প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীযুত বিল গেটছক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 29 FEB 2024 11:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত শ্ৰীযুত বিল গেটছক সাক্ষাৎ কৰে৷ দুয়োগৰাকী ব্যক্তিয়ে জনতাৰ সুবিধাৰ্থে কৃত্ৰিম বুদ্ধিমত্তা; মহিলাকেন্দ্ৰিক উন্নয়ন; কৃষি, স্বাস্থ্য, আৰু জলবায়ু ক্ষেত্ৰত উদ্ভাৱনৰ সন্দৰ্ভত আলোচনা কৰে৷

শ্ৰী মোদীয়ে কয় যে তেওঁলোকে এনে খণ্ডৰ বিষয়ে আলোচনা কৰিছে, যিয়ে আমাৰ পৃথিৱীখনক উন্নত কৰি তুলিব আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সবল কৰিব।

বিল গেটছৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

“সঁচাকৈয়ে এখন সুন্দৰ বৈঠক! আমাৰ পৃথিৱীখনক উন্নত কৰি তোলা আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সবলীকৰণ কৰা খণ্ডসমূহৰ বিষয়ে আলোচনা কৰাটো সদায় আনন্দৰ কথা৷ @BillGates”

***

DS/ST/DB



(Release ID: 2016486) Visitor Counter : 16