ভাৰতীয় নিৰ্বাচন আয়োগ
‘লোকসভা নিৰ্বাচন ২০২৪’ ৰ চতুৰ্থ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব
‘চতুৰ্থ পৰ্যায়’-ৰ নিৰ্বাচনৰ বাবে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত দাখিল কৰা মনোনয়ন প্ৰ-পত্ৰৰ সংখ্যা হৈছে ৪২৬৪খন
পোষ্ট কৰা হৈছে:
03 MAY 2024 1:27PM by PIB Guwahati
‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ ‘চতুৰ্থ পৰ্যায়’ত ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ চতুৰ্থ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিত মুঠ ৪২৬৪ খন মনোনয়ন দাখিল কৰা হৈছিল। মুঠ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ‘চতুৰ্থ পৰ্যায়’ৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ২৫ এপ্ৰিল, ২০২৪। দাখিল কৰা সকলো মনোনয়ন পৰীক্ষাৰ পিছত, ১৯৭০ খন মনোনয়ন বৈধ বুলি নিশ্চিত কৰা হয়।
‘চতুৰ্থ পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা তেলেংগানাৰ ১৭ টা সংসদীয় সমষ্টিত সৰ্বাধিক ১৪৮৮ খন মনোনয়ন প্ৰ-পত্ৰ দাখিল কৰা হয়, তাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ ২৫ টা সমষ্টিত দাখিল কৰা হয় ১১০৩ খন মনোনয়ন। তেলেংগানাৰ ৭ নং মালকাজগিৰি সংসদীয় সমষ্টিত সৰ্বাধিক ১৭৭ খন মনোনয়ন প্ৰপত্ৰ দাখিল কৰা হৈছে আৰু তাৰ পিছতে ৰাজ্যখনৰ ১৩ নং নালগোণ্ডা আৰু ১৪ নং ভংগীৰ সমষ্টিত ১১৪খনকৈ মনোনয়ন দাখিল কৰা হৈছে। ‘চতুৰ্থ পৰ্যায়’ৰ বাবে একোটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা হৈছে ১৮।
‘লোকসভা নিৰ্বাচন ২০২৪’ ৰ ‘চতুৰ্থ পৰ্যায়’ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি বিৱৰণ:
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
চতুৰ্থ পৰ্যায়ৰ সংসদীয় সমষ্টিৰ সংখ্যা
|
প্ৰাপ্ত মনোনয়নৰ সংখ্যা
|
পৰীক্ষণৰ পিচত বৈধ প্ৰাৰ্থীৰ সংখ্যা
|
প্ৰত্যাহাৰৰ পিচত চূড়ান্ত প্ৰাৰ্থীৰ সংখ্যা
|
|
অন্ধ্ৰ প্ৰদেশ
|
25
|
1103
|
503
|
454
|
|
বিহাৰ
|
5
|
145
|
56
|
55
|
|
জম্মু আৰু কাশ্মীৰ
|
1
|
39
|
29
|
24
|
|
ঝাৰখণ্ড
|
4
|
144
|
47
|
45
|
|
মধ্য প্ৰদেশ
|
8
|
154
|
90
|
74
|
|
মহাৰাষ্ট্ৰ
|
11
|
618
|
369
|
298
|
|
ওড়িশা
|
4
|
75
|
38
|
37
|
|
তেলেংগানা
|
17
|
1488
|
625
|
525
|
|
উত্তৰ প্ৰদেশ
|
13
|
360
|
138
|
130
|
|
পশ্চিম বংগ
|
8
|
138
|
75
|
75
|
|
মুঠ
|
96
|
4264
|
1970
|
1717
|
******
DK/RP/KB
(ৰিলিজ আই ডি : 2020065)
অতিথি কক্ষ : 139
ত এই ৰিলিজটো পঢ়ক:
English
,
Telugu
,
Kannada
,
Malayalam
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil