ভাৰতীয় নিৰ্বাচন আয়োগ

২০২৪ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৮৮৯ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ষষ্ঠ পৰ্য্যায়ৰ বাবে ৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সংসদীয় সমষ্টিৰ বাবে ১৯৭৮ মনোনয়ন পত্ৰ দাখিল

Posted On: 18 MAY 2024 3:36PM by PIB Guwahati

২০২৪ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৮৮৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰ ভিতৰত, জম্মু-কাশ্মীৰৰ ৩-অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিত স্থগিত নিৰ্বাচনৰ বাবে ২০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

এই পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে ৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিৰ বাবে মুঠ ১৯৭৮ খন মনোনয়ন দাখিল কৰা হৈছিল। ৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে (জম্মু-কাশ্মীৰৰ সংসদীয় সমষ্টি ৩-অনন্তনাগ-ৰাজৌৰীৰ স্থগিত নিৰ্বাচনৰ বাহিৰে) ষষ্ঠ পৰ্য্যায়ৰ বাবে মনোনয়ন দাখিলৰ শেষ তাৰিখ আছিল ২০২৪ৰ ০৬ মে’। দাখিল কৰা সকলো মনোনয়নৰ পৰীক্ষাৰ পিছত ৯০০ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। ৩-অনন্তনাগ-ৰাজৌৰীত তৃতীয় পৰ্য্যায়ত মুঠ ২৮ খন মনোনয়ন দাখিল কৰা হয় আৰু ২১ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হয়।

ষষ্ঠ পৰ্য্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা সংসদীয় সমষ্টিৰপৰা সৰ্বাধিক ৪৭০ খন মনোনয়ন পত্ৰ লাভৰ বিপৰীতে হাৰিয়ানাৰ ১০ টা সমষ্টিৰপৰা ৩৭০ খন মনোনয়ন পত্ৰ লাভ কৰা হয়। ঝাৰখণ্ডৰ ৮-ৰাঁচী সংসদীয় সমষ্টিত ৭০ খন পত্ৰ দাখিলেৰে সৰ্বাধিক মনোনয়ন লাভৰ পিছতে দিল্লীৰ এনচিটিৰ ২-উত্তৰ-পূব দিল্লী সমষ্টিত ৬৯ খন মনোনয়ন পত্ৰ লাভ কৰা হয়। ষষ্ঠ পৰ্য্যায়ত এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা ১৫ জন।

 

লোকসভা নিৰ্বাচন-২০২৪ৰ ষষ্ঠ পৰ্য্যায়ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

ষষ্ঠ পৰ্য্যায়ৰ সংসদীয় সমষ্টিৰ (PC) সংখ্যা

মনোনয়ন পত্ৰ লাভ

পৰীক্ষাৰ পিছত বৈধ প্ৰাৰ্থী

প্ৰত্যাহাৰৰ পিছত,

চূড়ান্ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী

বিহাৰ

২৪৬

৮৯

৮৬

হাৰিয়ানা

১০

৩৭০

২৩৯

২২৩

জম্মু-কাশ্মীৰ*

-

 

২০

ঝাৰখণ্ড

২৪৫

৯৬

৯৩

দিল্লী এনচিটি

৩৬৭

১৬৬

১৬২

ওড়িশা

১৩০

৬৫

৬৪

উত্তৰ প্ৰদেশ

১৪

৪৭০

১৬৪

১৬২

পশ্চিম বংগ

১৫০

৮১

৭৯

মুঠ

৫৮

১৯৭৮

৯০০

৮৮৯

*জম্মু-কাশ্মীৰৰ সমষ্টি ৩-অনন্তনাগ-ৰাজৌৰীত তৃতীয় পৰ্য্যায়ৰপৰা ষষ্ঠ পৰ্য্যায়লৈ স্থগিত ৰখা হৈছিল।

***************

DK/RP/SB
 



(Release ID: 2021106) Visitor Counter : 31