প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পদ্মশ্ৰী বঁটা বিজয়ী কমলা পূজাৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

Posted On: 20 JUL 2024 4:45PM by PIB Guwahati

পদ্মশ্ৰী বঁটা বিজয়ী কমলা পূজাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কৃষিক্ষেত্ৰলৈ, বিশেষকৈ জৈৱিক কৃষি পদ্ধতিক উন্নীত কৰা আৰু থলুৱা বীজক সুৰক্ষা দিয়াত কীৰ্তিচিহ্নস্বৰূপ অৱদান আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

এটা এক্স পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰীমতী  কমলা পূজাৰী জীৰ মৃত্যুত দুখ লাগিছে। তেওঁ কৃষিক্ষেত্ৰলৈ, বিশেষকৈ জৈৱিক কৃষি পদ্ধতিক উন্নীত কৰা আৰু থলুৱা বীজক সুৰক্ষা দিয়াত কীৰ্তিচিহ্নস্বৰূপ অৱদান আগবঢ়াইছিল। দীৰ্ঘস্থায়িত্বক সমৃদ্ধ কৰা আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ কাম বছৰ বছৰ ধৰি স্মৰণীয় হৈ থাকিব। জনজাতীয় জনগোষ্ঠীসমূহক সবলীকৰণৰ ক্ষেত্ৰতো তেওঁ আছিল এক জ্যোতি। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।”

**********

DS/ST



(Release ID: 2034730) Visitor Counter : 9