নৌ-পৰিবহন মন্ত্ৰালয়
‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ত দায়িত্বভাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে
"সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭’ত কল্পনা কৰা সামগ্ৰিক বিকাশৰ দিশত সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে ‘বন্দৰ, জাহাজ পৰিবহণআৰু জলপথ মন্ত্ৰালয়’-এ ইয়াৰ কাম অব্যাহত ৰাখিব:" সৰ্বানন্দ সোণোৱাল
"জনসাধাৰণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আস্থা ৰাখিছে যিয়ে আমাক 'নেশ্যন ফাৰ্ষ্ট'ৰ ধাৰণাৰে বিকশিত ভাৰতৰ দিশত পথ প্ৰদৰ্শন কৰি থাকিব": সৰ্বানন্দ সোণোৱাল
পোষ্ট কৰা হৈছে:
11 JUN 2024 6:30AM by PIB Guwahati
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১০ জুনত নতুন দিল্লীত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ৰ দায়িত্ব গ্ৰহণ কৰে। কাৰ্যালয়ৰ বিষয়াসকলৰ লগতে কৰ্মচাৰীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি দেশৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে দলটোক আত্মবিশ্বাসেৰে উজ্জীৱিত কৰি তোলে। শ্ৰী সোণোৱালে পুনৰ কয় যে ভাৰতক বিকশিত কৰি তোলাৰ বাবে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব লাগিব আৰু তেওঁৰ দলটোক এই দিশত ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ গতিশীল নেতৃত্বত ‘বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে’ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু এক অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ প্ৰচেষ্টাত ইয়াৰ সামগ্ৰিক বিকাশৰ দিশত দৃঢ়তাৰে কাম কৰি আহিছে। আমি ‘বিকশিত ভাৰত’ৰ চূড়ান্ত লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়ি যাওঁতে ‘নেশ্যন ফাৰ্ষ্ট’ৰ মন্ত্ৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাম। আমাৰ মন্ত্ৰালয়ে ‘অমৃত কাল ভিজন, ২০৪৭’ত কল্পনা কৰা অনুসৰি সামুদ্ৰিক খণ্ডক সামগ্ৰিক বিকাশৰ দিশত শক্তিশালী কৰাৰ বাবে কাম কৰি যাব।"
***
MJPS/KB
(ৰিলিজ আই ডি : 2023926)
অতিথি কক্ষ : 120
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam