প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘হুল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জনজাতীয় নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 30 JUN 2024 2:32PM by PIB Guwahati

সিদ্ধো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে জনজাতীয় নায়কসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা আত্মসন্মান আৰু বীৰত্বগাঁথা সুঁৱৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেইসকল বীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘হুল দিৱস’ হৈছে আমাৰ জনজাতীয় সমাজৰ অতুলনীয় সাহস, সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি সমৰ্পিত এক মহান অনুষ্ঠান।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"হুল দিৱস হৈছে আমাৰ জনজাতীয় সমাজৰ অপ্ৰতীম সাহস, সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি সমৰ্পিত এক মহান অনুষ্ঠান। এই পৱিত্ৰ দিনটোত সিদ্ধো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে জনজাতীয় নায়কসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি জাপপন কৰিছো। ব্ৰিটিছ সাম্ৰাজ্যৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ আত্মসন্মান আৰু বীৰত্বৰ কাহিনীবোৰ সদায় দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। ”

***

DS/ST/KB



(Release ID: 2029831) Visitor Counter : 3