ভাৰতীয় নিৰ্বাচন আয়োগ

কাইলৈ ৬ষ্ঠ-পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

৫৮ লোকসভা সমষ্টি, ১১.১৩ কোটি ভোটাৰ, ১.১৪ লাখৰো অধিক ভোট কেন্দ্ৰ, ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
ওড়িশাৰ ৪২ বিধানসভা সমষ্টিৰ বাবে একেলগে ভোটগ্ৰহণ
বতৰবিজ্ঞান বিভাগে ঘূৰ্ণীৰ বিৰূপ প্ৰভাৱ নপৰে বুলি পূৰ্বানুমান কৰিছে

Posted On: 24 MAY 2024 2:33PM by PIB Guwahati

কাইলৈ অনুষ্ঠিতব্য লোকসভাৰ ৬ষ্ঠ-পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগ সাজু হৈ উঠিছে। কাইলৈ ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ’ব। এই পৰ্য্যায়ত হাৰিয়ানা আৰু দিল্লী এনচিটিত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পৰ্য্যায়তে বিহাৰ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগতো নিৰ্বাচন অনুষ্ঠিত হ’ব। ওড়িশা বিধানসভাৰ বাবে ৪২ টা বিধানসভা সমষ্টিতো একে সময়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

 

সংশ্লিষ্ট চিইঅ’ আৰু ৰাজ্যিক সংস্থাসমূহক পূৰ্বানুমান কৰা অঞ্চলসমূহত গৰম বতৰ বা বৰষুণৰ বিৰূপ প্ৰভাৱেৰে মোকাবিলাকৰণৰ অৰ্থে পৰ্য্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। ভোট কেন্দ্ৰসমূহত যাতে সুচল আৰু নিৰাপদ পৰিবেশৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হয়, তাৰ বাবে যথেষ্ট ছাঁ, খোৱাপানী, ৰেম্প, টয়লেট আৰু আন-আন মৌলিক সুবিধাৰে ভোটাৰসকলক আদৰিবলৈ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে নিজ-নিজ ভোট কেন্দ্ৰলৈ যন্ত্ৰ-পাতি আৰু ভোটগ্ৰহণ সামগ্ৰীৰ সৈতে ভোটগ্ৰহণকাৰী দলসমূহ ৰাওনা হৈছে।

 

আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত অধিক সংখ্যক ভোটদানৰ লগতে দায়িত্ব-সহকাৰে আৰু গৌৰৱেৰে ভোটদান কৰিবলৈ আহ্বান জনাইছে। দিল্লী, গুৰগাঁও, ফৰিদাবাদৰ দৰে নগৰীয়া সংসদীয় সমষ্টিসমূহৰ ভোটাৰসকলক ভোটদানৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে বিশেষভাৱে সজাগ কৰি তোলা হৈছে আৰু ইয়াৰ জৰিয়তে নগৰীয়া উদাসীনতাৰ প্ৰৱণতা দূৰ কৰা হৈছে।

 

৫৭ টা সংসদীয় সমষ্টিৰ বাবে ১ জুনত অন্তিম পৰ্য্যায় অৰ্থাৎ ৭ম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ জুনত ভোট-গণনাৰ দিন ধাৰ্য্য কৰা হৈছে। সাধাৰণ নিৰ্বাচনৰ প্ৰথম পাঁচটা পৰ্য্যায়ত ২৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪২৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ মসৃণ আৰু শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হৈছে।

 

৬ষ্ঠ-পৰ্য্যায়ৰ তথ্যঃ

 

১) ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ৬ষ্ঠ-পৰ্য্যায়ত ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮ টা সংসদীয় সমষ্টি (সাধাৰণ- ৪৯; এছটি- ০২; এছচি- ০৭)ৰ বাবে ২৫ মে', ২০২৪ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটদান পুৱা ৭ বজাৰপৰা আৰম্ভ হ’ব আৰু ভোটগ্ৰহণৰ চূড়ান্ত সময় সংসদীয় সমষ্টি অনুসাৰে পৃথক হ’ব পাৰে।

২) ওড়িশা বিধানসভাৰ ৪২ টা বিধানসভা সমষ্টি (সাধাৰণ- ৩১; এছটি- ০৫; এছচি- ০৬)তো একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।

৩) প্ৰায় ১১.৪ লাখ পুলিং বিষয়াই ১.১৪ লাখ ভোটকেন্দ্ৰত ১১.১৩ কোটিৰো অধিক ভোটাৰক আদৰণি জনাব।

৪) ১১.১৩ কোটিৰো অধিক ভোটাৰৰ ভিতৰত আছে ৫.৮৪ কোটি পুৰুষ; ৫.২৯ কোটি মহিলা আৰু ৫,১২০ গৰাকী তৃতীয় লিংগ ভোটাৰ।

৫) ৮৫+ বছৰ বয়সৰ ভোটাৰ ৮.৯৩ লাখৰো অধিক, ১০০ বছৰ-উৰ্ধ ২৩,৬৫৯ জন আৰু ৯.৫৮ লাখ পিডব্লিউডি ভোটাৰক ঘৰৰপৰাই ভোটদানৰ সুবিধা আগবঢ়োৱা হৈছে। ইতিমধ্যে এই বিকল্প ব্যৱস্থাই ব্যাপক প্ৰশংসা আৰু সঁহাৰি লাভ কৰিছে।

৬) নিৰাপত্তাৰক্ষীসকলৰ বাবে ২০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে।

৭) ১৮৪ জন পৰ্য্যবেক্ষক (৬৬ জন সাধাৰণ পৰ্য্যবেক্ষক, ৩৫ জন আৰক্ষী পৰ্য্যবেক্ষক, ৮৩ জন ব্যয় পৰ্য্যবেক্ষক) নিৰ্বাচনৰ কিছুদিন পূৰ্বে ইতিমধ্যে নিজ-নিজ সমষ্টিত উপস্থিত হৈছে। তেওঁলোকে আয়োগৰ হৈ দায়িত্ব পালন কৰিছে যাতে ব্যাপক সতৰ্কতা অৱলম্বন সুনিশ্চিত হয়। ইয়াৰ উপৰিও কেতবোৰ বিশেষ ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰা হৈছে।

৮) ভোটাৰক কৰা সম্ভাৱ্য যিকোনো ধৰণৰ প্ৰৰোচনাৰে কঠোৰভাৱে আৰু ক্ষীপ্ৰতাৰে মোকাবিলাকৰণৰ অৰ্থে মুঠ ২২২২ টা ফ্লায়িং স্কোয়াড, ২২৯৫ টা ষ্টেটিক চাৰ্ভিলেন্স টীম, ৮১৯ টা ভিডিঅ’ চাৰ্ভিলেন্স টীম আৰু ৫৬৯ টা ভিডিঅ’ ভিৱিং টীমে ২৪ ঘন্টাই নিৰীক্ষণ কৰি আছে।

৯) মুঠ ২৫৭ টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চেক প’ষ্ট আৰু ৯২৭ টা আন্তঃৰাজ্যিক সীমান্ত চেক প’ষ্টে সুৰা, ড্ৰাগছ, নগদ ধন আৰু বিনামূলীয়া সামগ্ৰীৰ যিকোনো অবৈধ প্ৰবাহৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰি আছে। সমুদ্ৰ আৰু বিমান পথত কঠোৰ নিৰীক্ষণ অব্যাহত আছে।

১০) পানী, ছাঁ, টয়লেট, ৰেম্প, স্বেচ্ছাসেৱক, হুইল চেয়াৰ আৰু বিদ্যুতৰ দৰে সুবিধাসমূহৰ ব্যৱস্থা কৰা হৈছে যাতে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলকে প্ৰমুখ্য কৰি প্ৰতিজন ভোটাৰে সহজেই ভোটদান কৰিব পাৰে।

১১) পঞ্জীয়নভুক্ত সকলো ভোটাৰক ভোটাৰ তথ্য শ্লিপ বিতৰণ কৰা হৈছে। এই শ্লিপসমূহে আয়োগৰপৰা ভোটদানৰ অৰ্থে আমন্ত্ৰণ হিচাপে কাম কৰে।

১২) ভোটাৰসকলে নিজ-নিজ ভোট কেন্দ্ৰৰ সবিশেষ আৰু ভোটগ্ৰহণৰ তাৰিখ এই লিংক https://electoralsearch.eci.gov.in/ ৰ জৰিয়তে অৱগত হ’ব পাৰিব।

১৩) ভোটকেন্দ্ৰত পৰিচয় পৰীক্ষণৰ বাবে ভোটাৰ আইডি কাৰ্ড (EPIC)ৰ বাহিৰেও ১২ বিকল্প নথিও আয়োগে আগবঢ়াইছে। ভোটাৰসকল নির্বাচনী তালিকাত পঞ্জীয়নভুক্ত হোৱা মাত্ৰেকে এইসমূহৰ যিকোনো এখন নথি দেখুৱাই ভোটদান কৰিব পাৰিব। বিকল্প চিনাক্তকৰণ নথিৰ ক্ষেত্ৰত ইচিআইৰ নিৰ্দেশনাৰ লিংক হৈছেঃ https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2FzBiU51zPFZI5qMtjV1qgjFsi8N4zYcCRaQ2199MM81QYarA39BJWGAJqpL2w0Jta9CSv%2B1yJkuMeCkTzY9fhBvw%3D%3D

১৪) ২৩ মে’, ২০২৪ত প্ৰেছ টোকা নং ৯৯ৰ জৰিয়তে ৬ষ্ঠ-পৰ্য্যায়ৰ বাবে সংসদীয় সমষ্টি অনুসাৰে ভোটাৰৰ তথ্য প্ৰকাশ কৰা হৈছে। ইয়াৰ লিংকটো হৈছেঃ https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2FztfbUTpXSxLP8g7dpVrk7%2FYMdYo4qvd6YLkLk2XBNde37QzVrkv3btzrRY%2FqfIjnfdOFtn933icz0MOeiesxvsQ%3D%3D

১৫) নিম্ন উল্লেখিত লিংকত লোকসভা নিৰ্বাচন-২০১৯ৰ ভোটদানৰ তথ্য উপলব্ধঃ https://old.eci.gov.in/files/file/13579-13-pc-wise-voters-turn-out/

১৬) ভোটাৰ টাৰ্নআউট এপে প্ৰতিটো পৰ্য্যায়ৰ বাবে সামগ্ৰিকভাৱে আনুমানিক ভোটদানৰ লাইভ প্ৰদৰ্শন কৰে। মন কৰিবলগীয়া যে ভোটদানৰ দিনা সন্ধিয়া ৭ বজালৈকে ভোটাৰ টাৰ্নআউট এপ লাইভত পৰ্য্যায়ভিত্তিক/ৰাজ্যভিত্তিক/সংসদীয় সমষ্টিভিত্তিক আনুমানিক ভোটদানৰ তথ্য উপলব্ধ হয় আৰু তাৰ পিছত ভোটগ্ৰহণকাৰী দলসমূহৰ উভতি অহাৰ সময়ৰেপৰা ইয়াক অবিৰতভাৱে আপডেট কৰা হয়।

১৭) ভোটাৰৰ ভোটদানৰ প্ৰৱণতা- পৰ্য্যায়ভিত্তিক, ৰাজ্যভিত্তিক, সংসদীয় সমষ্টিভিত্তিক (সেই সংসদীয় সমষ্টিৰ বিধানসভা সমষ্টিসমূহত ভোটদানৰ সৈতে) ভোটাৰ টাৰ্ন আউট এপত অবিৰতভাৱে দৃশ্যমান। এপটো তলৰ লিংকটোৰ জৰিয়তে ডাউনল’ড কৰিব পাৰিঃ

এণ্ড্ৰইডঃ https://play.google.com/store/apps/details?id=in.gov.eci.pollturnout&hl=en_IN&pli=1

আইঅ’এছঃ https://apps.apple.com/in/app/voter-turnout-app/id1536366882

******

DK/RP/SB



(Release ID: 2021496) Visitor Counter : 26