প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ডঃ আৰ বালাসুব্ৰমনিয়ামৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে

Posted On: 17 JUL 2024 8:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ আৰ বালাসুব্ৰমনিয়ামক সাক্ষাৎ কৰে আৰু তেওঁৰ 'পাৱাৰ উইদিনঃ দ্য লিডাৰশ্বিপ লিগেচী অৱ নৰেন্দ্ৰ মোদী' নামৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰে। কিতাপখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যাত্ৰা দাঙি ধৰিছে আৰু পশ্চিমীয়া আৰু ভাৰতীয় দৃষ্টিকোণেৰে ইয়াক ব্যাখ্যা কৰিছে। লগতে এই দুয়োকে একত্ৰিত কৰি ৰাজহুৱা সেৱাৰ জীৱন যাপন কৰিবলৈ বিচৰাসকলৰ বাবে এক ৰোডমেপ প্ৰদান কৰিছে।

 

ডঃ আৰ বালাসুব্ৰমনিয়ামৰ দ্বাৰা এক্সত কৰা এটা পোষ্টৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

 

"আজি পুৱা ডঃ আৰ. বালাসুব্ৰমনিয়ামক লগ পাই আনন্দিত হ’লোঁ। লগতে তেওঁৰ কিতাপখনৰ এটা কপিত স্বাক্ষৰ কৰিলোঁ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভকামনা যাচিলোঁ।"

 

**************

 

DS/TS/KG



(Release ID: 2034198) Visitor Counter : 12