পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

১৮ সংখ্যক “পৰিসংখ্যা দিৱস” আজি “সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ ব্যৱহাৰ” শীৰ্ষক বিষয়ত পালন কৰা হয়

১৬ সংখ্যক বিত্ত আয়োগৰ অধ্যক্ষ ড° অৰবিন্দ পানাগাৰিয়াই কয় যে ভাৰতে উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ তথ্যভিত্তিক নীতি নিৰ্ধাৰণ অব্যাহত ৰাখিব লাগে


এই উপলক্ষে ই-পৰিসংখ্যা পৰ্টেল মুকলি কৰা হয়

Posted On: 29 JUN 2024 2:48PM by PIB Guwahati

পৰিসংখ্যা আৰু অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত অধ্যাপক (প্ৰয়াত) প্ৰশান্ত চন্দ্ৰ মহালনোবিছে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে প্ৰতি বছৰে ২৯ জুন তাৰিখটো ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা বিশেষ দিৱসৰ শাখাত “পৰিসংখ্যা দিৱস” হিচাপে নামাঙ্কিত কৰিছে”। পৰিসংখ্যা দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে দেশৰ উন্নয়নৰ বাবে বিশেষকৈ যুৱ প্ৰজন্ম আৰু জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত পৰিসংখ্যাৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কে সজাগতা অনা।

২০০৭ চনৰ পৰা, পৰিসংখ্যা দিৱসক সমসাময়িক জাতীয় গুৰুত্বৰ ভাৱনাৰে উদযাপন কৰা হৈছে। পৰিসংখ্যা দিৱস, ২০২৪ৰ বিষয়বস্তু হৈছে “সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ ব্যৱহাৰ”। যিকোনো ক্ষেত্ৰতে জ্ঞাত সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্য চালিত সিদ্ধান্ত গ্ৰহণৰ ধাৰণাটো গুৰুত্বপূৰ্ণ, আৰু চৰকাৰী পৰিসংখ্যাৰ পৰা পোৱা পৰিসংখ্যাগত তথ্যৰ সঠিক বুজাবুজি আৰু প্ৰমাণভিত্তিক সিদ্ধান্ত গ্ৰহণৰ সুবিধাৰ বাবে ই প্ৰথম আৱশ্যকীয় চৰ্তসমূহৰ ভিতৰত অন্যতম।

পৰিসংখ্যা দিৱস, ২০২৪ৰ মূল অনুষ্ঠানটো নতুন দিল্লীৰ দিল্লী কেণ্টত অৱস্থিত মানেকশ্ব চেণ্টাৰত আয়োজন কৰা হয়। এই উপলক্ষে ১৬ সংখ্যক বিত্ত আয়োগৰ অধ্যক্ষ ড° অৰবিন্দ পানাগাৰিয়াই মুখ্য অতিথি হিচাপে সভাক সম্বোধন কৰে। তেওঁ ভাৰতীয় পৰিসংখ্যা ব্যৱস্থাক সফল কৰি তোলাত অধ্যাপক পি চি মহালনোবিছৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে কয়। ভাৰতে উন্নয়নৰ পথত আগবাঢ়ি যাবলৈ তথ্য চালিত নীতি নিৰন্তৰ অব্যাহত ৰাখিব লাগে বুলিও তেওঁ আহ্বান জনায়।

এই উপলক্ষে ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ অধ্যাপক ৰাজীৱ লক্ষ্মণ কৰণ্ডিকৰ আৰু পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ড° সৌৰভ গাৰ্গেও অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে। ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগ (এনএছচি)ৰ অধ্যক্ষই তথ্যসমূহ যিমান পাৰি সুলভ আৰু উপযোগী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তথ্য সৃষ্টিৰ বাবে তথ্য প্ৰযুক্তিৰে লাভৱান হ’বলৈ মন্ত্ৰালয়ে চলোৱা প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা আছে বুলি পৰামৰ্শ দিয়ে। তেওঁ অংশীদাৰসকলৰ মাজত সমন্বয়ৰ জৰিয়তে বিভিন্ন সংস্থাই প্ৰস্তুত কৰা তথ্যকোষসমূহৰ আন্তঃকাৰ্যক্ষমতা আৰু সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ সচিবে উপস্থিতসকলক সম্বোধন কৰি জৰীপৰ তথ্যত সময়ৰ বিলম্ব হ্ৰাস কৰাৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে যেনে কম্পিউটাৰ-সহায়ক ব্যক্তিগত সাক্ষাৎকাৰ (চিএপিআই), নতুন জৰীপ, ব্যৱহাৰকাৰীৰ সৈতে জড়িত হোৱাৰ অনুশীলন আৰু সদ্য আৰম্ভ কৰা ই-পৰিসংখ্যা পৰ্টেল। পৰিসংখ্যা দিৱসৰ বিষয়বস্তুৱে পৰিসংখ্যা কৰ্মী আৰু পৰিকল্পনাকাৰীসকলক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ উচ্চপদস্থ বিষয়া, আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে ৰাষ্ট্ৰসংঘৰ সংস্থা, বিশ্ব বেংক আদিৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰে। এই কাৰ্যক্ৰম মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তেও ৱেব-কাষ্ট/লাইভ ষ্ট্ৰীমো কৰা হয়। এই উপলক্ষে, স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা ‘অন দ্য স্পট ৰচনা লিখা প্ৰতিযোগিতা, ২০২৪’ৰ বিজয়ীসকলকো সন্মানিত কৰা হয়।

কাৰিকৰী অধিবেশনত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ড° অজয় কুমাৰে সুশাসনত তথ্যৰ গুৰুত্ব সন্দৰ্ভত ভাষণ দিয়ে। তেওঁ অত্যাধুনিক ৰূপত পৰিৱৰ্তিত ডিজিটেল যুগত তথ্যৰ গুৰুত্ব আৰু পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ৰ দায়িত্বশীল ভূমিকা আৰু ইয়াৰ সীমাবদ্ধতাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছতে, বিশ্ব বেংক গ্ৰুপৰ দৰিদ্ৰতা আৰু ইকুইটি গ্ল’বেল প্ৰেকটিচৰ গ্ল’বেল ডাইৰেক্টৰ মিষ্টাৰ লুইছ ফেলিপ লোপেজ-কালভাই সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্য ব্যৱহাৰৰ বিশ্বব্যাপী অভিজ্ঞতাৰ ওপৰত উপস্থাপন কৰে। তেওঁ জোৰ দি কয় যে তথ্য ফলপ্ৰসূ নীতি নিৰ্ধাৰণৰ বাবে এক মৌলিক বিল্ডিং ব্লক, লগতে তেওঁ প্ৰচলিত বিশ্বব্যাপী পদ্ধতিসমূহৰ কথা অৱগত কৰে।

শেহতীয়া দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য – ৰাষ্ট্ৰীয় সূচক কাঠামো (এছডিজি-এনআইএফ)ৰ ওপৰত ভিত্তি কৰি, প্ৰতি বছৰে ২৯ জুনত পৰিসংখ্যা দিৱস উপলক্ষে সময় শৃংখলাৰ তথ্যসহ এছডিজিৰ ওপৰত এখন অগ্ৰগতিৰ প্ৰতিবেদন প্ৰকাশ কৰা হয়, লগতে অগ্ৰগতিৰ প্ৰতিবেদনৰ পৰা আহৰণ কৰা দুখন পুস্তিকাও প্ৰকাশ কৰা হয়। এই অনুষ্ঠান উপলক্ষে তলত উল্লেখ কৰা তিনিটা প্ৰতিবেদন প্ৰকাশ কৰা হয়:

১। দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য – ৰাষ্ট্ৰীয় সূচক কাঠামো প্ৰগতি প্ৰতিবেদন, ২০২৪'

২। ‘দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্যৰ ওপৰত তথ্য স্নেপশ্বট – ৰাষ্ট্ৰীয় সূচক কাঠামো, ২০২৪’

৩। ‘দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য – ৰাষ্ট্ৰীয় সূচক কাঠামো, ২০২৪’

 

এই প্ৰতিবেদনসমূহ পৰিসংখ্যা মন্ত্ৰালয়ৰ ৱেবছাইট (www.mospi.gov.in)ত চাব পাৰিব। এছডিজি সূচকৰ ওপৰত সময় শৃংখলাৰ তথ্য প্ৰতিবেদনৰ পৰা এমএছ এক্সেল ফৰ্মেটত ডাউনলোড কৰিব পাৰি।

এই উপলক্ষে পৰিসংখ্যা মন্ত্ৰালয়ে দেশত চৰকাৰী পৰিসংখ্যা প্ৰচাৰৰ সুবিধাৰ বাবে এক ব্যাপক তথ্য ব্যৱস্থাপনা আৰু বিনিময় ব্যৱস্থা স্থাপনৰ উদ্দেশ্যে ই-পৰিসংখ্যা পৰ্টেল (https://esankhyiki.mospi.gov.in) মুকলি কৰে। পৰ্টেলটো পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৱেবছাইট (https://mospi.gov.in/)ৰ জৰিয়তেও প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ উদ্দেশ্য হৈছে পৰিকল্পনাকাৰী, নীতি নিৰ্ধাৰক, গৱেষক আৰু জনসাধাৰণক সময়মতে ইনপুট প্ৰদান কৰা। ই-পৰিসংখ্যা পৰ্টেলত দুটা অংশ আছে যিয়ে তথ্যৰ সহজ প্ৰৱেশ আৰু পুনৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে। যাৰ নাম:

১। তথ্য তালিকা: কেটেলগত মন্ত্ৰালয়ৰ মূল তথ্য সম্পত্তি যেনে ৰাষ্ট্ৰীয় একাউণ্ট পৰিসংখ্যা, গ্ৰাহক মূল্য সূচকাংক, ঔদ্যোগিক উৎপাদনৰ সূচকাংক, উদ্যোগৰ বাৰ্ষিক জৰীপ, সময়ে সময়ে শ্ৰম শক্তি জৰীপ আৰু ঘৰুৱা উপভোগ ব্যয় জৰীপ আদি একে ঠাইতে তালিকাভুক্ত কৰা হৈছে।

২। মেক্ৰ' সূচকসমূহ: ই ফিল্টাৰিং আৰু দৃশ্যায়নৰ বাবে বৈশিষ্ট্যসমূহকে ধৰি মূল মেক্ৰ' সূচকৰ সময় শৃংখলাৰ তথ্য প্ৰদান কৰে। ই ব্যৱহাৰকাৰীসকলক স্বনিৰ্বাচিত ডাটাছেটসমূহ, দৃশ্যায়নসমূহ ডাউনলোড কৰিবলৈ আৰু এপ্লিকেচন প্ৰগ্ৰেমিং আন্তঃপৃষ্ঠসমূহ (API)ৰ যোগেদি অভিগম কৰাৰ অনুমতি দিয়ে, যাৰ ফলত তথ্যৰ পুনৰ ব্যৱহাৰযোগ্যতা বৃদ্ধি পায়। বৰ্তমান এই খণ্ডত পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ চাৰিটা প্ৰধান সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে: ৰাষ্ট্ৰীয় একাউণ্ট পৰিসংখ্যা, গ্ৰাহক মূল্য সূচকাংক, ঔদ্যোগিক উৎপাদন সূচকাংক আৰু উদ্যোগৰ বাৰ্ষিক জৰীপ, যিয়ে যোৱা দহ বছৰৰ তথ্য সামৰি লৈছে।

**********

PK/SB/DP



(Release ID: 2029586) Visitor Counter : 13