প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনাইছে

ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নেতানয়াহুৰ অৱদানৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে

দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে

পোষ্ট কৰা হৈছে: 06 JUN 2024 9:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ উষ্ম শুভেচ্ছা আৰু গভীৰ মৰমৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে বিগত বছৰবোৰত ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।

দুয়োগৰাকী নেতাই যোগাযোগত থকাৰ বাবে সন্মতি প্ৰকাশ কৰে।

 

**************

 

DS/ST/KG


(ৰিলিজ আই ডি : 2023400) অতিথি কক্ষ : 117