ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচন ২০২৪ৰ প্ৰস্তুতি অব্যাহত থকাৰ মুহূৰ্ততে দেশৰ লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসৰ সৰ্বাধিক পৰিমাণৰ ‘অভিপ্ৰেৰিত’ ধন তথা সা-সামগ্ৰী জব্দ কৰাৰ পথত আগবাঢ়িছে ‘ইচিআই’

ধনবলৰ ওপৰত ‘ইচিআই’-ৰ প্ৰচণ্ড প্ৰহাৰ: ১ মাৰ্চৰ পৰা প্ৰতিদিনে ১০০ কোটি টকা জব্দ

ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ৪৬৫০ কোটি টকা জব্দ: ২০১৯ ৰ নিৰ্বাচন সময়ত কৰা মুঠ জব্দৰ পৰিমাণতকৈয়ো অধিক

আয়োগে কয় যে পদক্ষেপ কঠোৰ কৰা হ’ব আৰু অবিৰাম চলি থাকিব

Posted On: 15 APR 2024 12:19PM by PIB Guwahati

 

সাধাৰণ নিৰ্বাচন ২০২৪ প্ৰস্তুতি পৰ্ব চলি থকাৰ মুহূৰ্ততে দেশৰ লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত লিপিবদ্ধ কৰা সৰ্বাধিক পৰিমাণৰ অভিপ্ৰেৰিত ধন তথা সা-সামগ্ৰী জব্দ কৰাৰ পথত আগবাঢ়িছে ইচিআই। শুকুৰবাৰে অষ্টাদশ লোকসভা নিৰ্বাচনপ্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ধনবলৰ বিৰুদ্ধে ইচিআই-য়ে অব্যাহত ৰখা দৃঢ় যুঁজত প্ৰৱৰ্তনকাৰী সংস্থাসমূহে ৪৬৫০ কোটি টকাৰো অধিক ধন জব্দ কৰি অভিলেখ ৰচনা কৰিছে। এই পৰ্যন্ত জব্দ কৰা ধনৰ পৰিমাণে ২০১৯ চনত সমগ্ৰ লোকসভা নিৰ্বাচনৰ সময়ত জব্দ কৰা ৩৪৭৫ কোটি টকা পৰিমাণৰ জব্দকৃত ধনৰাশিকো অতিক্ৰম কৰাৰ তথ্য চিহ্নিত কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, জব্দ কৃত ৪৫%ই হৈছে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী, যাৰ বিৰুদ্ধে আয়োগে বিশেষ ত্পৰতা অভ্যাহত ৰাখিছে। ব্যাপক পৰিকল্পনা, সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু একত্ৰিত প্ৰতিৰোধ, নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু প্ৰযুক্তিৰ অনুকূল ব্যৱহাৰৰ সুবাদত জব্দকৃত ধন বা সামগ্ৰীৰ পৰিমাণ সৰ্বাধিক কৰাটো সম্ভৱ হৈছে।

নিৰ্দিষ্ট ভৌগোলিক ক্ষেত্ৰত অধিক সম্পদশালী দল বা প্ৰাৰ্থীৰ সপক্ষে ক'লা ধনৰ ব্যৱহাৰ, ৰাজনৈতিক কাম-কাজত অধিকৰো অধিক বিত্তীয় যোগান আৰু ইয়াৰ সঠিক প্ৰকাশে নিৰ্বাচনী যুঁজত প্ৰাৰ্থীসকলৰ মাজত সমানে যুঁজাৰ প্ৰেক্ষাপটটোত ব্যাঘাত জন্মাব পাৰে। জব্দ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ হৈছে প্ৰলোভন আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ মুক্ত ভাবে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে প্ৰাৰ্থীসকলক সমানে যুঁজাৰ পৰিৱেশ প্ৰদান কৰাৰ বাবে ইচিআইয়ে গ্ৰহণ কৰা সংকল্পৰ এক গুৰুত্বপূৰ্ণ অংশ। চিইচি শ্ৰী ৰাজীৱ কুমাৰে যোৱা মাহত নিৰ্বাচন ঘোষণা কৰাৰ সময়ত ধনবলক '৪-এম' প্ৰত্যাহ্বানৰ অন্যতম বুলি উল্লেখ কৰিছিল। ১২ এপ্ৰিলত চিইচি শ্ৰী ৰাজীৱ কুমাৰৰ নেতৃত্বত গঠিত আয়োগে নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ সৈতে ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলৈ যোৱা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে নিয়োজিত সকলো কেন্দ্ৰীয় পৰ্যবেক্ষকৰ পৰ্যালোচনা কৰে। প্ৰলোভন-মুক্ত নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে আলোচনাৰ কেন্দ্ৰবিন্দু আছিল কঠোৰতা অৱলম্বন, নিৰীক্ষণ আৰু পৰীক্ষণ।

জব্দকৃত ধন তথা সা-সামগ্ৰী বৰ্ধিত পৰিমাণে 'সমান যুঁজিব পৰা প্ৰেক্ষাপট' ৰচনাৰ বাবে প্ৰলোভন নিৰীক্ষণ কৰা আৰু নিৰ্বাচনী অসদাচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে ইচিআই-য়ে গ্ৰহণ কৰা, বিশেষকৈ সৰু আৰু কম সম্পদশালী দলবোৰৰ পক্ষত, অটল প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে।

Image 4

https://static.pib.gov.in/WriteReadData/userfiles/image/image002INWA.png

তামিলনাডুৰ নীলগিৰিৰ এক ঘটনাত, এজন বিশিষ্ট নেতাৰ কনভয়ত তালাচী চলোৱাৰ নামত আভুৱা ভৰা আৰু কৰ্তব্যত গাফিলতি কৰাৰ বাবে ফ্লাইং স্কোৱাডৰ এটা দলৰ নেতাগৰাকীক আয়োগে নিলম্বন কৰে। একেদৰে, বিষয়াসকলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন আৰু আন এখন ৰাজ্যত এজন উপ মুখ্যমন্ত্ৰীৰ বাহনো পৰীক্ষা কৰিছিল। আয়োগে প্ৰায় ১০৬ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিসকলে ৰাজনীতিবিদসকলক প্ৰচাৰত সহায় কৰা দেখা গৈছিল, তেওঁলোকৰ এনে কাৰ্যই নিৰ্বাচনী আচৰণ বিধি আৰু নিৰ্দেশনা উলংঘা কৰিছে।

সংসদীয় নিৰ্বাচন ঘোষণাৰ সময়ত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে আন্তঃৰাষ্ট্ৰীয় চেকপোষ্ট আৰু জিএছটি কৰ্তৃপক্ষৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা, গুদামসমূহ, বিশেষকৈ বিনামূলীয়াকৈ দিবলৈ অনা সামগ্ৰীসমূহ ৰখাৰ বাবে নিৰ্দ্ধাৰিত ভড়ালসমূহ নিবিড়ভাৱে নিৰীক্ষণ কৰিবলৈ আয়কৰ, বিমানবন্দৰ কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষক, সীমান্ত সংস্থাসমূহৰ দ্বাৰা অনিৰ্ধাৰিত বিমান আৰু হেলিকপ্টাৰৰ নিৰীক্ষণ আৰু পৰিদৰ্শনৰ ক্ষেত্ৰত বিচিএএছ-ৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাত গুৰুত্ব আৰোপ কৰে। পৰ্যালোচনাৰ সময়ত আয়োগে সকলো ধৰণৰ পৰিবহণ- পথ পৰিবহণৰ বাবে চেক পোষ্ট আৰু নাকা’, উপকূলীয় পথৰ বাবে উপকূলৰক্ষী বাহিনী আৰু হেলিকপ্টাৰ আৰু অনা-অনুসূচিত বিমানকে ধৰি বিমান পথৰ বাবে সংস্থাসমূহৰ সৈতে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে বহুমুখী নিৰীক্ষণৰ দিহা কৰাত সদায় গুৰুত্ব আৰোপ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003FTLN.jpg

১৩.০৪.২০২৪ তাৰিখে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি আৰু শ্ৰেণী অনুসৰি জব্দকৃত ধন তথা সামগ্ৰীৰ বিৱৰণ পৰিশিষ্ট –ক ত উল্লেখ কৰা হৈছে।

এয়া কেনেকৈ সম্ভৱ হৈছে?

১. নিৰ্বাচন জব্দ ব্যৱস্থাপনা প্ৰণালী (ইএছএমএছ)- প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সকলো প্ৰৱৰ্তনকাৰী সংস্থাক এটা মঞ্চত সমবেত কৰাটো এক পট-পৰিৱৰ্তনকাৰী পদক্ষেপ হিচাপে পৰিগণিত হৈছে। নিৰীক্ষণ প্ৰক্ৰিয়াত প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ লগতে ইচিআই-য়ে বিকশিত কৰা পৰ্টেল ইএছএমএছ-য়ে এক অনুঘটকৰ ভূমিকা পালন কৰিছে। তত্কালীন ভাবে ধৰা পেলোৱা আৰু জব্দকৃত সাগ্ৰীৰ তথ্য অৱগতকৰণ, জব্দকৃত সামগ্ৰীৰ পুনৰাবৃত্তি পৰিহাৰকৰণৰ বাবে নতুন উদ্ভাৱন সন্দৰ্ভত বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত পৰীক্ষা কৰা হৈছিল।

 

সকলো নিয়ন্ত্ৰণ স্তৰত দ্ৰুত আৰু সময়মতে পৰ্যালোচনা সক্ষম কৰা পৰ্টেলটোৱে ডিজিটেল ট্ৰেইল আৰু মাউচৰ এটা ক্লিকতে জব্দকৃত সামগ্ৰীৰ তথ্য উপলব্ধ কৰাত সহায় কৰে। তথ্য অনুসৰি, বিভিন্ন সংস্থাৰ ৬৩৯৮ গৰাকী জিলা নোডেল বিষয়া, ৭৩৪ গৰাকী ৰাজ্যিক নোডেল বিষয়া’, ৫৯০০০ ফ্লাইং স্কোৱাড (এফএছ) আৰু ষ্টেটিকছ ছাৰ্ভিলেঞ্চ টিম (এছএছটি)ক সম্পূৰ্ণ বাস্তৱ সময় নিৰীক্ষণ আৰু আপডেট-ৰ বাবে ইএছএমএছ প্লেটফৰ্মত সমাৱেশিত কৰা হৈছে। সকলো নোডেল বিষয়াক ইএছএমএছ ব্যৱহাৰৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হৈছে। পূৰ্বৰ সংশ্লিষ্ট নিৰ্বাচনৰ সময়ৰ ২৩৯.৩৫ কোটি টকাৰ বিপৰীতে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া ২০১৪.২৬ কোটি টকা জব্দ কৰা হৈছিল,তেতিয়া এই ব্যৱস্থাটোৱে বিশেষ দৃঢ়তা লাভ কৰিছিল। বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত সফল ৰূপায়ণ আৰু ক্ষেত্ৰখনৰ পৰা লাভ কৰা মতামতৰ আধাৰত  চলিত নিৰ্বাচনত ৰূপায়ণৰ আগতে ইয়াক পৰ্যালোচনা কৰাৰ লগতে শক্তিশালী কৰা হৈছে।

২. সতৰ্ক আৰু সম্পূৰ্ণ পৰিকল্পনা, সৰ্বাধিক সংখ্যক প্ৰৱৰ্তনকাৰী সংস্থাৰ অন্তৰ্ভুক্তি: কেন্দ্ৰ আৰু ৰাজ্য দুয়োৰে পৰা সৰ্বাধিক সংখ্যক প্ৰৱৰ্তনকাৰী সংস্থাক সংস্থাসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে একত্ৰিত কৰা হৈছে।

ক্ৰমিক নং

গোট

সংস্থাসমূহ

নগদ ধন তথা মূল্যবান ধাতু

আয়কৰ, ৰাজ্যিক আৰক্ষী, আৰবিআই, এছএলবিচি, এএআই, বিচিএএছ, ৰাজ্যিক অসামৰিক বিমান পৰিবহণ, প্ৰৱৰ্তক সঞ্চালকালয়, ডাক বিভাগ, চিআইএছএফ

সুৰা

ৰাজ্যিক আৰক্ষী, ৰাজ্যিক আবকাৰী, আৰপিএফ

নিচাযুক্ত দ্ৰব্য

ৰাজ্যিক আৰক্ষী, এনচিবি, আইচিজি, ডিআৰআই

বিনামূলীয়া সামগ্ৰী

চিজিএছটি, এছজিএছটি, ৰাজ্যিক পৰিবহণ বিভাগ, শুল্ক, ৰাজ্যিক আৰক্ষী

সীমান্ত তথা অন্যান্য সংস্থাসমূহ

আছাম ৰাইফলছ, বিএছএফ, এছএছবি, আইটিবিপি, বন বিভাগ, ৰাজ্যিক আৰক্ষী

৩. নিৰ্বাচনৰ কেইমাহমান আগতে আৰু জানুৱাৰী ২০২৪-ৰ পৰা অধিক নিবিড়ভাৱে, নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে নিৰ্বাচনত ধনৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰিছিল। তদুপৰি, জিলাসমূহত পুংখানুপুংখ পৰ্যালোচনা কৰা হৈছিল, আৰু মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি), আৰু প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে তেওঁলোকৰ প্ৰদৰ্শন মূল্যাঙ্কন কৰিবলৈ আৰু নিৰ্বাচনৰ সময়ত বিত্তীয় সম্পদৰ অপব্যৱহাৰৰ বিৰুদ্ধে অধিক সতৰ্কতা বৃদ্ধি কৰিবলৈ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকল মুখ্য নিৰ্বাচনী বিষয়া (মুখ্য কাৰ্যবাহী বিষয়া), পৰ্যবেক্ষক আৰু জিলা নিৰ্বাচনী বিষয়া (ডিইঅ')ৰ দ্বাৰা চলি থকা পৰ্যালোচনাসাপেক্ষ আলোচনা কৰা হৈছিল। প্ৰায়ে, এটা সংস্থাই কৰা আৱিষ্কাৰসমূহে আন সংস্থাসমূহৰ কাৰ্য্যক 'অৱগত আৰু নিৰ্দেশনা' প্ৰদান কৰে, যিয়ে এক একত্ৰিত আৰু ব্যাপক প্ৰতিৰোধক প্ৰভাৱ সম্ভৱ কৰি তোলে। আয়োগে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নিৰ্বাচনী ভ্ৰমণৰ সময়ত বিভিন্ন উপায়েৰে প্ৰলোভন নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সংস্থাসমূহক লৈ গঠিত যুটীয়া দল গঠনতো গুৰুত্ব আৰোপ কৰে। ফলস্বৰূপে, চৰকাৰী ঘোষণাৰ আগৰ মাহবোৰত, জানুৱাৰী আৰু ফেব্ৰুৱাৰীমাহত দেশজুৰি ৭৫০২ কোটি টকা নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যৱান ধাতু আৰু বিনামূলীয়া সামগ্ৰী জব্দ কৰা হৈছিল। ইয়াকে ধৰি এই পৰ্যন্ত জব্দকৃত ধন তথা সা-সামগ্ৰীৰ মুঠ পৰিমাণ হৈছে ১২০০০ কোটি টকাৰো অধিক আৰু নিৰ্বাচনৰ সময়ছোৱাৰ এতিয়াও ছটা সপ্তাহ বাকী আছে।

৪. সমাজত ড্ৰাগছৰ বিপদকৰ প্ৰতি অধিক গুৰুত্ব: লক্ষণীয়ভাৱে, ড্ৰাগছ জব্দ কৰাত যথেষ্ট গুৰুত্ব দিয়া হৈছে, যাৰ পৰিমাণ ২০২৪চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত জব্দকৃত মুঠ সা-সামগ্ৰীৰ প্ৰায় ৭৫% আছিল। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে নোডেল সংস্থাসমূহৰ ভ্ৰমণৰ সময়ত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত সংস্থাসমূহৰ প্ৰচেষ্টা গ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁ উল্লেখ কৰে যে নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ কলা ধন দুৰ্ব্যৱহাৰৰ আশংকাৰ লগতে ড্ৰাগছৰ ফলত সম্প্ৰদায়, বিশেষকৈ যুৱপ্ৰজন্মৰ ক্ষতিয়ে এক গুৰুতৰ সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে। আয়োগে ড্ৰাগছ সৰবৰাহৰ বাবে মুখ্য পথ আৰু কৰিডৰসমূহ চিনাক্ত কৰিবলৈ আৰু কাৰ্যকৰী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাটো নিশ্চিত কৰিবলৈ নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালকালয় আৰু ইয়াৰ জ্যেষ্ঠ বিষয়াসকলৰ সহযোগিতা স্থাপন কৰিছে। যোৱা কেইবছৰমানত গুজৰাট, পঞ্জাৱ, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰামৰ দৰে ৰাজ্যসমূহত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলবতকৰণৰ সময়কে ধৰি বিধানসভাৰ নিৰ্বাচনৰ সময়ত লক্ষণীয় পৰিমাণ ধন তথা সা-সামগ্ৰী জব্দ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004ENH2.jpg

অৰুণাচল প্ৰদেশত ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমৰ দ্বাৰা বাহনৰ পৰীক্ষা

https://static.pib.gov.in/WriteReadData/userfiles/image/image005K7TZ.jpg

কৰ্ণাটকৰ কালাবুৰাগী জিলাত সুৰা জব্দ

৫. ব্যয় সংবেদনশীল সমষ্টিৰ চিনাক্তকৰণ: ১২৩ টা সংসদীয় সমষ্টিক সতৰ্কতাৰ বাবে অধিক গুৰুত্ব দিয়া ব্যয় সংবেদনশীল সমষ্টি হিচাপে চিহ্নিত কৰা হয়। পূৰ্বৰ নিৰ্বাচনত এই সমষ্টিসমূহৰ হয় প্ৰলোভন বিতৰণৰ ইতিহাস আছে অথবা ড্ৰাগছ, নগদ ধন আৰু সুৰাৰ সম্ভাৱ্য প্ৰবাহৰ সৈতে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমা আছে।

৬. ব্যয় পৰ্যবেক্ষকৰ নিযুক্তি: ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্ত জ্যেষ্ঠ বিষয়াসকলে এক নিৰপেক্ষ আৰু প্ৰলোভনমুক্ত নিৰ্বাচনৰ বাবে আয়োগৰ চকু আৰু কাণস্বৰূপ হৈ কাৰ্য নিৰ্বাহ কৰে। সংসদীয় সমষ্টিসমূহত মুঠ ৬৫৬ গৰাকী, আৰু অৰুণাচল প্ৰদেশ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ আৰু ছিকিমৰ বিধানসভা সমষ্টিসমূহত ১২৫ গৰাকী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে অভিজ্ঞতাৰ এক উজ্জ্বল ট্ৰেক ৰেকৰ্ড থকা বিশেষ ব্যয় পৰ্যবেক্ষকসকলক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিয়োজিত কৰা হৈছে।

৭. চিভিজিলৰ ব্যৱহাৰ: আয়োগৰ চিভিজিল এপটোৱে যিকোনো প্ৰকাৰৰ প্ৰলোভন বিতৰণৰ ক্ষেত্ৰত নাগৰিকৰ পৰা পোনপটীয়াকৈ লাভ কৰা অভিযোগৰ জৰিয়তে ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াটো শক্তিশালী কৰিছে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত, নগদ ধন, সুৰা আৰু বিনামূলীয়া বিতৰণ সম্পৰ্কীয় মুঠ ৩২৬২ টা অভিযোগ লাভ কৰা হৈছে।

৮. নাগৰিকসকলক অসুবিধাত নেপেলোৱা: চলিত নিৰ্বাচনৰ আৰম্ভণিতে পৰ্যটকসকলে তৃণমূল পৰ্যায়ৰ দলসমূহৰ দ্বাৰা অপ্ৰয়োজনীয় পৰীক্ষণ আৰু অসুবিধাৰ সন্মুখীন হোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। এই বিষয়টো গুৰুত্বসহকাৰে লৈ আয়োগে পৰ্যটক আৰু নাগৰিকসকলক নিৰীক্ষণ কৰোঁতে সতৰ্কতা আৰু নম্ৰ দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সম্পৰ্কে সকলো মুখ্য নিৰ্বাচনী বিষয়াক (মুখ্য কাৰ্যবাহী বিষয়া) তৎক্ষণাৎ এক পৰামৰ্শ জাৰি কৰে। ইয়াৰ উপৰিও, আয়োগে গঠন কৰা 'জিলা অভিযোগ সমিতিসমূহক জব্দ সম্পৰ্কীয় অভিযোগৰ দ্ৰুত সমাধানৰ বাবে নিৰ্ধাৰিত স্থানত দৈনিক শুনানি অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্য কাৰ্যবাহী বিষয়া আৰু ডিইঅ'সকলক এই সমিতিসমূহৰ কাৰ্যকৰিতা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।

এই পদক্ষেপসমূহে এক ব্যাপক ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ আধাৰশিলা হিচাপে কাম কৰে, যাৰ ফলত জনসাধাৰণৰ বাবে নিম্নতম অসুবিধাৰ সৈতে জব্দকৃত সা-সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হৈছে। আগন্তুক দিনবোৰত প্ৰচাৰ তীব্ৰ হোৱাৰ লগে লগে আয়োগে ইয়াৰ প্ৰতিশ্ৰুতি অনুসৰি এক প্ৰলোভন-মুক্ত নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ সতৰ্কতা বৃদ্ধি কৰিবলৈ প্ৰস্তুত হৈ আছে।

******

DK/RP/KB

 

পৰিশিষ্ট- ক

১৩ এপ্ৰিল, ২০২৪ তাৰিখে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অনুসৰি জব্দ কৰাৰ বিৱৰণ

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/apr/ph2024415330201.jpg

 

নিৰ্বাচন জব্দ ব্যৱস্থাপনা প্ৰণালী

 

ছপাৰ তাৰিখ: ১৩.০৪.২০২৪ সন্ধিয়া ০৯:৫৩ বজাত

পৰিশোধনৰ তাৰিখ: ০১-০৩-২০২৪ ৰ পৰা ১৩-০৪-২০২৪ লৈ

 

ক্ৰমিক নং

 

ৰাজ্য

 

নগদ (কোটি টকা)

 

সুৰা

পৰিমাণ (লিটাৰ)

 

সুৰা

মূল্য (কোটি টকা)

 

ড্ৰাগছ মূল্য (কোটি টকা)

মূল্যবান ধাতু মূল্য (কোটি টকা)

বিনামূলীয়া আৰু অন্যান্য সামগ্ৰী মূল্য (কোটি টকা)

 

মূঠ (কোটি টকা))

 

 

1

আন্দামান আৰু নিকোবৰ

 

0.2283950

 

3129.11

 

0.0744660

 

2.0127000

 

0.0000000

 

0.0000000

 

2.3155610

 

2

অন্ধ্ৰ প্ৰদেশ

32.1549530

1022756.48

19.7198350

4.0635400

57.1427590

12.8933650

125.9744520

 

3

অৰুণাচল প্ৰদেশ

6.4626890

157056.59

2.8799110

0.8182360

2.6378890

0.7295980

13.5283230

 

4

অসম

3.1780990

1594842.47

19.2702290

48.7692370

44.2246890

25.6795360

141.1217900

 

5

বিহাৰ

6.7770240

845758.18

31.5729460

37.5943630

19.7613200

60.0628720

155.7685250

 

6

চণ্ডীগড়

0.9690950

29027.47

0.9157730

2.0751550

0.5269720

0.0000000

4.4869950

 

7

চত্তিশগড়

11.9818310

55690.73

1.3978870

17.1809360

2.5824360

26.3291050

59.4721950

 

8

দাদ্ৰা, দমন ডিউ আৰু নগৰ হাভেলী

0.3949850

8351.26

0.2149490

0.0000000

0.0000000

0.0000000

0.6099340

 

9

গোৱা

15.6452760

101446.04

2.3307540

3.2368700

3.7885940

1.1857350

26.1872290

 

10

গুজৰাট

6.5565420

760062.82

21.9468710

485.9946220

36.4879620

54.3495200

605.3355170

 

11

হাৰিয়ানা

3.8467740

191840.41

5.6527380

5.4925780

1.7325760

1.1865960

17.9112620

 

12

হিমাচল প্ৰদেশ

0.2235760

355123.80

5.2488070

2.2543480

0.0335000

0.1547150

7.9149460

 

13

জম্মু-কাশ্মীৰ

1.2466890

23964.59

0.6300640

2.3529220

0.0025800

0.0559150

4.2881700

 

14

ঝাৰখণ্ড

4.2282350

158054.60

3.4131010

35.1123330

0.3980360

8.6841250

51.8358300

 

15

কৰ্ণাটক

35.5380070

13052708.14

124.3380670

18.7566280

41.9368860

60.8632560

281.4328440

 

16

কেৰালা

10.9301610

49212.31

2.0053870

14.2861250

21.0896510

5.0468590

53.3581830

 

17

লাডাখ

0.0000000

18.83

0.0011580

0.0000000

0.0000000

0.0000000

0.0011580

 

18

লাক্ষাদ্বীপ

0.0000000

35.55

0.0181200

0.0556000

0.0000000

0.0000000

0.0737200

 

19

মধ্য প্ৰদেশ

13.3794000

1633114.94

25.7788940

25.8906670

8.7413820

38.4886970

112.2790400

 

20

মহাৰাষ্ট্ৰ

40.0560580

3556027.76

28.4656210

213.5643290

69.3837180

79.8780460

431.3477720

 

21

মণিপুৰ

0.0003530

36489.36

0.4067430

31.1167990

3.8523740

8.9337170

44.3099860

 

22

মেঘালয়

0.5048930

42655.42

0.6695960

26.8558810

0.0000000

7.3595450

35.3899150

 

23

মিজোৰাম

0.1119530

105488.00

3.7789580

37.1563530

0.0000000

5.8545950

46.9018590

 

24

নাগালেণ্ড

0.0000000

26537.76

0.2617410

2.9973300

0.0000000

4.9314800

8.1905510

 

25

দিল্লী ৰাজধানী এলেকা

11.2862670

67046.55

1.4250850

189.9424280

32.2370250

1.1788900

236.0696950

 

26

ওড়িশা

1.4750630

1324111.29

16.2141150

39.0155790

6.4600000

43.9682390

107.1329960

 

27

পুডুচেৰী

0.0000000

818.56

0.0173900

0.0000000

0.0000000

0.0000000

0.0173900

 

28

পাঞ্জাৱ

5.1334400

2206988.94

14.4041880

280.8158050

10.5262050

0.9652680

311.8449060

 

29

ৰাজস্থান

35.8561600

3798601.52

40.7857900

119.3799370

49.2176960

533.2869270

778.5265100

 

30

ছিক্কিম

0.3015000

6145.30

0.1195790

0.0141580

0.0000000

0.0015000

0.4367370

 

31

তামিলনাডু

53.5886800

590297.33

4.4342350

293.0253640

78.7575380

31.0436110

460.8494280

 

32

তেলেংগানা

49.1818260

685838.52

19.2125880

22.7139650

12.3893650

18.3519690

121.8497130

 

33

ত্ৰিপুৰা

0.4830040

136617.51

2.1921530

16.8726420

0.6326870

3.3093150

23.4898010

 

34

উত্তৰ প্ৰদেশ

24.3163150

1059181.84

35.3357200

53.9802710

20.6561230

11.4803120

145.7687410

 

35

উত্তৰাখণ্ড

6.1560290

67488.22

3.0093810

9.8666220

3.2938600

0.2153580

22.5412500

 

36

পশ্চিম বংগ

13.2002790

2077396.55

51.1733990

25.5883020

33.6120330

96.0305140

219.6045270

 

মুঠ (কোটি টকা)

 

 

395.3935510

 

35829924.75

 

489.3162390

 

2068.8526250

 

562.1058560

 

1142.4991800

 

4658.1674510

 

সৰ্ব মুঠ (কেটি)Grand Total (CR): ৪৬৫৮.১৬৭৪৫১০

 

                       

***



(Release ID: 2018001) Visitor Counter : 60