ বিবেচনা কৰা হব।

 

 

**************

 

 NB/SK/VM//KG



(Release ID: 2035400) Visitor Counter : 4