ভাৰতীয় নিৰ্বাচন আয়োগ

২০২৪-ৰ সাধাৰণ নিৰ্বাচন ঘোষণা কৰাৰে পৰা ‘সুবিধা পৰ্টেল’ত ৭৩,০০০ ৰো অধিক আৱেদন লাভ কৰা হৈছে; ৪৪,৬০০ তকৈয়ো অধিকলৈ জনোৱা হৈছে অনুমোদন

‘প্ৰথম আগমন প্ৰথম নিৰ্গমণ’ নীতিয়ে দল আৰু প্ৰাৰ্থীৰ বাবে নিৰপেক্ষতাৰ আধাৰত সম সুযোগ নিশ্চিত কৰিছে

‘সুবিধা পৰ্টেল’-য়ে নিৰ্বাচন ব্যৱস্থাপনাত স্বচ্ছতাক উদগণি দিছে

Posted On: 07 APR 2024 12:14PM by PIB Guwahati

নিৰ্বাচনৰ দিন ঘোষণা আৰু আদৰ্শ আচৰণ বিধি (এমচিচি) কাৰ্যকৰী হোৱাৰ পিছত মাত্ৰ ২০টা দিনৰ ব্যৱধানত ‘সুবিধা’ মঞ্চই ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ পৰা ৭৩,৩৭৯টা অনুমতি বিচাৰি জনোৱা আৱেদন লাভ কৰিছে, যাৰ ভিতৰত ৪৪,৬২৬টা অনুৰোধ (৬০%)লৈ অনুমোদন জনোৱা হৈছে। ৭ এপ্ৰিল, ২০২৪ পৰ্যন্ত উপলব্ধ বিৱৰণ অনুসৰি প্ৰায় ১১,২০০টা অনুৰোধ নাকচ কৰা হৈছে, লাভ কৰা মুঠ অনুৰোধৰ এয়া হৈছে ১৫%। ইফালে, অবৈধ তথা নকল বুলি নিৰ্ণয় কৰা ১০,৮১৯টা আবেদন বাতিল কৰা হৈছে। বাকী আৱেদনবোৰৰ প্ৰক্ৰিয়া চলি আছে।

তামিলনাডুৰ পৰা সৰ্বাধিক (২৩,২৩৯) অনুমতি সংক্ৰান্তীয় আৱেদন লাভ হৈছে আৰু ইয়াৰ পিছতে স্থান লাভ কৰিছে পশ্চিম বংগ (১১,৯৭৬) আৰু মধ্য প্ৰদেশ (১০,৬৩৬)য়ে। চণ্ডিগড় (১৭), লক্ষদ্বীপ (১৮) আৰু মণিপুৰ (২০)ৰ পৰা নিম্নতম অনুৰোধ লাভ কৰা হৈছে। এই পৰ্যন্ত লাভ কৰা ৰাজ্য ভিত্তিক আৱেদনৰ তথ্য  পৰিশিষ্ট- ক-ত উল্লেখ কৰা হৈছে।

মুক্ত, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচনৰ গণতান্ত্ৰিক নীতিসমূহ বৰ্তাই ৰখাৰ বাবে ‘ইচিআই’-য়ে বিকশিত কৰা এক প্ৰযুক্তিগত সমাধান হৈছে এই ‘সুবিধা’ পৰ্টেল। এক আকৰ্ষণীয় ‘ট্ৰেক ৰেকৰ্ড’ প্ৰদৰ্শন কৰি সুবিধা পৰ্টেল-য়ে নিৰ্বাচনৰ সময়ছোৱাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ পৰা অনুমতি আৰু সুবিধা আদায়ৰ বাবে অনুৰোধ লাভ কৰা আৰু কাম কৰাৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰি তুলিছে।

 

নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ গুৰুত্ব স্বীকাৰ কৰি, য'ত দল আৰু প্ৰাৰ্থীসকলে ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ বাবে কাৰ্যকলাপত লিপ্ত হয়, ‘সুবিধা’ পৰ্টেল-য়ে ‘প্ৰথম আগমন প্ৰথম নিৰ্গমণ’ নীতিত স্বচ্ছভাৱে বিভিন্ন ধৰণৰ অনুৰোধৰ বিপৰীতে অনুমতি প্ৰদান কৰে। ই নিৰ্বাচনী সমাৱেশৰ আয়োজন, দলৰ অস্থায়ী কাৰ্যালয় খোলা, ঘৰে ঘৰে প্ৰচাৰৰ পদক্ষেপ গ্ৰহণ কৰা, ভিডিঅ' ভান, হেলিকপ্টাৰ, বাহনৰ অনুমতি লাভ কৰা, পত্ৰিকা বিতৰণ কৰাৰ অনুমতি প্ৰদান কৰে।

সুবিধা পৰ্টেলৰ বিষয়ে- ইচিআইআইটি পৰিস্থিতিতন্ত্ৰত গুৰুত্বপূৰ্ণ প্ৰয়োগ

ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে যিকোনো স্থানৰ পৰা, যিকোনো সময়তে অনলাইনত ‘সুবিধা’ পৰ্টেল (https://suvidha.eci.gov.in)ৰ জৰিয়তে অনুমতিৰ বাবে অনুৰোধ দাখিল কৰিব পাৰে। ইয়াৰ উপৰিও, সকলো অংশীদাৰৰ বাবে অন্তৰ্ভুক্তি আৰু সমান সুযোগ নিশ্চিত কৰিবলৈ ‘অফলাইন’ ব্যৱস্থাৰে আৱেদন দাখিলৰ বিকল্পও উপলব্ধ আছে।

ৰাজ্যৰ বিভিন্ন বিভাগৰ ‘নোডেল বিষয়া’সকলৰ দ্বাৰা পৰিচালিত এক শক্তিশালী তথ্য প্ৰযুক্তি মঞ্চৰ দ্বাৰা সমৰ্থিত, ‘সুবিধা’ পৰ্টেল-য়ে অনুমতিৰ বাবে জনোৱা অনুৰোধৰ দক্ষ প্ৰক্ৰিয়াকৰণত সহায় কৰে। ‘সুবিধা’-ৰ এটা সহযোগী ‘এপ্’-ও আছে, যি আৱেদনকাৰীসকলক প্ৰকৃত সময়ত তেওঁলোকৰ অনুৰোধৰ স্থিতি অনুসৰণ কৰিবলৈ সক্ষমতা প্ৰদান কৰে, প্ৰক্ৰিয়াটোত অধিক সুবিধা আৰু স্বচ্ছতা যোগ দিয়ে। ‘এপ্’-টো ‘আইঅ’এছ’ আৰু ‘এণ্ড্ৰইড প্লেটফৰ্ম’ত উপলব্ধ।

‘সুবিধা প্লেটফৰ্ম’-য়ে কেৱল নিৰ্বাচন প্ৰক্ৰিয়াৰ দক্ষতা বৃদ্ধি কৰাই নহয়, বৰঞ্চ ‘এছএমএছ’ৰ জৰিয়তে আৱেদন, স্থিতি ‘আপডেট’, ‘টাইমষ্টেম্প’ দাখিল আৰু যোগাযোগৰ বাস্তৱ-সময় ‘ট্ৰেকিং’-ৰো সুবিধা প্ৰদান কৰি স্বচ্ছতা নিশ্চিত কৰে। তদুপৰি, ‘পৰ্টেল’টোত উপলব্ধ অনুমতি সংক্ৰান্তীয় তথ্যই নিৰ্বাচনী ব্যয় পৰীক্ষা কৰাৰ বাবে এক মূল্যৱান সমল হিচাপে কাম কৰে, যি নিৰ্বাচনী প্ৰক্ৰিয়াৰ অধিক দায়বদ্ধতা আৰু অখণ্ডতাত অৰিহণা যোগায়।

‘সুবিধা মঞ্চ’-ৰ জৰিয়তে ‘ভাৰতৰ নিৰ্বাচন আয়োগ’-য়ে এক নিৰপেক্ষ, দক্ষ আৰু স্বচ্ছ নিৰ্বাচনী পৰিৱেশৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰে, য'ত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে প্ৰয়োজনীয় অনুমতি আৰু অনুমোদনৰ সমান প্ৰৱেশ-অনুকূলতা লাভ কৰে।

 

 

পৰিশিষ্ট- ক:

ক্ৰমিক নং

ৰাজ্য          

মুঠ আৱেদন

অন্ধ্ৰ প্ৰদেশ

১১৫৩

অসম

২৬০৯

বিহাৰ

৮৬১

গোৱা

২৮

গুজৰাট

৬৪৮

হাৰিয়ানা

২০৭

হিমাচল প্ৰদেশ

১২৫

কৰ্ণাটক

২৬৮৯

কেৰালা

১৪১১

১০

মধ্য প্ৰদেশ

১০৬৩৬

১১

মহাৰাষ্ট্ৰ

২১৩১

১২

মণিপুৰ

২০

১৩

মেঘালয়

১০৪৬

১৪

মিজোৰাম

১৯৪

১৫

নাগালেণ্ড

৪৬

১৬

ওড়িশা

৯২

১৭

পঞ্জাৱ

৬৯৬

১৮

ৰাজস্থান

২০৫২

১৯

ছিক্কিম

৪৪

২০

তামিল নাডু

২৩২৩৯

২১

ত্ৰিপুৰা

২৮৪৪

22

উত্তৰ প্ৰদেশ

৩২৭৩

২৩

পশ্চিম বংগ

১১৯৭৬

২৪

চত্তিশগড়

৪৭২

২৫

ঝাৰখণ্ড

২৭০

২৬

উত্তৰাখণ্ড

১৯০৩

২৭

তেলেংগাণা

৮৩৬

২৮

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

৪৬৮

২৯

চণ্ডীগড়

১৭

৩০

দাদ্ৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ

১০৮

৩১

দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ

৫২৯

৩২

লাক্ষাদ্বীপ

১৮

৩৩

পুডুচেৰী

৩৫৫

৩৪

জম্মু আৰু কাশ্মীৰ

৩৮৩

 

মুঠ

৭৩,৩৭৯

 

***************

DK/RP/KB



(Release ID: 2017406) Visitor Counter : 52