ভাৰতীয় নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন-২০২৪ত ভোটদান বৃদ্ধিৰ বাবে নিৰ্বাচিত জিলাসমূহৰ পৌৰ আয়ুক্ত আৰু ডিইঅ’সকলৰ সৈতে ‘কনফাৰেন্স অন ল’ ভোটাৰ টাৰ্ণআউট’ অনুষ্ঠিত কৰে

লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপৰ বাবে ২৬৬ নগৰীয়া আৰু গ্ৰামীণ সমষ্টিৰ বাবেভোটদান ৰূপায়ণ পৰিকল্পনা

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে পৌৰ আয়ুক্ত আৰু জিলা নিৰ্বাচন বিষয়াসকলক ভোটাৰসকলে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে আত্ম-প্ৰেৰণা লাভ কৰাএক অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে

Posted On: 05 APR 2024 4:37PM by PIB Guwahati

আগন্তুক সাধাৰণ নিৰ্বাচন-২০২৪ৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগে (ECI)পূৰ্বৰ সাধাৰণ নিৰ্বাচনত ভোটদান কম হোৱা সংসদীয় সমষ্টিসমূহত (PC) এইবাৰ ভোটদান বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টা ত্বৰান্বিত কৰিছে। আজি নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত এক দিনজোৰা ‘কনফাৰেন্স অন ল’ ভোটাৰ টাৰ্ণআউট’ত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰধান চহৰসমূহৰ পৌৰ আয়ুক্ত আৰু নিৰ্বাচিত জিলা নিৰ্বাচনী বিষয়া (DEO)সকলে একেলগে আলোচনাৰেচিনাক্তকৃত নগৰীয়া আৰু গ্ৰামীণ সংসদীয় সমষ্টিসমূহত ভোটাৰক সংযোগ আৰু তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক কৰ্মপন্থা যুগুত কৰে। এই সন্মিলনত অধ্যক্ষতা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৱে। ইয়াতে আয়োগে ভোটাৰৰ উদাসীনতা সম্পৰ্কীয় এখনি পুস্তিকা উন্মোচন কৰে।

১১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী-এনচিটি, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলেংগানা, গুজৰাট, পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ডত ভোট দানৰ হাৰ ২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় গড় ৬৭.৪০%তকৈ কম। ২০১৯ত ৰাষ্ট্ৰীয় গড়তকৈ কম ভোটদানৰ হাৰ লাভ কৰা চিনাক্তকৃতএই ১১খন ৰাজ্যৰ মুঠ ৫০টা গ্ৰামীণসংসদীয় সমষ্টিৰ ভিতৰত ৪০টা সমষ্টি উত্তৰ প্ৰদেশৰ (২২টা সমষ্টি) আৰু বিহাৰৰ (১৮ টা সমষ্টি)। উত্তৰ প্ৰদেশত ৫১-ফুলপুৰ সমষ্টিত সৰ্বনিম্ন ভোটদান ৪৮.৭%, আনহাতে বিহাৰত ২৯-নালন্দা সমষ্টিত সৰ্বনিম্ন ভোটদান ৪৮.৭৯%।

পৌৰ আয়ুক্ত আৰু ডিইঅ’সকলক সম্বোধনেৰেমুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে কয় যে ভোটদানৰ হাৰ নিম্ন মুঠ ২৬৬টা সমষ্টি (২১৫টা গ্ৰামীণ আৰু ৫১টা নগৰীয়া) চিনাক্ত কৰা হৈছে আৰু আজি সংশ্লিষ্ট সকলো পৌৰ আয়ুক্ত, ডিইঅ’ আৰু ৰাজ্যিক চিইঅ’ক আমন্ত্ৰণেৰে লক্ষ্য নিৰ্ধাৰণেৰে ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ উপায় নিৰ্ণয়ৰ প্ৰয়াস কৰা হৈছে। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰৰ সুবিধাৰাজিৰভিতৰত তিনিটা ক্ষেত্ৰৰ কৌশলত গুৰুত্ব আৰোপ কৰে,যথাঃভোটাৰৰ শাৰী ব্যৱস্থাপনা, জনবহুল অঞ্চলত পাৰ্কিঙৰ সুবিধা; লক্ষ্য নিৰ্ধাৰিত আউটৰিচ আৰু যোগাযোগতথা ভোটকেন্দ্ৰলৈ আহিবলৈ ভোটাৰসকলক বুজাবলৈ আৰডব্লিউএ, স্থানীয় আইকন আৰু যুৱ প্ৰভাৱশালীসকলৰ দৰে গুৰুত্বপূৰ্ণ অংশীদাৰসকল সংযুক্ত হোৱা।

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে অংশগ্ৰহণ বৃদ্ধি আৰু মনোভাৱ পৰিৱৰ্তনৰ বাবে বুথ অনুসাৰে একচন প্লেন প্ৰস্তুত কৰিবলৈ তেওঁলোকক নিৰ্দেশনা প্ৰদানকৰে। তেওঁ সকলো এমচি আৰু ডিইঅ’ক চহৰ আৰু গ্ৰামাঞ্চলৰ বাবে ভিন্ন কৌশল প্ৰস্তুত কৰিবলৈ কয় তথা সেই অনুসৰি মধ্যৱৰ্তিতাৰ পৰিকল্পনা কৰিবলৈ কয়। তেওঁ জোৰ দি কয়, “এটাপন্থাই সকলোৰে বাবে উপযুক্ত” পদ্ধতিৰেঈপ্সিত ফল লাভ নহয়। ভোটাৰসকলৰ মনত আগন্তুক গণতান্ত্ৰিক উৎসৱত অংশগ্ৰহণেৰেগৌৰৱৰ বীজ সিঁচিব পৰাকৈকাম কৰিবলৈয়োতেওঁআহ্বান জনায়। তেওঁ এনে এক আন্দোলনৰ আহ্বান জনায়, যাৰ জৰিয়তেভোটাৰ ৰাইজে ভোটদানৰ বাবে আত্ম-প্ৰেৰণা লাভ কৰে।

আয়োগ আৰু মূল অংশীদাৰসকলৰ সহযোগিতামূলক প্ৰচেষ্টা হিচাপে অনুষ্ঠিত এই সন্মিলনত ভোটাৰসকলৰ উদাসীনতাৰে মোকাবিলা কৰিবলৈ, লজিষ্টিক কাৰ্য্য-কলাপ সুশৃংখলিত কৰিবলৈ আৰু ভোটদান বৃদ্ধিৰ বাবে এক বিস্তৃত কাৰ্য্য পৰিকল্পনা যুগুতত গুৰুত্ব আৰোপ কৰা হয়। ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰীৰ ব্যৱস্থাপনাক সুচল কৰি তোলা, সুচল স্থানত ভোটদানৰ সুবিধা প্ৰদানআৰু প্ৰভাৱশালী পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কাৰ্য্যসূচীৰ ফলপ্ৰসূতা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰা হয়।

অংশীদাৰিত্ব আৰু অন্তৰ্ভুক্তিত বিশেষ গুৰুত্ব আৰোপেৰেআয়োগে পৌৰ আয়ুক্ত আৰু ডিইঅ’সকলক এই পদক্ষেপত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়। ভোটদান বৃদ্ধিৰ বাবে নগৰীয়া নিৰ্দিষ্ট বাধাসমূহ চিনাক্ত কৰা আৰু চহৰ অনুসাৰে নিৰ্দিষ্ট হস্তক্ষেপৰ পৰিকল্পনা তথা বিষয়াসকলক তেওঁলোকৰ সমষ্টিৰ অনন্য প্ৰয়োজন আৰু জনগাঁথনিৰ সৈতে পৰিচয়কৰণ, অঞ্চল-নিৰ্দিষ্ট আউটৰিচ কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ উৎসাহ যোগোৱা হয়। এই দৃষ্টিভংগীৰে সংগতি ৰাখি আয়োগে এছভিইইপিৰ অধীনত এলানি ভোটাৰ সজাগতা অভিযানৰ ৰূপৰেখা দাঙি ধৰে, ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ

  • ৰাজহুৱা পৰিবহণ আৰু অনাময় বাহনসমূহক গুৰুত্বপূৰ্ণ নিৰ্বাচনী বাৰ্তাৰে সজ্জিতকৰণ।
  • ব্যাপক প্ৰচাৰৰ বাবে ইউটিলিটি বিলসমূহত ভোটাৰ সজাগতামূলক বাৰ্তা অন্তৰ্ভুক্তকৰণ।
  • আৱাসী কল্যাণ সংস্থা (RWA) আৰু ভোটাৰ সজাগতা মঞ্চৰ সৈতে সহযোগিতা কৰা।
  • উদ্যান, বজাৰআৰু মলৰ দৰে জনপ্ৰিয় ৰাজহুৱা স্থানত তথ্যসমৃদ্ধ অধিবেশন আয়োজন কৰা।
  • ভোটাৰসকলৰ আগ্ৰহ জগাই তুলিবলৈ মাৰাথন, ৱাকাথনআৰু চাইক্ল’থনৰ দৰে আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা।
  • ভোটাৰ শিক্ষা সমলৰ প্ৰচাৰৰ বাবে হৰ্ডিং, ডিজিটেল স্থান, কিয়স্কআৰু কমন চাৰ্ভিচ চেন্টাৰ (CSC)কে প্ৰমুখ্য কৰি ভিন্ন প্লেটফৰ্ম ব্যৱহাৰ কৰা।
  • ভোটাৰসকলৰ মাজত ব্যাপক প্ৰচাৰ আৰু তেওঁলোকক জড়িতকৰণৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্মক ব্যৱহাৰ কৰা।

এই সন্মিলনত দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, পুনে, থানে, নাগপুৰ, পাটনা চাহিব, লক্ষ্ণৌ আৰু কানপুৰৰ পৌৰ আয়ুক্তসকলৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচিত জিলা নিৰ্বাচনী বিষয়াসকলে অংশগ্ৰহণ কৰে।এই সন্মিলনত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ মুখ্য নিৰ্বাচন বিষয়াই (CEO) অংশগ্ৰহণৰ সমান্তৰালকৈ ৭খন ৰাজ্য ক্ৰমে কৰ্ণাটক, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু পঞ্জাৱৰ চিইঅ’সকলে ভাৰ্চুৱেলভাৱে যোগদান কৰে।

 

পটভূমিঃ

২০১৯ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত প্ৰায় ২৯৭ নিযুত যোগ্য ভোটাৰে ভোটদান নকৰাৰ পৰিপ্ৰেক্ষিতত এনে প্ৰয়াস কৰা হৈছে। তদুপৰি, ভিন্ন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনে নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি নগৰীয়া উদাসীনতাৰ কথাটোপ্ৰকট কৰি তুলিছে, যাৰ বাবে লক্ষ্য নিৰ্ধাৰণেৰেমধ্যৱৰ্তিতা অৱলম্বন আৰু সহযোগিতামূলক প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

 

 

২০১৯ৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ হাৰ সৰ্বনিম্ন হোৱা ৫০ সমষ্টিৰ ভিতৰত ১৭ সমষ্টিয়েই মহানগৰ বা চহৰৰ, যিয়ে নগৰীয়া উদাসীনতাৰ এক দুৰ্ভাগ্যজনক ধাৰা প্ৰতিফলিত কৰিছে। বিগত কেইটামান বিধানসভা নিৰ্বাচনতো একে ধাৰা দেখা গৈছে। ২০২২ৰ গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনত উদ্যোগিক প্ৰতিষ্ঠান থকা কচ্ছ জিলাৰ গান্ধীধাম সমষ্টিত ভোটদানৰ হাৰ সৰ্বনিম্ন ৪৮.১৪% হয়।যি ২০১৭ৰ নিৰ্বাচনতকৈ প্ৰায় ৬% হ্ৰাস পায়। একেদৰে, ২০২২ৰ হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনতছিমলা জিলাৰ (ৰাজ্যিক ৰাজধানী) ছিমলা সমষ্টিতভোটদানৰ হাৰ সৰ্বনিম্ন ৬৩.৪৮%। ইয়াৰ বিপৰীতে ৰাজ্যখনত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৭৫.৭৮%। দেখা গৈছে যে চুৰাটৰ নগৰীয়া বিধানসভা সমষ্টিতকৈ সকলো গ্ৰামীণ বিধানসভা সমষ্টিতে শতাংশ হিচাপত অধিক ভোটদান সম্পন্ন হৈছে। চুৰাটৰ সৰ্বাধিক ভোটদান কৰা গ্ৰাম্য সমষ্টি আৰু সৰ্বনিম্ন ভোটদান কৰা নগৰীয়া সমষ্টিৰ ভোটদানৰ হাৰৰ পাৰ্থক্য ২৫% পৰ্য্যন্ত। একেদৰে, ২০২৩ৰ কৰ্ণাটকৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত বেংগালুৰু (বেংগালুৰু দক্ষিণ)ৰবোম্মানাহল্লী সমষ্টিত ৰাজ্যিক গড় ভোটদানৰহাৰ ৭৩.৮৪%ৰ তুলনাত ৪৭.৫% সৰ্বনিম্ন ভোটদান সম্পন্ন হয়।

লোকসভা-২০১৯ৰ সাধাৰণ নিৰ্বাচনত সৰ্বনিম্ন ভোটদানৰ (VTR) ৫০ টা সংসদীয় সমষ্টিৰ (PC) তালিকা

ক্ৰমিক নং

ৰাজ্যৰ নাম

সমষ্টিৰ নং

সমষ্টিৰ নাম

সমষ্টিৰ ভোটদান (%)

ৰাজ্যিক ভোটদান (%)

জম্মু আৰু কাশ্মীৰ

অনন্তনাগ

৮.৯৮

৪৪.৯৭

জম্মু আৰু কাশ্মীৰ

শ্ৰীনগৰ

১৪.৪৩

৪৪.৯৭

জম্মু আৰু কাশ্মীৰ

বাৰামুলা

৩৪.৬০

৪৪.৯৭

তেলেংগানা

হায়দৰাবাদ

৪৪.৮৪

৬২.৭৭

মহাৰাষ্ট্ৰ

২৪

কল্যাণ

৪৫.৩১

৬১.০২

বিহাৰ

৩০

পাটনা চাহিব

৪৫.৮০

৫৭.৩৩

তেলেংগানা

চেকেন্দ্ৰাবাদ

৪৬.৫০

৬২.৭৭

উত্তৰ প্ৰদেশ

৫১

ফুলপুৰ

৪৮.৭০

৫৯.২১

বিহাৰ

২৯

নালন্দা

৪৮.৭৯

৫৭.৩৩

১০

বিহাৰ

৩৫

কাৰাকত

৪৯.০৯

৫৭.৩৩

১১

মহাৰাষ্ট্ৰ

২৫

থানে

৪৯.৩৯

৬১.০২

১২

তেলেংগানা

মালকজগিৰি

৪৯.৬৩

৬২.৭৭

১৩

বিহাৰ

৩৯

নৱাদা

৪৯.৭৩

৫৭.৩৩

১৪

মহাৰাষ্ট্ৰ

৩৪

পুনে

৪৯.৮৯

৬১.০২

১৫

মহাৰাষ্ট্ৰ

৩১

মুম্বাই দক্ষিণ

৫১.৫৯

৬১.০২

১৬

উত্তৰ প্ৰদেশ

৪৩

কানপুৰ

৫১.৬৫

৫৯.২১

১৭

বিহাৰ

৩৬

জাহানাবাদ

৫১.৭৬

৫৭.৩৩

১৮

বিহাৰ

৩২

আৰহ

৫১.৮১

৫৭.৩৩

১৯

উত্তৰ প্ৰদেশ

৫২

এলাহাবাদ

৫১.৮৩

৫৯.২১

২০

উত্তৰ প্ৰদেশ

৫৮

শ্ৰাৱস্তি

৫২.০৮

৫৯.২১

২১

উত্তৰ প্ৰদেশ

৫৯

গোণ্ডা

৫২.২০

৫৯.২১

২২

উত্তৰ প্ৰদেশ

৬০

ডোমৰীয়াগঞ্জ

৫২.২৬

৫৯.২১

২৩

উত্তৰাখণ্ড

আলমোৰা

৫২.৩১

৬১.৮৮

২৪

মহাৰাষ্ট্ৰ

২৩

ভীৱণ্ডী

৫৩.২০

৬১.০২

২৫

তেলেংগানা

১০

চেভেল্লা

৫৩.২৫

৬২.৭৭

২৬

উত্তৰ প্ৰদেশ

৭৮

ভাদোহী

৫৩.৫৩

৫৯.২১

২৭

উত্তৰ প্ৰদেশ

৩৯

প্ৰতাপগড়

৫৩.৫৬

৫৯.২১

২৮

বিহাৰ

৩৭

ঔৰংগাবাদ

৫৩.৬৭

৫৭.৩৩

২৯

মহাৰাষ্ট্ৰ

২৯

মুম্বাই উত্তৰ চেন্ট্ৰেল

৫৩.৬৮

৬১.০২

৩০

কৰ্ণাটক

২৬

বেংগালুৰু দক্ষিণ

৫৩.৭০

৬৮.৮১

৩১

বিহাৰ

মধুবনী

৫৩.৮১

৫৭.৩৩

৩২

বিহাৰ

১৯

মহাৰাজগঞ্জ

৫৩.৮২

৫৭.৩৩

৩৩

বিহাৰ

৩৩

বাক্সাৰ

৫৩.৯৫

৫৭.৩৩

৩৪

উত্তৰ প্ৰদেশ

৩৭

আমেথি

৫৪.০৮

৫৯.২১

৩৫

উত্তৰ প্ৰদেশ

৬২

সন্ত কবীৰ নগৰ

৫৪.২০

৫৯.২১

৩৬

কৰ্ণাটক

২৫

বেংগালুৰু চেন্ট্ৰেল

৫৪.৩২

৬৮.৮১

৩৭

উত্তৰ প্ৰদেশ

৭২

বালিয়া

৫৪.৩৫

৫৯.২১

৩৮

মহাৰাষ্ট্ৰ

২৭

মুম্বাই উত্তৰ পশ্চিম

৫৪.৩৭

৬১.০২

৩৯

উত্তৰ প্ৰদেশ

৫৭

কৈছেৰগঞ্জ

৫৪.৩৯

৫৯.২১

৪০

মধ্য প্ৰদেশ

ভিন্দ

৫৪.৫৩

৭১.২০

৪১

উত্তৰ প্ৰদেশ

৫০

কৌশম্বী

৫৪.৫৬

৫৯.২১

৪২

বিহাৰ

৩৪

সাছাৰাম (SC)

৫৪.৫৭

৫৭.৩৩

৪৩

বিহাৰ

১৮

ছিৱান

৫৪.৭৩

৫৭.৩৩

৪৪

কৰ্ণাটক

২৪

বেংগালুৰু উত্তৰ

৫৪.৭৬

৬৮.৮১

৪৫

উত্তৰ প্ৰদেশ

৩৫

লক্ষ্ণৌ

৫৪.৭৮

৫৯.২১

৪৬

উত্তৰ প্ৰদেশ

৬৮

লালগঞ্জ

৫৪.৮৬

৫৯.২১

৪৭

বিহাৰ

২৮

মুংগাৰ

৫৪.৯০

৫৭.৩৩

৪৮

মহাৰাষ্ট্ৰ

১০

নাগপুৰ

৫৪.৯৪

৬১.০২

৪৯

উত্তৰাখণ্ড

গড়ৱাল

৫৫.১৭

৬১.৮৮

৫০

ৰাজস্থান

১০

কৰৌলী-ঢোলপুৰ

৫৫.১৮

৬৬.৩৪

টোকাঃনীলাৰঙৰ শাৰীত থকাসংসদীয় সমষ্টিসমূহক (PC) মেট্ৰ' বা চহৰৰ অন্তৰ্গতসমষ্টি হিচাপে চিনাক্ত কৰা হৈছে।

এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাই আয়োগে ভোটাৰক সংযোগ আৰু অংশগ্ৰহণক পুনৰ সজীৱকৰণৰ লক্ষ্যৰে একাধিক পদক্ষেপ ৰূপায়ণ কৰিছে, এইসমূহ হৈছেঃ

  • ভোটগ্ৰহণ কেন্দ্ৰসমূহত লক্ষ্য নিৰ্ধাৰিত হস্তক্ষেপৰ বাবে ভোটদান ৰূপায়ণ পৰিকল্পনা (TIP) যুগুত।
  • ভিন্ন জনগাঁথনিগত গোটসমূহক পৰিচালনা কৰা ভোটকেন্দ্ৰসমূহৰ বাবে জিলা-নিৰ্দিষ্ট বিষয়বস্তু (Theme) যুগুত।
  • ভোটাৰসকলৰ মাজত প্ৰসাৰ আৰু সজাগতা প্ৰচেষ্টা সম্প্ৰসাৰণৰ বাবে মূল অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰা।
  • কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে শিক্ষা ব্যৱস্থাত নিৰ্বাচনী সাক্ষৰতাক অন্তৰ্ভুক্ত কৰা।
  • যুৱ ভোটাৰসকলৰ সৈতে সংযোগ স্থাপন আৰু তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ ৰাষ্ট্ৰীয় আইকনসমূহক নিয়োজিত কৰা।
  • #MeraVoteDeshkeLiyeৰ দৰে সংহত মাল্টিমিডিয়া অভিযান আৰু লক্ষ্য নিৰ্ধাৰিত পদক্ষেপ আৰম্ভ কৰা।
  • ভোটকেন্দ্ৰসমূহত নবীকৃত নিৰ্বাচনী তালিকা আৰু সুগমতা-অনুকূল আন্তঃগাঁথনি নিশ্চিত কৰা।
  • নাগৰিকৰ অংশগ্ৰহণ আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে আইটি এপ্লিকেচনৰ ব্যৱহাৰক প্ৰোৎসাহিতকৰণ।
  • নিৰ্বাচনৰ নিৰৱচ্ছিন্ন পৰিচালনাৰ বাবে নিৰ্বাচনী বিষয়াসকলক নিৰন্তৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰা।

আয়োগ নাগৰিকসকলক সক্ৰিয়ভাৱে জড়িতকৰণ আৰু ভোটাৰসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বাধাসমূহ আঁতৰাই এক স্পন্দনশীল গণতন্ত্ৰক পুনৰ এবাৰ উদ্ভাসিত কৰিবলৈ সংকল্পবদ্ধ।

******

DK/RP/SB
 



(Release ID: 2017285) Visitor Counter : 145