বিত্ত মন্ত্ৰালয়
‘সামাজিক সেৱা খণ্ড’ত ব্যয়ৰ পৰিমাণ ২০১৭-১৮ বৰ্ষৰ ‘জিডিপি’ৰ ৬.৭% ৰ পৰা ২০২৩-২৪ বৰ্ষত ‘জিডিপি’ৰ ৭.৮% লৈ বৃদ্ধি হৈছে
আনুমানিক ১৩.৫ কোটি ভাৰতীয়ই ২০১৫-১৬ আৰু ২০১৯-২১ৰ সময়ছোৱাৰ ভিতৰত ‘বহুমাত্ৰিক দাৰিদ্ৰ’ৰ গ্ৰাসৰ পৰা মুক্ত হ’ব পাৰিছে
प्रविष्टि तिथि:
22 JUL 2024 2:50PM by PIB Guwahati
শেহতীয়া বছৰসমূহত কল্যাণৰ বাবে গ্ৰহণ কৰা এক শক্তিশালী দৃষ্টিভংগীৰ জৰিয়তে ভাৰতৰ সামাজিক আৰু প্ৰতিষ্ঠানগত প্ৰগতি প্ৰাপ্ত কৰা হৈছে, কিয়নো নতুন পদ্ধতিটোৱে চৰকাৰী কাৰ্যসূচীসমূহৰ ৰূপায়ণ আৰু ব্যয় কাৰ্যকাৰিতাৰ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে। এই পদ্ধতিত ‘অন্তিম মাইল’-ৰ সেৱা প্ৰদানৰ বাবে ‘সংস্কাৰৰ লক্ষ্যপূৰ্ণ ৰূপায়ণ’ আৰু ‘অটল পেঞ্চন যোজনা’ (এপিওৱাই)ৰ দৰে আঁচনিসমূহৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সুলভ সামাজিক সুৰক্ষা আঁচনি অন্তৰ্ভুক্ত আছে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা ‘অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪’-ত এই কথা উল্লেখ কৰা হৈছে।

‘বহুমাত্ৰিক দাৰিদ্ৰ’ৰ সংখ্যা হ্ৰাস
সামাজিক সেৱা ব্যয় ২০১৭-১৮ বৰ্ষৰ ‘জিডিপি’ৰ ৬.৭% ৰ পৰা ২০২৩-২৪ বৰ্ষত ‘জিডিপি;ৰ ৭.৮% লৈ বৃদ্ধি হৈছে। কাৰ্যসূচীসমূহৰ উন্নত ৰূপায়ণৰ লগতে বৰ্ধিত অৰ্থনৈতিক গুৰুত্বৰ ফলত ‘বহুমাত্ৰিক দাৰিদ্ৰ’ (ৰাষ্ট্ৰীয়) ‘বহুমাত্ৰিক দাৰিদ্ৰ সূচকাংক’ (এমপিআই) ২০১৫-১৬ বৰ্ষৰ ০.১১৭ৰ পৰা ২০১৯-২১ বৰ্ষত ০.০৬৬ লৈ প্ৰায় আধালৈ অৱনমিত হৈছে। ফলস্বৰূপে, ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৯-২১ বৰ্ষৰ ভিতৰত ১৩.৫ কোটি ভাৰতীয় ‘বহুমাত্ৰিক দাৰিদ্ৰ’ৰ গ্ৰাসৰ পৰা মুক্ত হৈছে বুলি অনুমান কৰা হৈছে। ‘অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪’-ত এই তথ্য উল্লেখ কৰা হৈছে।
বিহাৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু ৰাজস্থানৰ দৰে ৰাজ্যত পৰিলক্ষিত আটাইতকৈ গুৰুত্বপূৰ্ণ উন্নতিৰে এই প্ৰৱণতা গ্ৰাম্য ভাৰতৰ দ্বাৰা সঞ্চালিত হৈছে। উত্তৰ প্ৰদেশত দৰিদ্ৰ লোকৰ সংখ্যা আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে হ্ৰাস পাইছে, ২০১৫-১৬ আৰু ২০১৯-২১ৰ সময়ছোৱাৰ ভিতৰত ৩.৪৩ কোটি লোক ‘বহুমাত্ৰিক দাৰিদ্ৰ’ৰ পৰা মুক্ত হৈছে।
গাঁও-নগৰৰ প্ৰভেদ আৰু বৈষম্য হ্ৰাস
অৰ্থনৈতিক সমীক্ষাই এইটোও আঙুলিয়াই দিছে যে সামাজিক খণ্ডৰ বিভিন্ন পদক্ষেপৰ ফলাফলে বৈষম্য হ্ৰাস কৰিছে। যোৱা দশকটোত গ্ৰাম্য খণ্ডৰ বাবে গিনি গুণাংক ০.২৮৩ ৰ পৰা ০.২৬৬ লৈ আৰু নগৰ খণ্ডৰ বাবে ০.৩৬৩ ৰ পৰা ০.৩১৪ লৈ হ্ৰাস পাইছে।
একেদৰে, গ্ৰাম্য-নগৰীয় প্ৰভেদো যথেষ্ট হ্ৰাস পাইছে, কিয়নো ‘গ্ৰাম্য আৰু নগৰীয়া মাহিলী জনমূৰি ব্যৱহাৰ ব্যয়’ৰ (এমপিচিই) মাজৰ পাৰ্থক্য ২০১১-১২ বৰ্ষৰ ৮৩.৯% ৰ পৰা ২০২২-২৩ চনত ৭১.২% লৈ হ্ৰাস পাইছে।
***
NB/MV/SK/KB
(रिलीज़ आईडी: 2035395)
आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam