কেবিনেট

কেবিনেটে কেন্দ্ৰীয় আঁচনি "নেচনেল ফৰেনছিক ইনফ্ৰাষ্ট্ৰাকচাৰ এনহেন্সমেণ্ট স্কীম" (এনএফআইইএছ)ক অনুমোদন জনায়

পৰিসৰ, পৰীক্ষাগাৰ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ২২৫৪.৪৩ কোটি টকাৰ আৰ্থিক ব্যয়

Posted On: 19 JUN 2024 8:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৪-২৫ চনৰ পৰা ২০২৮-২৯ বৰ্ষৰ ভিতৰত মুঠ ২২৫৪.৪৩ কোটি টকা আৰ্থিক ব্যয়ৰে কেন্দ্ৰীয় আঁচনি “নেচনেল ফৰেনছিক ইনফ্ৰাষ্ট্ৰাকচাৰ এনহেন্সমেণ্ট স্কীম” (এনএফআইইএছ)ৰ বাবে গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনায়। এই কেন্দ্ৰীয় আঁচনিৰ আৰ্থিক ব্যয় গৃহ মন্ত্ৰালয়ে নিজা বাজেটৰ পৰা প্ৰদান কৰিব।

কেন্দ্ৰীয় কেবিনেটে এই আঁচনিৰ অধীনত তলত উল্লেখ কৰা উপাদানসমূহ অনুমোদন জনাইছে:

i. দেশত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এনএফএছইউ)ৰ চৌহদ স্থাপন।

ii. দেশত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ স্থাপন।

iii. এনএফএছইউৰ দিল্লী চৌহদৰ বৰ্তমানৰ আন্তঃগাঁথনি বৃদ্ধি।

ভাৰত চৰকাৰ সাক্ষ্যসমূহৰ বৈজ্ঞানিক আৰু সময়োপযোগী ফৰেনছিক তদন্তৰ ভিত্তিত এক ফলপ্ৰসূ আৰু কাৰ্যক্ষম অপৰাধমূলক ন্যায় ব্যৱস্থা স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই আঁচনিখনে প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ সুবিধা লৈ আৰু অপৰাধৰ বিৱৰ্তনশীল প্ৰকৃতি আৰু আৰ্হি বিবেচনা কৰি এক কাৰ্যক্ষম অপৰাধমূলক ন্যায় প্ৰক্ৰিয়াৰ বাবে সাক্ষ্যসমূহৰ সময়বদ্ধ আৰু বৈজ্ঞানিক তদন্তত উচ্চমানৰ প্ৰশিক্ষিত ফৰেনছিক পেছাদাৰীসকলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

নতুন অপৰাধ আইনৰ অধিনিয়মৰ অধীনত ৭ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধৰ বাবে ফৰেনছিক তদন্ত বাধ্যতামূলক কৰা হৈছে। এনে পৰিস্থিতিত ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তদুপৰি, দেশৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (এফএছএল)ত প্ৰশিক্ষিত ফৰেনছিক পেছাদাৰীৰ যথেষ্ট অভাৱ।

এই দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদা পূৰণ কৰিবলৈ, ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনিত উল্লেখযোগ্য বিনিয়োগ আৰু উন্নয়ন অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এনএফএছইউ)ৰ অতিৰিক্ত অফ-কেম্পাছ আৰু নতুন কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) স্থাপন কৰিলে প্ৰশিক্ষিত ফৰেনছিক পেছাদাৰীৰ অভাৱ দূৰ হ'ব, ফৰেনছিক পৰীক্ষাগাৰৰ ওপৰত গোচৰৰ বোজা/লম্বিত গোচৰৰ সংখ্যা হ্ৰাস পাব আৰু ই ভাৰত চৰকাৰৰ ৯০ শতাংশতকৈ অধিকৰ উচ্চ দোষী সাব্যস্ত হোৱাৰ হাৰ নিশ্চিত কৰাৰ লক্ষ্যৰ অনুৰূপ হ’ব।

**********

DS



(Release ID: 2026835) Visitor Counter : 32