প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আচাৰ্য্য লক্ষ্মীকান্ত দীক্ষিতৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 22 JUN 2024 2:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰপ্ৰাণ-প্ৰতিষ্ঠাআৰু কাশী বিশ্বনাথ ধামৰ সমৰ্পণ অনুষ্ঠানৰ হোতা আচাৰ্য্য লক্ষ্মীকান্ত দীক্ষিতৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে আচাৰ্য্যক ‘কাশীৰ বিদ্বান পৰম্পৰাৰ এগৰাকীবিশিষ্ট ব্যক্তি’ বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“দেশৰ মহান পণ্ডিত তথা সাংবেদ বিদ্যালয়ৰ যজুৰ্বেদ শিক্ষক লক্ষ্মীকান্ত দীক্ষিতৰ বিয়োগৰ খবৰে শোকাহত কৰিছে। দীক্ষিত জী আছিল কাশীৰ বিদ্বান পৰম্পৰাৰ এগৰাকী প্ৰখ্যাত ব্যক্তি। কাশী বিশ্বনাথ ধাম আৰু ৰাম মন্দিৰৰ প্ৰতিষ্ঠাপৰ্বত তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁৰ মৃত্যু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।”

11111111111111

***

DS/ST/SB
 


(ৰিলিজ আই ডি : 2028028) অতিথি কক্ষ : 97