প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক্ৰিকেটলৈ আগবঢ়ৱা অৱদানৰ বাবে ৰবীন্দ্ৰ জাদেজাক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা

Posted On: 30 JUN 2024 7:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাক বিগত বছৰসমূহত খেলবিধৰ বিভিন্ন বিভাগত কৰা প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

খেলুৱৈজীৱনত ‘টি-২০ ক্ৰিকেট’ত দাঙি ধৰা প্ৰদৰ্শনৰ বাবেও তেওঁক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

‘টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট’ৰ পৰা ‘অলৰাউণ্ডাৰ’গৰাকীয়ে অৱসৰ ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"প্ৰিয় @imjadeja,

আপুনি এগৰাকী ‘অলৰাউণ্ডাৰ’ হিচাপে অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰিছিল। ক্ৰিকেটপ্ৰেমীসকলে আপোনাৰ ষ্টাইলিছ ষ্ট্ৰোক খেল, স্পিন আৰু সুন্দৰ ফিল্ডিংৰ ভূয়সী প্ৰশংসা কৰে। বিগত বছৰসমূহত ‘টি-২০’ত দাঙি ধৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে আপোনাক ধন্যবাদ। আগন্তুক দিনবোৰত আপুনি গ্ৰহণ কৰিব খোজা প্ৰচেষ্টাসমূহৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

***

 

DS/RT/KB


(Release ID: 2030130)