বিত্ত মন্ত্ৰালয়

ভাৰতৰ ‘পাৱাৰ গ্ৰিড’-য়ে বিশ্বৰ অন্যতম সৰ্ববৃহৎ একত্ৰিকৃত বিদ্যুৎ গ্ৰিড হিচাপে আত্মপ্ৰকাশ কৰিছে: অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪

অক্টোবৰ ২০১৭-ত ‘সৌভাগ্য’-ৰ ৰূপায়ণ আৰম্ভ হোৱাৰ পিছত ২.৮৬ কোটি পৰিয়ালৰ বৈদ্যুতিকীকৰণ

দেশখনে শক্তি মিশ্ৰণত অ-জীৱাশ্ম ইন্ধনৰ অৱদান বৃদ্ধি কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে

‘নৱীকৰণযোগ্য শক্তি খণ্ড’ই ২০২৪ ৰ পৰা ২০৩০ চনৰ ভিতৰত ভাৰতলৈ ৩০.৫ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে

Posted On: 22 JUL 2024 2:23PM by PIB Guwahati

"ভাৰতৰ বিদ্যুৎ সংপ্ৰেৰণ ব্যৱস্থাটো ১,১৮,৭৪০ মেগাৱাট (মেগাৱাট) বিদ্যুত্ স্থানান্তৰিত কৰিব পৰা আন্তঃ-আঞ্চলিক সামৰ্থ্যবিশিষ্ট এটা কম্পনাঙ্কত চলি থকা এটা ‘গ্ৰিড’ৰ সৈতে সংযোজিত। ই বিশ্বৰ অন্যতম বৃহৎ ‘একত্ৰিকৃত বিদ্যুৎ গ্ৰিড’ হিচাপে আত্মপ্ৰকাশ কৰিছে"। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪ত এই বিষয়ে উল্লেখ কৰা হৈছে। ৩১ মাৰ্চ ২০২৪ পৰ্যন্ত সংপ্ৰেৰণ প্ৰণালীটো ৪,৮৫,৫৪৪ ‘চাৰ্কিট কিলোমিটাৰ’ দৈৰ্ঘ্যৰ ‘সংপ্ৰেৰণ লাইন’ আৰু ১২,৫১,০৮০ ‘মেগা ভল্ট এম্পিয়াৰ’ (এমভিএ)লৈ সম্প্ৰসাৰিত হৈছে বুলি সমীক্ষাটোত উল্লেখ কৰিছে।

ভাৰত চৰকাৰে খণ্ডটোৰ সম্প্ৰসাৰণ আৰু দেশত বিদ্যুতৰ নিৰন্তৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ দিহা কৰিছে। বিত্তীয় বৰ্ষ ২৪-ত বিদ্যুতৰ সৰ্বাধিক চাহিদা ১৩ শতাংশ হাৰেৰে বাঢ়ি ২৪৩ গিগাৱাটলৈ বৃদ্ধি পাইছে। সমীক্ষাটোত উল্লেখ কৰা মতে, বিত্তীয় বৰ্ষ ২৩ আৰু বিত্তীয় বৰ্ষ ২৪-ৰ মাজত উপযোগিতাৰ বাবে ‘নৱীকৰণযোগ্য শক্তি সম্পদ’ত বিদ্যুৎ উৎপাদনৰ সৰ্বাধিক বৃদ্ধি নথিভুক্ত কৰা হৈছে।

অৰ্থনৈতিক সমীক্ষা অনুসৰি, বিভিন্ন আঁচনিৰ অধীনত অক্টোবৰ ২০১৭-ত ‘সৌভাগ্য আঁচনি’ৰ ৰূপায়ণ আৰম্ভ হোৱাৰ পিছত মুঠ ২.৮৬ কোটি পৰিয়ালক বিদ্যুত্ প্ৰদান কৰা হৈছে। তদুপৰি, ইয়াত কোৱা হৈছে যে ‘বিদ্যুৎ (বিলম্বিত পৰিশোধ উপকৰ আৰু সম্পৰ্কিত বিষয়) অধিনিয়ম, ২০২২’-ৰ ৰূপায়ণে ‘ডিছকম’ৰ লগতে বিদ্যুৎ উপভোক্তা আৰু উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহক সকাহ দিছে।

নৱীকৰণযোগ্য খণ্ড

জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ ‘ফ্ৰেমৱৰ্ক কনভেনশ্যন’-ৰ অধীনত ভাৰতে ২০৩০ চনৰ ভিতৰত অ-জীৱাশ্ম ইন্ধন-আধাৰিত শক্তি সম্পদৰ পৰা প্ৰায় ৫০ শতাংশ সংগ্ৰহযোগ্য বৈদ্যুতিক শক্তি উত্পাদনী সামৰ্থ্য প্ৰাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ২০৩০ চনৰ ভিতৰত অ-জীৱাশ্ম উৎসৰ পৰা ৫০০ গিগা ৱাট (জিডব্লিউ)বিদ্যুৎ উত্পাদনক্ষম সামৰ্থ্য আহৰণ কৰাৰ দিশত কাম কৰি আছে।

অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে যে, ৩১ মাৰ্চ ২০২৪ তাৰিখ পৰ্যন্ত দেশত মুঠ ১৯০.৫৭ গিগাৱাট ‘নৱীকৰণযোগ্য শক্তি’ (আৰই) উত্পাদন সামৰ্থ্যবিশিষ্ট আন্তঃগাঁথনি স্থাপন কৰা হৈছে। দেশত মুঠ স্থাপিত উৎপাদন সামৰ্থ্যত ‘আৰই’-ৰ অংশ হৈছে ৪৩.১২ শতাংশ,  সমীক্ষাটোত উল্লেখ কৰা মতে, ।

ভাৰতত পৰিষ্কাৰ শক্তি খণ্ডত ২০১৪ ৰ পৰা ২০২৩ চনৰ ভিতৰত ৮.৫ লাখ কোটি টকা নতুন বিনিয়োগ হোৱা দেখা গৈছে বুলি জৰীপটোত আলোকপাত কৰা হৈছে। ইয়াত কোৱা হয় যে ‘আৰই খণ্ড’ই ২০২৪ ৰ পৰা ২০৩০ চনৰ ভিতৰত ভাৰতলৈ প্ৰায় ৩০.৫ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে আৰু ই সমগ্ৰ মূল্য শৃংখলাত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব।

‘কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় বিদ্যুৎ পৰিকল্পনা’ অনুসৰি, জৰীপটোত উল্লেখ কৰা হৈছে যে ২০২৩-২৪ বৰ্ষত মুঠ স্থাপিত সামৰ্থ্যৰ ৪৪১.৯ গিগাৱাটৰ ভিতৰত প্ৰায় ২০৩.৪ গিগাৱাট (হাইড্ৰ', নিউক্লিয়াৰ, সৌৰ, বায়ু, বায়োমাছ, সৰু হাইড্ৰ' , পাম্প ষ্টোৰেজ পাম্প) আধাৰিত সামৰ্থ্য ২০২৬-২৭ বৰ্ষত ৩৪৯ গিগাৱাট (৫৭.৩ শতাংশ)আৰু ২০২৯-৩০ বৰ্ষত ৫০০.৬ গিগাৱাট (৬৪.৪ শতাংশ)লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

***

NB/KSY/VM/M/MM/KB



(Release ID: 2035298) Visitor Counter : 15