প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘চিকল চেল’ ৰোগ প্ৰতিহত কৰাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছো: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
19 JUN 2024 12:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিশ্ব চিকল চেল দিৱস’ৰ দিনা পুনৰ কয় যে এই ৰোগ প্ৰতিহত কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
‘ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া এলিমিনেশ্যন মিছন’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে এই আনুবংশিক ৰক্ত বিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ দৰে অন্যান্য দিশতো কাম কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"বিশ্ব চিকল চেল দিৱসত আমি এই ৰোগবিধ দূৰ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছোঁ। যোৱা বছৰ আমি ‘ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া এলিমিনেশ্যন মিছন’ আৰম্ভ কৰিছিলোঁ আৰু সজাগতা সৃষ্টি, সাৰ্বজনীন পৰীক্ষণ, আগতীয়া চিনাক্তকৰণ, আৰু সঠিক যত্নৰ দৰে দিশত কাম কৰি আছো। আমি এই ক্ষেত্ৰত প্ৰযুক্তিৰ শক্তিও ব্যৱহাৰ কৰি আছো।"
***
DS/RT/KB
(रिलीज़ आईडी: 2026555)
आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam