পোষ্ট কৰা হৈছে:
08 JUL 2024 6:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হয়। মস্কোত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মাণ্টুৰভে ভানুকোভ’-দ্বিতীয় বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত সহ-অধ্যক্ষতা কৰিব। মস্কোত ভাৰতীয় সমূদায়ৰ সদস্যসকলৰ সৈতেও তেওঁ মত বিনিময় কৰিব।
******
DS/ST/DB